৪৩ বছৰ পিছত আহিল নগা সংগ্ৰামীৰ শৱদেহ

শেষ শ্রদ্ধা জনাবলৈ গুণমুগ্ধৰ ভিৰ

0 112

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ এপ্ৰিলঃ মৃত্যুৰ সুদীৰ্ঘ ৪৩ বছৰৰ পিছত নিজ জন্মস্থানলৈ আহিল এজন নগা স্বাধীনতা সংগ্রামীৰ শৱদেহ। ভাৰতলৈ তেওঁৰ শৱদেহ অহাৰ পিছতেই নাগালেণ্ডৰ সৰু গাঁও থিপুজুমিত (Thipüzumi) কালি দেখা গ’ল শেষ শ্রদ্ধা জনোৱাৰ উদ্দেশ্যে সমৱেত হোৱা মানুহৰ ভিৰ। ১৯৭৯ চনৰ ২৭ নৱেম্বৰত তেওঁৰ নিজৰেই সহযোগীয়ে ম্যানমাৰত হত্যা কৰিছিল এইজন নগা সংগ্ৰামীক। প্রয়াত থেপুচু ভেনুহ (Thepushu Venuh) আছিল নাগা নেচনেল কাউন্সিল (NNC)ৰ সদস্য। সেই সময়ৰ তদানীন্তন বার্মাত নাগালেণ্ডৰ নেচনেল ছচিয়েলিষ্ট কাউন্সিলৰ সদস্যৰ দ্বাৰা তেওঁৰ হত্যাকাণ্ড সংঘটিত হৈছিল। পার্টিৰ ৰাজনৈতিক আৰু সামাজিক আদর্শৰ বিৰোধিতা কৰিছিল বাবেই তেওঁক হত্যা কৰা হৈছিল বুলি জনা যায়। ঘটনাৰ পিছত পাৰ হৈ গৈছে বহু বছৰ। আৰু এতিয়া সুদীৰ্ঘ ৪৩ বছৰ পিছত ম্যানমাৰৰ পৰা এই নগা স্বাধীনতা সংগ্রামীজনৰ শৱদেহ ঘূৰাই অনা হ’ল ভাৰতলৈ। এইজন প্ৰয়াত নেতা থেপুচু ভেনুহক শেষ শ্রদ্ধা জনাবলৈ নাগালেণ্ডৰ ফেক জিলাৰ থিপুজু গাঁৱত শাৰী শাৰী মানুহৰ ভিৰ দেখা যায় পথৰ দুইকাষে। উক্ত গাঁৱত থেপুচুৰ পূর্বপুৰুষৰ শেষকৃত্য যি ঠাইত সম্পন্ন কৰা হৈছিল তাতেই ৰখা হয় থেপুচুৰ শৱদেহ। জানিব পৰা মতে আঠজনীয়া সদস্যৰ এটা দল ম্যানমাৰলৈ গৈ এই শৱদেহ লৈ আহিবলৈ উদ্যোগ লৈছিল। শৱদেহ আদৰিবলৈ পাহাৰীয়া গাঁওখনৰ দুকাষে শাৰী পাতিছিল মানুহ। নগা সম্প্রদায়ৰ চাকেচাং গোষ্ঠীৰ মানুহে ৪৩ বছৰ পিছতো এই নেতাজনৰ প্রতি সন্মান, শ্রদ্ধা ধৰি ৰখাৰ পিছত তেওঁক শেষবাৰৰ বাবে শ্রদ্ধা জনাবলৈ আহে। Chakhesang Public Organization (CPO)-এ আয়োজন কৰা নেতাজনৰ শেষ সৎকাৰ কাৰ্যসূচীত অংশ লোৱা জনতাৰ ভিৰ অনেকৰ বাবেই যেন আছিল অভূতপূর্ব। চাকেচাং মানুহৰ প্রতি থিপুচুৰ আছিল অসীম শ্ৰদ্ধা, স্বাধীন সত্তাৰ স্বপ্ন দেখিছিল তেওঁ। সেয়ে তেওঁক শ্রদ্ধা জনাবৰ বাবেই এই ভিৰ। ১৯২৮ চনত সংঘবদ্ধ NNCৰ উপ-সভাপতি হৈছিল থেপুচু ভিনোহ। বহুতে ধাৰণা কৰিছিল সংগঠনটোৰ নেতা আংগামী জাপফু ফিজোৰ যোগ্য উত্তৰাধিকাৰী হ’ব তেওঁ। শুনা যায়, দুবাৰকৈ চীনলৈ গৈ তেওঁ মাও চে তুঙৰ লগত সাক্ষাৎ কৰি নগা স্বাধীনতা আন্দোলনৰ বাবে বহু অস্ত্রশস্ত্র যোগাৰ কৰি আনিছিল। উল্লেখ্য যে, ১৯৭৫ চনত ভাৰত চৰকাৰৰ লগত শ্বিলং চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত NNCত ভাঙোন ধৰে। সেই সময়তে সংগঠনৰ আদর্শ আৰু নীতিক লৈ উদ্ভৱ হোৱা সংঘাতৰ ফলশ্ৰুতিত হত্যা কৰা হৈছিল থেপুচু ভিনুহক।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More