৬০ বছৰ পিছত উভতিল নালন্দাৰ ‘বুদ্ধিসত্ত্ব মৈত্ৰেয়’

আমেৰিকাই গতালে ভাৰতক

0 30

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ এপ্ৰিলঃ বিদেশৰ বজাৰত চোৰাংকৈ বিক্ৰী কৰা ঐতিহাসিক ভাৰতীয় মূৰ্তি কিছুমান ভাৰত চৰকাৰে ক্রমাগতভাৱে ইখনৰ পিছত সিখন দেশৰ পৰা ঘূৰাই আনিছে। এইবাৰ বিহাৰৰ নালন্দাৰ পৰা চুৰি কৰি আমেৰিকালৈ লৈ যোৱা গৌতম বুদ্ধৰ এটা ব্রঞ্জৰ মূর্তি ভাৰতীয় দূতাবাসৰ হাতত তুলি দিলে আমেৰিকাই। এই প্রসঙ্গত এক প্রতিবেদনত কোৱা হৈছে যে, এইবাৰৰ সতে দ্বিতীয়বাৰলৈ চুৰি হোৱা নালন্দাৰ বুদ্ধ মূর্তি ভাৰতৰ হাতত উভতাই দিয়াৰ ঘটনা ঘটিছে। ইয়াৰ পূৰ্বে ২০১৮ চনত, লণ্ডনৰ পৰা এটা মূর্তি ঘূৰাই দিছিল। মূলতঃ ভাৰতৰ নালন্দাত অৱস্থিত সংগ্রহশালাৰ পৰা এই প্রাচীন মূর্তি চুৰি কৰা হৈছিল। ১৯৬০ দশকৰ আৰম্ভণিৰ ফালে এই মূৰ্তি পশ্চিমীয়া দেশত বিক্ৰী কৰা হৈছিল। উল্লেখ্য যে, ১৯৬১ চনৰ ২২ আগষ্ট আৰু ১৯৬২ চনৰ মার্চত নালন্দাৰ সংগ্রহশালা লুট কৰা হৈছিল। ১৯৬১ চনত ইয়াৰ পৰা মুঠ ১৪টা ব্রঞ্জৰ মূর্তি লুট কৰি নিছিল। সেইবোৰৰ ভিতৰত উদ্ধাৰ হোৱা এটা মূর্তি ভাৰতক ঘূৰাই দিয়াৰ বাবে ২০১৮ চনৰ ১৫ আগষ্টত লণ্ডনত এক জাকজমক অনুষ্ঠানৰ আয়োজন কৰা হয়। সেই সময়ত প্রত্নতাত্বিক সামগ্ৰীৰ অবৈধ চোৰাং চালান ৰোধৰ বাবে কাম কৰা কর্মীসকলো প্রশংসিত হৈছিল। মূলতঃ ‘বোধিসত্ত্ব মৈত্রেয়’ নামেৰে পৰিচিত এই বুদ্ধ মূর্তিটো সোণ আৰু তামৰ মিশ্র ধাতুৰে তৈয়াৰী। ইয়াৰ পূৰ্বে পর্যাপ্ত প্রমাণৰ অভাৱত এই মূর্তিটো আমেৰিকাৰ লচ এঞ্জেলছ কাউন্টি মিউজিয়ামত ৰখা হয়। এই প্রসঙ্গত ‘ইণ্ডিয়া প্রাইড প্রজেক্ট’ৰ এছ বিজয় কুমাৰে জনাইছে যে, এই গোচৰটো হোমলেণ্ড ছিকিউৰিটি এজেন্সি আৰু এজেন্টসকলৰ লগত ধাৰাবাহিক সহযোগিতাৰ মাধ্যমেৰে প্রত্নতাত্ত্বিক ধ্বংসাৱশেষৰ অবৈধ চোৰাং চালানৰ বিৰুদ্ধে কৰা যুঁজৰ এক উল্লেখযোগ্য জয় আছিল। এই বিশেষ গোচৰটো ১৯৬১ চনৰ পৰা চলিছে। LACMAয়েই ১৯৭০ চনৰ পৰা ইয়াৰ বাবে প্রমাণ বিচাৰি আছিল। বিজয় কুমাৰে আৰু কয়— “এই ক্ষেত্রত আমি পুৰণি নথিপত্রৰ বাবে সঞ্জীৱ সান্যাল আৰু ডক্টৰ বিশ্বাসৰ লগত ঘনিষ্ঠভাৱে কাম কৰিছোঁ আৰু এই ঘটনাক ‘চুৰি’ হিচাবে প্রমাণ কৰিছোঁ। হোমলেণ্ড ছিকিউৰিটিৰ বাবে আমায় মিলিত এজেন্ট, চেড ফ্রেড্রিকচনৰ লগত একেলগে আমি তদন্ত আৰম্ভ কৰিছিলোঁ, যিয়েই শেষ পর্যন্ত আমাক জয়ৰ দিশলৈ পৰিচালিত কৰিছে।” উল্লেখযোগ্য যে, ভাৰতৰ প্রত্নতাত্ত্বিক বিভাগৰ প্রাক্তন মহানির্দেশক শচীন্দ্র এছ বিশ্বাস আৰু সঞ্জীৱ সান্যাল প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অর্থনৈতিক উপদেষ্টা পৰিষদৰ সদস্য। ইফালে এই বছৰৰ আৰম্ভণিতে লণ্ডনত ভাৰতীয় হাইকমিচনে উত্তৰ প্রদেশৰ লোখৰি গাঁৱৰ পৰা ৪০ বছৰ পূৰ্বে চুৰি হোৱা ছাগলীৰ মূণ্ডধাৰী দেৱীৰ প্রাচীন ভাৰতীয় মূর্তি উদ্ধাৰ কৰিছিল। ১৯৭৮ৰ পৰা ১৯৮২ চনৰ ভিতৰত লোখৰিৰ পৰা এই মূৰ্তি চুৰি হৈছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More