৭ দশকৰ পিছত চিতা বাঘক আদৰিবলৈ ভাৰতত প্ৰস্তুতি তুংগত

মুঠ কুৰিটা চিতা বাঘৰ ঠিকনা হ'ব মধ্য প্ৰদেশৰ কুনৌ পালপুৰ ৰাষ্ট্ৰীয় উদ্যান

0 57

শতাব্দ বিশেষ প্ৰতিনিধি, ১জুন : পৃথিৱীৰ আটাইতকৈ দ্ৰুতবেগী (ঘণ্টাত ৮০ৰ পৰা ১৩০ কিলোমিটাৰ) প্ৰাণী চিতা বাঘৰ ভাৰতলৈ পুনৰাগমণৰ বাবে ঘৰ-দুৱাৰ সকলো ইতিমধ্যে সজাই-পৰাই তোলা হৈছে। পৰিকল্পনা অনুসৰি সকলো ঠিকেই থাকিলে এই বছৰৰ শেষৰ ফালে ভাৰতত চিতা বাঘৰ পুনৰ সংস্থাপন কৰিব পৰা যাব।kuno lion news mp 20161021 15837 21 10 2016 ভাৰত এসময়ত চিতা বাঘৰ সুৰক্ষিত আৱাসস্থলী আছিল যদিও বিভিন্ন কাৰণত ১৯৫০ দশকৰ মাজভাগত দ্ৰুতবেগী এই প্ৰাণীটোৰ ভাৰতত বিলুপ্তি ঘটিছিল। কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰালয়ে ২০০৯ চনৰে পৰাই দেশখনত চিতা বাঘৰ পুনৰ সংস্থাপনৰ বিষয়টো সক্ৰিয়ভাৱে চিন্তা-চৰ্চা কৰি আহিছিল যদিও বিষয়টো কাৰিকৰী দিশৰ পৰা কেইবাবাৰো বিতৰ্কৰ আওঁতাত সোমাই পৰিছিল। অৱশেষত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ভাৰতৰ অৰণ্যত চিতা বাঘৰ পুনৰ সংস্থাপনৰ বিষয়টো সমাধান ঘটিল। এটা চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা মতে চৰকাৰে ভাৰতলৈ চিতা বাঘ আমদানি কৰাৰ ক্ষেত্ৰত ইতিমধ্যে যোৱা এপ্ৰিল মাহত বন্দোবস্ত চূড়ান্ত কৰিছে। আঁচনি অনুযায়ী প্ৰথম পৰ্যায়ত দক্ষিণ আফ্ৰিকাৰ পৰা ১২ টা আৰু নামিবিয়াৰ পৰা ৮ টা আফ্ৰিকান প্ৰজাতিৰ চিতা বাঘ ভাৰতলৈ অনা হ’ব। ইয়াৰ বাবে ইতিমধ্যে ৰাজনৈতিক আৰু কূটনৈতিক পৰ্যায়ৰ আনুষ্ঠানিকতা চলাই থকা হৈছে। পৰৱৰ্তী পৰ্যায়ত আৰু কেইবাটাও এনে চিতা বাঘ আফ্ৰিকাৰ পৰা অনাৰ আঁচনি ভাৰতৰ আছে। এই চিতা বাঘ সমূহক আৰম্ভণিতেই মধ্যপ্ৰদেশৰ ছিউপুৰ জিলাৰ কুনৌ পালপুৰ ৰাষ্ট্ৰীয় উদ্যানত সংস্থাপিত কৰা হ’ব। উল্লেখযোগ্য যে, পূৰ্বতে এই ৰাষ্ট্ৰীয় উদ্যানখনৰ অৰণ্যতেই চিতা বাঘ আৰু সিংহৰ বিচৰণস্থলী আছিল। ইতিমধ্যে কুৰিটা চিতা বাঘৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ দহ বৰ্গ কিলোমিটাৰ এলেকা বিশেষ ভাবে প্ৰয়োজনীয় আন্তগাঁথনিৰে সজ্জিত কৰা হৈছে। সমান্তৰালভাৱে দ্ৰুতবেগী প্ৰাণীকেইটাৰ পৰিচালনাৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা এটা বন বিষয়াৰ দল ইতিমধ্যে প্ৰশিক্ষণৰ উদ্দেশ্যে দক্ষিণ আফ্ৰিকা আৰু নামিবিয়ালৈ ৰাওনা হৈছে। আশা কৰা হৈছে, অদূৰ ভৱিষ্যতে ভাৰতীয়সকলে এই ৰাষ্ট্ৰীয় উদ্যানখনতে পৃথিৱীৰ দ্ৰুততম প্ৰাণীটো প্ৰত্যক্ষ কৰিবলৈ সক্ষম হ’ব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More