৫জিতকৈ এক লক্ষ গুণ দ্রুতগতিৰ ইন্টাৰনেট ! জাপানী বিজ্ঞানীৰ চমক 

0 26

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ জুন : ইন্টাৰনেটেৰ গতি প্রতি ছেকেণ্ডত ১.০২ পেটাবিট। সহজ ভাষাত ক’লে, বর্তমান ব্যৱহৃত ৫জি ইন্টাৰনেট পৰিসেৱাতকৈ প্রায় এক লক্ষ গুণ বেছি গতিত ‘ডাটা’ পৰিবহণ কৰাৰ পদ্ধতি আৱিষ্কাৰ কৰি চমক দেখুৱাইছে জাপানী বিজ্ঞানীসকলে। জাপানৰ National Institute of Information and Communications Technologyৰ Network Research Institute বিভাগৰ বিজ্ঞানীসকলৰ দাবী— ‘মাল্টি-ক’ৰ ফাইবাৰ’ ব্যৱহাৰ কৰি এনে অসাধ্য সাধন কৰিছে তেওঁলোকে। কিন্তু এই পেটাবিট বিষয়টি সঠিকনে? বিশেষজ্ঞসকলে কয় যে, পেটাবিট বা পিবি হল ‘ডাটা’ পৰিমাপৰ এক বৃহৎ একক। ১ পেটাবিট ১০,০০০,০০০ জিবি বা গিগাবাইটৰ সমতুল্য। ১.০২ পিবিৰ গতিবেগ প্রতি ছেকেণ্ডত প্রায় ৫১.৪৯৯ কিলোমিটাৰ। অর্থাৎ এই পদ্ধতিত প্রতি ছেকেণ্ডত ১২৭,৫০০ জিবি ডাটা পঠোৱা সম্ভৱ বুলি দাবী কৰিছে বিজ্ঞানীসকলে। পিছে কেতিয়াৰ পৰা পাব পৰা যাব এই পৰিসেৱা? জাপানী বিজ্ঞানীসকলৰ দাবী— বর্তমান যি ‘অপটিক ফাইবাৰ’ ব্যৱহাৰ কৰা হয়, সেই তাঁৰৰ মাধ্যমেৰেই এই গতিবেগ পোৱাটো সম্ভৱ। সেয়ে সকলো ঠিকঠাক থাকিলে খুব কম দিনৰ ভিতৰতেই এই পৰিসেৱা বিশ্বৰ বিভিন্ন প্রান্তত আৰম্ভ কৰা সম্ভৱ। সকলো মিলি জাপানী বিজ্ঞানীসকলৰ দাবী যদি সত্য হয়, তেন্তে আমূল পৰিবৰ্তন ঘটিব পাৰে ইন্টাৰনেট পৰিসেৱাৰ চিৰি চেহেৰা। অন্ততঃ এনেকুৱাই মত একাংশ বিশেষজ্ঞ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More