৪০ বছৰ ধৰি লুকাচুৰিঃ অৱশেষত সন্ধান পালে পোহনীয়া কাছৰ

0 35

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ জুন : মা হেৰালে মাক পোৱা নাযায়, কিন্তু কাছ (Turtle) হেৰালে? মনলৈ এই প্ৰশ্ন আহিব অলপ সময়ৰ বাবে হ’লেও, যেতিয়া আপুনি জানিব, ৪০ বছৰ পিছত হেৰাই যোৱা পোহনীয়া কাছ এটা বিচাৰি পালে এটা পৰিয়ালে। ঘটনাটো ঘটিছে ব্রাজিলৰ সকলোতকৈ বৃহৎ চহৰ ৰিঅ’ ডি জেনেৰিয়’ত (Rio de Janeiro) । জনা গৈছে যে, এটা পৰিয়ালে ১৯৮২ চনত হেৰুৱাইছিল তেওঁলোকৰ পোহনীয়া কাছ মেনুৱেলাক। ঘৰত যেতিয়া মেৰামতিৰ কাম চলিছিল, সেই সময়তেই খোলা দৰজা পাই ওলাই যায় কাছটো, এনেদৰেই অনুমান কৰিছিল ঘৰৰ সকলোৱে। প্রায় ৪০ বছৰ পিছত ঘৰৰ মুৰব্বী লিঅ’নেলৰ মৃত্যু হ’ল। তেওঁৰ সন্তানসকল ঘৰলৈ আহিল। তাৰ পিছতেই তেওঁলোকে দেখে যে এটা কোঠাত জমা আছিল বহুখিনি টুকুৰা-টুকুৰ সামগ্ৰী। সেইবোৰেৰে আৰু কিবাকিবি তৈয়াৰ কৰা হ’ব বুলি অনুমান কৰা হৈছিল। এনে সময়তে, এটা বাকচৰ ভিতৰৰ পৰা টেপ ৰেকর্ডাৰৰ ওচৰৰ পৰা মাত দিয়ে তেওঁলোকৰ হেৰাই যোৱা পোহনীয়া মেনুৱেলাই। কেৱল সেয়াই নহয়, তেওঁলোকে এইটোও আৱিস্কাৰ কৰে যে, তেওঁলোকৰ পোহনীয়াটো আচলতে পুৰুষ। সেয়ে নতুন নামকৰণ কৰা হয় তাৰ। আপাতত মেনুৱেল নামটোৱেই বিখ্যাত এই গল্পৰ নায়কৰ। অনুমান কৰা হৈছে, কোনো ৰকমে পোক পৰুৱাৰ ওপৰতেই জীৱন ধাৰণ কৰিছিলে মেনুৱেলে। পুৰণি বন্ধুক ঘূৰাই পাই পৰিয়ালটোৱে আকৌ এবাৰ আনন্দৰ মুখ দেখিছে। যদিও সাধাৰণ জ্ঞানৰ বাবে কৈ থোৱা ভাল যে, একোটা কাছৰ আয়ুস সাধাৰণতে ২৫৫ বছৰ আৰু পানী তথা খাদ্য অবিহনে তিনি বছৰ কটাই দিব পাৰে এইবিধ উভচৰে। আৰু এই বিশেষ বৈশিষ্ট্যৰ বাবেই টিকি আছিল প্রাণীটো। অৱশ্যে বিজ্ঞানে যিয়েই নকওক, সুখী পৰিয়ালৰ সকলো।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More