৪০ হাজাৰ বছৰ আগতে কিয় নোহোৱা হ’ল থাণ্ডাৰবাৰ্ড

0 24
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ ছেপ্টেম্বৰ : ৪০ হাজাৰ বছৰ কম সময় নহয়। ৪০ হাজাৰ বছৰ পূৰ্বে অষ্ট্ৰেলিয়াত থাণ্ডাৰবাৰ্ড নামৰ এবিধ প্ৰকাণ্ড চৰাই বিলুপ্ত হৈছিল। যদিও এই চৰাইটোৰ সমসাময়িক ইমু বহু বাধাৰ মাজতো বাচি থাকিল। থাণ্ডাৰ বাৰ্ডৰ বিলুপ্তিৰ বাবে দীৰ্ঘদিন ধৰি চৰাইবিধৰ হাড়ৰ ৰোগ আৰু মানুহৰ উৎপত্তিকেই দোষাৰোপ কৰি অহা হৈছিল। কিন্তু এক নতুন অধ্যয়নত আন তথ্য পোহৰলৈ আহিছে। এতিয়া কোৱা হৈছে যে জলবায়ু পৰিৱৰ্তনেই চৰাইবিধ নিৰুদ্দেশ হোৱাৰ মূল কাৰণ। ‘দ্য গাৰ্ডিয়ান’ কাকতত প্ৰকাশিত এক প্ৰতিবেদনৰ পৰা এই কথা জানিব পৰা গৈছে। থাণ্ডাৰ বাৰ্ডৰ বৈজ্ঞানিক নাম ‘ড্ৰ’মৰ্নিথিড’। অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ ৰেঞ্জৰ উত্তৰ অংশ আৰু এলিছ স্প্ৰিংছ চহৰৰ ওচৰত এই চৰাইবিধৰ জীৱাশ্ম আৱিষ্কাৰ কৰা হয়। জীৱাশ্মৰ নমুনা বিশ্লেষণ কৰি চৰাইবিধৰ বংশবৃদ্ধি সম্পৰ্কে এক নতুন ধাৰণা লাভ কৰিছে বিজ্ঞানীসকলে। সেই জীৱাশ্মবোৰৰ সম্পৰ্কত কৰা অধ্যয়নত দেখা গৈছে যে হাজাৰ হাজাৰ বছৰৰ ভিতৰত থাণ্ডাৰ বাৰ্ডৰ আকাৰ আৰু প্ৰজনন চক্ৰৰ পৰিৱৰ্তন হৈছে। কিন্তু পৰিৱৰ্তিত জলবায়ুৰ লগত নিজকে খাপ খুৱাব পৰা নাছিল। দক্ষিণ আফ্ৰিকাৰ কেপটাউন বিশ্ববিদ্যালয়ৰ অধ্যাপক অনুসুৱা চিনছামি-টুৰানে কয় যে এই অসাধাৰণ চৰাইবোৰ জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল। কাৰণ, সেই সময়ত অষ্ট্ৰেলিয়াৰ জলবায়ু ক্ৰমান্বয়ে উষ্ণ আৰু শুকান হৈ আহিছিল। অষ্ট্ৰেলিয়াৰ ইমুৰ দৰে মানুহৰ সহাৱস্থানত থাণ্ডাৰ বাৰ্ড কিয় জীয়াই থাকিব নোৱাৰিলে? উত্তৰটো হ’ল থাণ্ডাৰবাৰ্ডক ডাঙৰ হৈ ক্ৰমান্বয়ে উৰ্বৰ হ’বলৈ যিমান সময় লাগে। ড্ৰ’মৰ্নিথিড পৰিয়ালৰ আটাইতকৈ প্ৰাচীন আৰু বৃহত্তম প্ৰজাতি আছিল ড্ৰ’মৰ্নিছ ষ্টাৰটনি। ৭০ লাখ বছৰ আগতে ইহঁত পৃথিৱীত ঘূৰি ফুৰিছিল। ইয়াৰ উচ্চতা আছিল ৩ মিটাৰ, ওজন আছিল ৬০০ কিলোগ্ৰাম। সম্পূৰ্ণ বৃদ্ধি আৰু বংশবৃদ্ধি কৰিবলৈ সক্ষম হ’বলৈ ১৫ বছৰ পৰ্যন্ত সময় লাগিছিল। ড্ৰ’মৰ্নিথিড পৰিয়ালৰ শেষ আৰু সৰু প্ৰজাতিটো হৈছে জেনিয়ৰ্নিছ নিউটনি। প্লেইষ্টোচিন যুগৰ শেষৰফালে এই চৰাইটো দেখা গৈছিল। তেতিয়া জলবায়ু বৰ শুকান আছিল। ঋতুবোৰৰ চিনাকি বতৰটোও সলনি হৈ আহিছিল। মাজে মাজে খৰাঙৰ দৰে প্ৰাকৃতিক দুৰ্যোগ আহিছিল। জেনিয়ৰ্নিছ নিউটনিৰ ওজন আছিল ২৪০ কিলোগ্ৰাম, যিটো ইমুতকৈ ছয়গুণ বেছি। এই প্ৰজাতিটো ড্ৰ’মৰ্নিছ ষ্টিৰ্টনিতকৈ বেছি সোনকালে পৰিপক্ক হয়। উৰ্বৰ হ’বলৈ ১-২ বছৰ সময় লাগিছিল (যদিও এই সময়ছোৱা আধুনিক চৰাইৰ প্ৰজননকালতকৈ বহু বেছি)। অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ট্ৰেভৰ অৰ্ডিয়ে অধ্যাপক অনুছুয়া চিনছামীৰ সৈতে থাণ্ডাৰবাৰ্ডৰ জীৱাশ্মৰ ওপৰত গৱেষণা কৰিছে। তেওঁ কয় যে থাণ্ডাৰবাৰ্ড বিলুপ্ত হোৱাৰ বহু আগতেই ইমুৰ লগত বাস কৰিছিল। জেনিয়ৰ্নিছ নিউটনি প্ৰজাতিৰ চৰাইটোও পূৰ্বৰ প্ৰজাতিতকৈ পৰিৱেশৰ লগত ভালদৰে খাপ খাই পৰিছিল আৰু ২০ লাখ বছৰ ধৰি জীয়াই আছিল। কিন্তু ইমুৰ তুলনাত ইহঁতৰ প্ৰজনন ক্ষমতা আৰু প্ৰজননৰ গতি কম আছিল। তেওঁ লগতে কয় যে প্ৰায় ৫০ হাজাৰ বছৰ আগতে অষ্ট্ৰেলিয়াত ইমু চৰাই মানুহৰ সংস্পৰ্শলৈ আহিছিল। বংশবৃদ্ধিৰ ক্ষমতাৰ বাবেই এই চৰাইটো জীয়াই আছিল। কিন্তু ১০ হাজাৰ বছৰৰ ভিতৰতে থাণ্ডাৰ বাৰ্ড নোহোৱা হৈ গ’ল!
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More