৮৫ লাখ টকাত বিক্ৰী হ’ল জেলনস্কিৰ জেকেট

0 17

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১১ মে’ : প্রথমে সকলোৱেই ভাবিছিল যে, যুদ্ধ সোনকালেই শাম কাটিব। ৰাছিয়াৰ লগত ফেৰ মাৰিব নোৱাৰিব ইউক্ৰেইনে। কিন্তু সেই সকলো জল্পনা কল্পনাত পানী ঢালি দুমাহৰো বেছি সময় হৈ গ’ল যুদ্ধ চলি আছে। ৰুছ বাহিনীৰ বিৰুদ্ধে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ জেলনস্কিৰ নেতৃত্বত যুদ্ধ চলাই গৈছে ইউক্রেইনৰ সেনাই। ৰক্তাক্ত হৈছে দুয়োপক্ষ। মৃত্যু হৈছে। তথাপি যুদ্ধ থমা নাই। যেতিয়া প্রথম যুদ্ধ আৰম্ভ হয়, সেই সময়ত প্রায়েই জেলনস্কিক দেখা গৈছিল চকলেট ৰঙৰ এটা পচমৰ জেকেট পিন্ধি থকা। যিদৰে তেওঁ নানা প্রতিকূলতাৰ বিৰুদ্ধে, অনেক বেছি শক্তিশালী প্রতিপক্ষৰ বিৰুদ্ধে যুদ্ধ চলাই গৈছে, তাৰ ফলত অনেকৰ বাবেই যেন ‘তাৰকা’ত পৰিণত হৈছে জেলনস্কি। তেওঁৰ সেই ভাবমূর্তিক কামত লগাই ইংলেণ্ডত সাহায্য সংগ্রহত নামিল ইউক্রেইনৰ দূতাবাস। যুদ্ধবিধ্বস্ত ইউক্রেইনৰ কাষত থিয় দিয়াৰ আবেদন জনাই এই সাহায্য সংগ্রহ আৰম্ভ হৈছে লণ্ডনত। তাতেই বিক্রী হ’ল জেলনস্কিৰ পচমৰ জেকেট। ১ লাখ ১০ হাজাৰ ডলাৰ (ভাৰতীয় মুদ্রাত প্রায় ৮৫ লাখ টকা) মূল্যত বিক্রী হৈছে সেই পচমৰ জেকেট। এই জেকেটটোত স্বাক্ষৰ আছে ইউক্রেইনৰ ৰাষ্ট্ৰপতিৰ। ব্যৱহাৰৰ চাপো স্পষ্ট। লণ্ডনত অনুষ্ঠিত এই সাহায্য সংগ্রহ কর্মসূচীৰ নাম দিয়া হয় ‘সাহসী ইউক্রেইন’। অনুষ্ঠানত যুদ্ধ চলাকালীন ইউক্রেগনবাসীৰ নানা সাহসিকতাৰ গল্প শুনোৱা হয়। এই অনুষ্ঠানত জেলনস্কিৰ জেকেটৰ উপৰি বিক্রী হয় ইউক্রেইনৰ ‘ফাৰ্ষ্ট লেডি’ ওলেনা জেলেনস্কাই উপহাৰ দিয়া খেলনাও। যুদ্ধৰ সময়ত প্রয়াত চিত্রগ্রাহক মেক্স লেভিনে তোলা ফটোও বিক্রী হৈছে এই অনুষ্ঠানত। এই সাহায্য সংগ্রহ কর্মসূচীত বহু অর্থ উঠিছে। যি ব্যয় হব ইউক্রেইনৰ বিভিন্ন মানৱিক কর্মসূচীত। দূতাবাসৰ পক্ষৰ পৰা জনোৱা হৈছে যে, এই অর্থ ব্যয় হ’ব শিশুসকলৰ চিকিৎসালয়ৰ বিভিন্ন সৰঞ্জাম ক্রয় কৰাত। অনুষ্ঠানত ব্রিটিছ প্রধানমন্ত্রী বৰিচ জনচনো উপস্থিত আছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More