৪০ হাজাৰ টকাত উপলব্ধ হ’ব ১ লাখ টকীয়া লেপটপ

‘মেড ইন ইণ্ডিয়া’ ছেমিকণ্ডাক্টৰে আনিব পৰিৱৰ্তন

0 29

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৪ ছেপ্টেম্বৰ : অহা দুবছৰত ভাৰতত লেপটপ আৰু ম’বাইলৰ দাম কমি আহিব পাৰে। এতিয়া ১ লাখ টকাৰ মূল্যৰ লেপটপৰ মূল্য ৪০ হাজাৰলৈ নামি আহিব পাৰে। এই কথা দাবী কৰিছে বেদান্ত নিগমৰ অধ্যক্ষ অনিল আগৰৱালাই। ফক্সকনৰ সৈতে যৌথ উদ্যোগত ১.৫৪ লাখ কোটি টকা ব্যয় সাপেক্ষে গুজৰাটত এটা নতুন অৰ্ধপৰিবাহী কাৰখানা স্থাপন কৰিছে বেদান্তই। দেশত এবাৰ অৰ্ধপৰিবাহী নিৰ্মাণৰ কাম আৰম্ভ হ’লেই বহিঃৰাষ্ট্ৰৰ পৰা আমদানি কৰাৰ প্ৰয়োজন নাই। ফলত লেপটপ-ম’বাইল ফোনৰ দৰে অৰ্ধপৰিবাহী ব্যৱহাৰ কৰি তৈয়াৰ কৰা সামগ্ৰীৰ দাম আকাশ পাতাল পৰিৱৰ্তন ঘটিব পাৰে। ১২ ছেপ্টেম্বৰত বেদান্ত আৰু ফক্সকনে ১.৫৪ লাখ কোটি টকাৰ নতুন কাৰখানা স্থাপনৰ বাবে গুজৰাট চৰকাৰৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। বৰ্তমান সময়ত টাইৱান আৰু দক্ষিণ কোৰিয়াৰ পৰা ভাৰতলৈ অৰ্ধপৰিবাহী আমদানি কৰা হয়। কিন্তু গুজৰাটৰ কাৰখানাটো নিৰ্মাণ হ’লে দেশতে নিৰ্মাণ হ’ব অৰ্ধপৰিবাহী। প্ৰসংগক্ৰমে আজিৰ তাৰিখত যিকোনো ইলেক্ট্ৰনিক যন্ত্ৰত অৰ্ধপৰিবাহী ব্যৱহাৰ কৰা হয়। বেদান্তই দীৰ্ঘদিন ধৰি ফক্সকনৰ সৈতে যৌথ উদ্যোগত এই কাৰখানা স্থাপন কৰাৰ কথা কৈ আহিছে। বেদান্তৰ অধ্যক্ষ অনিল আগৰৱালাই দাবী কৰে যে এই উদ্যোগটোৱে ভাৰতৰ ইলেক্ট্ৰনিকছৰ বজাৰত এক বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ গৈ আছে। সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত অনিল আগৰৱালাই কয়— ‘’আজি এটা লেপটপৰ দাম ১ লাখ টকা। ভাৰতত এবাৰ গ্লাছ আৰু ছেমিকণ্ডাক্টৰ চিপ উপলব্ধ হ’লে একেটা লেপটপৰ মূল্য ৪০ হাজাৰ বা তাতকৈ কম হ’ব পাৰে। বৰ্তমান টাইৱান আৰু কোৰিয়াত যি কাঁচ নিৰ্মাণ কৰা হৈছে, সেই কাঁচ শীঘ্ৰেই ভাৰততো নিৰ্মাণ কৰা হ’ব।” তেওঁ লগতে কয় যে গুজৰাটৰ পিছত বেদান্ত কোম্পানীয়ে মহাৰাষ্ট্ৰত অৰ্ধপৰিবাহী আৰু কাঁচ নিৰ্মাণৰ উদ্যোগো স্থাপন কৰিব। তেওঁ লগতে কয় যে ফক্সকন আৰু বেদান্তৰ এই যৌথ উদ্যোগটোৰ বাবে পুঁজিৰ অভাৱ নাই— “আমাক পুঁজি দিব নিবিচৰা এটাও সংস্থা নাই।” তেওঁ লগতে কয় যে ফক্সকনে বেদান্তৰ ৩৮ শতাংশ ইকুইটি ক্ৰয় কৰিছে। গতিকে টকা কেতিয়াও বাধা হৈ নাথাকিব। তেওঁ আৰু কয় যে অহা ২ বছৰৰ ভিতৰত বেদান্ত-ফক্সকনৰ এই ফেক্টৰীত উৎপাদন আৰম্ভ হ’ব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More