৭৭৭৫কিলোমিটাৰ জোৰা অমৃত যাত্ৰা স্মাৰকসহ তেজপুৰত আইটিবিপিৰ দল উপস্থিত 

0 26

শতাব্দ প্ৰতিনিধি, তেজপুৰ ,১৮ছেপ্টেম্বৰ: ইণ্ডো তিব্বত সীমা আৰক্ষীৰ ৭৫দিনীয়া যাত্ৰা কালি ৰাজ্যত প্ৰৱেশ কৰে৷ ৭৭৭৫ কিলোমিটাৰ দেশৰ সীমান্ত এলেকা স্পৰ্শ কৰিবলগীয়া এই অমৃত যাত্ৰা বাহিনীটোৰ বিভিন্ন বেটেলিয়নে পৰ্যায়ক্ৰমে অব্যাহত ৰাখিছে৷ কালি বিয়লি প্ৰায় ৪-৩০বজাত আইটিবিপিৰ তেজপুৰস্হিত আঞ্চলিক মুখ্য কাৰ্যালয়ত উপস্হিত হোৱাৰ সময়ত ইয়াত এই যাত্ৰাত অংশ গ্ৰহণকাৰী সকলক উষ্ম আদৰণি জনোৱা হয়৷আইটিবিপি জোৱান সকলৰ ভাৰতমাতা কি জয় ধ্বনিৰ মাজৰে বাহিনীটোৰ উপ মহাপৰিদৰ্শক গিৰিশ চন্দ্ৰ পুৰোহিতৰ নেতৃত্বত অহা এই অমৃত যাত্ৰাৰ দলটোক আদৰি আনে বাহিনীটোৰ অধিনায়ক আই বি ঝা আৰু ড° দীপক পাণ্ডেই৷ এই যাত্ৰা দেশৰ স্বাধীনতাৰ ৭৫বছৰীয়া জয়ন্তীৰ বাবে উদযাপিত স্বাধীনতাৰ অমৃত মহোৎসৱ কাৰ্যসূচীৰ অংশ হিচাপে ৰূপায়ণ কৰা হয়৷দেশৰ ৰাষ্ট্ৰীয় পতাকা তথা বাহিনীটোৰ বিভিন্ন ফ্ৰন্টিয়াৰৰ প্ৰতীক চিহ্ন সম্বলিত স্মাৰকলৈ যোৱা পহিলা আগষ্টত কাৰাকুৰমত আৰম্ভ হোৱা এই যাত্ৰাই লাডাখ,হিমাচল প্ৰদেশ,চণ্ডিগড়,হাৰিয়ানা,উত্তৰাখণ্ড,উত্তৰ প্ৰদেশ,বিহাৰ,পশ্চিম বংগ,চিক্কিম,অসম আৰু অৰুণাচল প্ৰদেশক সামৰি লৈছে৷বাহিনীটোৰ মাণ্ডলিক বেটেলিয়ন সমূহে এটাৰ পাছত আনটোৱে এই অমৃতযাত্ৰাত অংশ লৈ স্মাৰক হস্তান্তৰ কৰি এই সুদীৰ্ঘ অমৃত যাত্ৰাৰ অহা ১৪অক্টোবৰত সামৰণি মাৰিব৷কালি বিয়লি তেজপুৰত উপস্হিত হোৱা এই বিশেষ যাত্ৰাৰ দলটোক নেতৃত্ব দিয়া উপমহাপৰিদৰ্শক পুৰোহিতে কয় যে এই যাত্ৰাৰ সমান্তৰাল ভাবে বাহিনীটোৱে গছপুলি ৰোপন,ৰক্ত দান,সজাগতা সৃষ্টিৰ উপৰি দেশবাসীৰ মনত বিশেষকৈ শিশু সকলৰ মাজত দেশভক্তি আৰু ঐক্যতাৰ ভাব উদ্ৰেক ঘটাবলৈকে এই যাত্ৰা কৰা হৈছে৷তেওঁ লগতে কয় যে,দেশৰ পাৰিপাৰ্শ্বিক পৰিৱেশ উন্নত কৰা আৰু পৰ্যটন ক্ষেত্ৰটোতো এই যাত্ৰাই গুৰুত্ব প্ৰদান কৰিছে৷উল্লেখযোগ্য যে মুঠ সাতহেজাৰ পাঁচশ ৭৫কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব আৰু আজি পুৱা তেজপুৰৰ পৰা অৰুণাচল প্ৰদেশলৈ যাত্ৰা কৰা অমৃত যাত্ৰাই ভাৰত চীন আন্তৰাষ্ট্ৰীয় সীমান্তৰ অন্তিম অংশ স্পৰ্শ কৰিব৷বিভিন্ন স্হানত স্হানীয় ৰাইজৰো বিপুল সম্ভাষণ তথা আদৰণি লাভ কৰা এই যাত্ৰাৰ দলটৱে জাচিপ-লাত অমৃত যাত্ৰাৰ অন্ত পেলাব৷আইটিবিপিৰ তেজপুৰস্হ মুখ্য কাৰ্যালয় চৌহদত স্মাৰকৰ প্ৰদৰ্শনী কৰাৰ লগতে বিষয়া জোৱানসকলক এই বিষয়ে এক নাতিদীৰ্ঘ সভাত অৱগত কৰে উপমহাপৰিদৰ্শক পুৰোহিতে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More