৫ ছেপ্টেম্বৰত শিক্ষক দিৱস বৰ্জনৰ সিদ্ধান্ত

লখিমপুৰত টিউটৰ শিক্ষকৰ প্ৰতিবাদী সভা

0 67

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ,৩ছেপ্টেম্বৰঃ আজি লখিমপুৰ জিলাৰ পহুমৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উচ্চতৰ মাধ্যমিক টিউটৰ শিক্ষক সন্থাৰ আহ্বান ক্ৰমে লখিমপুৰ জিলাৰ টিউটৰ সকলক লৈ এখন সভা অনুষ্ঠিত হয়।সভাত চিনিয়ৰ চেকেণ্ডৰী আৰু উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ টিউটৰ সকল উপস্থিত থাকে। সন্থাৰ সভাপতি হেমন্ত শ‍ইকীয়াৰ সভাপতিত্ব অনুষ্ঠিত সভা জিলাখনৰ শতাধিক টিউটৰ শিক্ষক উপস্থিত থাকে। সভাত শিক্ষক সকলে ক্ষোভ প্রকাশ কৰে যে প্ৰায় ২৫ বছৰ কাল অসমৰ শিক্ষা খণ্ডলৈ শৈক্ষিক দিশত ৪০% বৰঙণি আগবঢ়াই বহু আন্দোলন আৰু অপেক্ষাৰ অন্তত টিউটৰ হিচাবে যি নিযুক্তি পালে সেই নিযুক্তিয়ে প্রতিজন শিক্ষকৰ জীৱনলৈ চৰম দুদৰ্শা নমাই আনিছে। হাইস্কুলৰ টিউটৰক মাত্র ১০,৮০০টকা, উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকক ১৬,০২০ দৰ্মহা দি এনেৰেগা শ্ৰমিকৰ দৰে পাৰিশ্ৰমিক দি চৰম বঞ্চনা কৰিছে। এন চিটি আইন প্রয়োগ হোৱাৰ আগতে পৰিচালনা সমিতিয়ে সেই সময়ৰ সেই সেই পদৰ যোগ্যতা অনুসৰি মকৰল কৰিছিল। চৰকাৰৰ শিক্ষা বিভাগে সম কামৰ সম মৰ্যাদা দিয়া দূৰৰ কথা ভেঞ্চাৰ বিদ্যালয়ৰ শিক্ষক সকলক সুদীর্ঘ ২৫ বছৰতো ডেপুটেচনত বি.এড ডিগ্ৰী লোৱাৰ সুব্যৱস্থা নকৰিলে। বৰং চাকৰি জীৱনৰ বিয়লি মুহুৰ্তত বঞ্চনা কৰাৰ কৌশলহে ৰচনা কৰিছে। যোৱা বছৰ কিছু টিউটৰক বি. এড লবলৈ ডেপুটেচনত পঠিয়ালে যদিও এই বছৰ এতিয়ালৈকে ফলপ্ৰসু হোৱা নাই। ইতিমধ্যে ৯/১০ বছৰ চাকৰি কৰা ঠিকাভিত্তিক শিক্ষকসকলৰ বি. এড. টেট নোহোৱাকৈ সমহাৰত এন চি টি ই আইনৰ কোনো চৰ্ত নোহোৱাকৈ সম্পূৰ্ণ শিক্ষকৰ মৰ্যাদা দিব পাৰিলে তেওঁ লোকৰ সমসাময়িক এই সকল শিক্ষকক কিয় দিব নোৱাৰে বুলি প্ৰশ্ন উত্থাপন কৰে। সেয়ে আগন্তক ৫ছেপ্টেম্বৰত টিউটৰ সকলে ক’লা বেজ পৰিধান কৰি বিদ্যালয়ত শিক্ষক দিৱস বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে সদৌ অসম টিউটৰ যৌথ মঞ্চই আহ্বান কৰা অনশন কার্যসূচীত সকলোকে অংশগ্ৰহণ কৰিবলৈ গোহাৰি জনায়। অন্যহাতে সভাই এক যৌথ মঞ্চ গঠনৰ বাবে আজি এখন আহবায়ক সমিতিও গঠন কৰি দিয়ে বুলি লখিমপুৰ জিলাৰ উচ্চতৰ মাধ্যমিক টিউটৰ সন্থাৰ সভাপতি  হেমন্ত শ‍ইকীয়া আৰু সম্পাদক তপন দত্তই জানিবলৈ দিয়ে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More