৮৩’ত নিধন কৰা হৈছিল বুঢ়া চাপৰিৰ ৩৩টা গঁড়

 বেদখলকাৰীৰ বাবে খুটি এৰিব লগীয়া হোৱা খুটীয়ালৰ বেদনা

0 23

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৬ফেব্ৰুৱাৰীঃ বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ মুঠ ১৮৯২হেক্টৰ বনভূমি আৰু মুঠ ২৫১৩টা বেদখলকাৰী হিচাপে অভিযুক্ত পৰিয়ালৰ প্ৰায় ১১হেজাৰ ছয়শ ১০জন বেদখলকাৰীক উচ্ছেদ কৰাৰ লক্ষ্যৰে দুদিন পূৰ্বে আৰম্ভ হোৱা বৃহৎ উচ্ছেদ অভিযানৰ বিৰুদ্ধে উচ্ছেদিত লোকে ন্যায়ালয়ৰ কাষ চাপিলেও ইয়াত অতীজৰে পৰা গৰু-ম’হৰ খুটি দীৰ্ঘসময় থকাৰ পাছত ১৯৮৩ৰ পূৰ্বে উদ্ভৱ হোৱা পৰিস্থিতিত খুটি এৰি আহিব লগীয়া হোৱা বহুলোকেই এই উচ্ছেদ অভিযানক সমৰ্থন জনাইছে৷ গ্ৰেজিয়াৰ নটিফিকেচন অনুসৰি ইয়াত ১৯৭৪ৰ পূৰ্বৰে পৰাই বিশ্বনাথ, শিঙৰি, পুঠিমাৰি, বিহগুৰি, পৰ্বতীয়া, বেছেৰীয়া, চানমাৰি আদি অঞ্চলৰ প্ৰায় ৩৮৪ খুটীয়াল আছিল য’দিও পৰৱৰ্তী সময়ত উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে এনে বহুসংখ্যকে সেই খুটী সমূহ ত্যাগ কৰিবলগীয়া হয়৷ আনকি পৰৱৰ্তী সময়ত বন বিভাগৰে একাংশ বিষয়াই এই বনাঞ্চলৰ ভূমি বিক্ৰী কৰা বুলি গুৰুতৰ অভিযোগ উঠাৰ লগতে ১৯৮৩ত বুঢ়াচাপৰিত মুঠ ৩৩টা গঁড় হত্যা কৰে চোৰাংচিকাৰীয়ে৷ ইয়াত আনকি সেই সময়ত ঢেকীয়াপতীয়া বাঘো বিহ দি হত্যা কৰাৰ হয়৷ এসময়ত গঁড় আৰু ঢেকীয়াপতীয়া বাঘৰ ৰম্যভূমি বুঢ়াচাপৰিলৈ সম্প্ৰতি পুনৰ ঢেকীয়াপতীয়া বাঘৰ আগমন ঘটিছে য’দিও গঁড়শূন্য হৈয়েই আছে৷ উল্লেখযোগ্য বৰ্তমান উচ্ছেদ চলা শিয়ালী,বেটনি,লংকে টাপু আদিতে বেদখলৰ ব্যাপক প্ৰভাৱ পৰিছিল৷অৰণ্যৰ মাজত গঢ়ি উঠা এই গাঁও সমূহ আনকি বাহিৰৰ পৰা দেখা সম্ভৱ নহয় বুলি প্ৰকাশ কৰি বেদখলকাৰীৰ অত্যাচাৰত খুটীৰ গৰু ম’হ হেৰুৱাই খুটি এৰি আহিবলগীয়া হোৱা বহুসংখ্যক খুটীয়ালে কয় যে,এসময়ত দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত আদৰ্শ স্বৰূপ বুঢ়া চাপৰিত আনকি দুহেজাৰ চনৰ পাছত কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত গছ গছনি কাটি তহিলং কৰা সত্বেও বনকৰ্মীয়ে তেনে চোৰাং কাঠ বেপাৰীক বনৰ মাজত পালেও এৰি দিবলৈ বাধ্য হোৱাই নহয়,বেদখলকাৰীয়ে বনশিৱিৰ পৰ্যন্ত জ্বলাই দিছিল৷ এখন নিভাঁজ আৰু জৈৱ বৈচিত্ৰতাৰে ভৰা অৰণ্যৰ বৃহৎ অংশ নিঃশেষ কৰা এনে বেদখলকাৰীক বৰ্তমান উচ্ছেদ কৰিলেও ভৱিষ্যতে যাতে উচ্ছেদিত বনভূমি সম্পূৰ্ণৰূপে সুৰক্ষিত হয় তাৰ বাবে নিশ্চিত ব্যৱস্হা গ্ৰহণ কৰিব লাগে বুলিও অভিমত ব্যক্ত কৰে চাপৰিটোত তাহনিতে গৰু ম’হৰ খুটি থকা খুটিয়াল সকলে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More