৬খন মহাদেশলৈ ৭ মহীয়া ভ্ৰমণলৈ যোৱাৰ মাজতে ইউৰোপৰ মহা সমুদ্ৰত “তৰংগিনী”ত ত্ৰিৰংগা উত্তোলন

পৃথিৱীখন এপাক মৰাৰো অভিলেখ আছে তৰংগিনীৰ

0 16

তাব্দ বিশেষ প্ৰতিনিধি, ১৫ আগষ্টঃ ইউৰোপৰ সুদূৰ সমুদ্ৰৰ নীলা গভীৰ জলৰাশিৰ মাজত আজি ত্ৰিৰংগা উত্তোলন কৰে ভাৰতীয়ে নৌ সেনাই।উল্লেখ্য যোৱা মে মাহত এণ্টাৰ্কটিকা মহাদেশক বাদ দি আন ৬ খন মহাদেশলৈ বুলি পাল তৰি যাত্ৰা আৰম্ভ কৰিছিল নৌ সেনাৰ ‘তৰঙ্গিনী’য়ে। ভাৰতীয় নৌ সেনাৰ প্ৰশিক্ষণ জাহাজ –‘তৰঙ্গিনী’য়ে ‘লোকায়ন-২০২২’ অভিযানৰ অংশ হিচাপে দক্ষিণ নৌ কামাণ্ডৰ কোচিৰ পৰা সুদীৰ্ঘ সমুদ্ৰ যাত্ৰা আৰম্ভ কৰিছিল। এইবাৰৰ যাত্ৰাত ‘তৰঙ্গিনী’য়ে ১৪ খন দেশৰ ১৭ টা বন্দৰ ভ্ৰমণ কৰি আছে। এইবাৰৰ এই যাত্ৰাৰ উল্লেখযোগ্য দিশ হৈছে ‘আজাদী কি অমৃত মহোৎসৱ’ৰ অংশ হিচাপে আজি ৭৫ বছৰীয়া ভাৰতৰ স্বাধীনতা দিৱসত জাহাজখনৰ বিষয়া-কৰ্মচাৰীসকলে ইউৰোপৰ সমুদ্ৰৰ মাজতে তৰংগিনীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। ইয়াৰোপৰি নৌ বিষয়া সকলে নেদাৰলেণ্ডৰ হাৰ্লিগেন, বেলজিয়ামৰ এণ্টৱাৰ্প আৰু ডেনমাৰ্কৰ আলবাৰ্গত Tall Ship Race প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰাৰ কথা। ইয়াৰ পূৰ্বেও বিভিন্ন বন্দৰত অনুষ্ঠিত হোৱা এনে প্ৰতিযোগিতাত জাহাজখনে কৃতিত্ব অৰ্জন কৰিছে। মুখ্যতঃ নৌ-বিষয়া সকলৰ প্ৰশিক্ষণ কাৰ্যসূচীত ব্যৱহাৰ হোৱা ‘তৰঙ্গিনী’ত এইবাৰ প্ৰায় তিনিশ নৌ -সেনাৰ বিষয়াই কেইবাখনো সমুদ্ৰৰ জলৰাশিত বিভিন্ন পৰ্যায়ত প্ৰশিক্ষণ গ্ৰহণ কৰিব। প্ৰায় সাত মাহৰ সামুদ্ৰিক ভ্ৰমণৰ অন্তত অহা নৱেম্বৰত ‘তৰঙ্গিনী’ পুনৰ ভাৰতীয় জলৰাশিলৈ প্ৰত্যাৱৰ্তন কৰিব। উল্লেখ্য যে, ‘তৰঙ্গিনী’য়ে যোৱা পোন্ধৰ বছৰত তেৰটা সামুদ্ৰিক অভিযান সম্পূৰ্ণ কৰিছে। মুঠ ১,৮৮,০০০ ন’টিকেল মাইল সমুদ্ৰ যাত্ৰা সম্পূৰ্ণ কৰা জাহাজখনে এতিয়ালৈকে ৩৯ খন দেশৰ ৭৪ টা বন্দৰ ভ্ৰমণ কৰিছে। ২০০৩-০৪ চনত ‘তৰঙ্গিনী’য়ে চাৰিওদিশে পৃথিৱীখন এপাক মাৰি অভিলেখো স্থাপন কৰি থৈছে। ১৯৯৭ চনত ভাৰতীয় নৌসেনাত অন্তৰ্ভুক্ত হোৱা ‘তৰঙ্গিনী’ৰ আৰ্হি প্ৰস্তুত কৰিছিল বৃটিছ নৌ স্থপতিবিদ ক’লিন মুদিয়ে আৰু নিৰ্মাণ কৰা হৈছিল গোৱা শ্বিপয়াৰ্ডত।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More