৮৭ বছৰত ভৰি দিলে তেজপুৰৰ সমাজ জীৱনৰ অগ্ৰণী ব্যক্তিত্ব ডাঃ লক্ষ্মী গোস্বামীয়ে

ওপজা দিনৰ বাৰেৰহনীয়া অনুষ্ঠানত বিশিষ্টজনৰ ওলগ জ্ঞাপন

0 32

শতাব্দ প্ৰতিনিধি তেজপুৰ, ৬ ছেপ্টেম্বৰ : তেজপুৰৰ সমাজ জীৱনৰ অগ্ৰণী ব্যক্তিত্ব, বিশিষ্ট সমাজকৰ্মী ডাঃ লক্ষ্মী গোস্বামীয়ে আজিৰ দিনটোত ৮৬ বছৰ অতিক্ৰম কৰি ৮৭ বছৰত ভৰি দিয়াৰ দিনটোত তেজপুৰত ওপজা দিনৰ এক বাৰেৰহণীয়া অনুষ্ঠানত বিশিষ্টজনে ওলগ জ্ঞাপন কৰিলে প্ৰচুৰ অধ্যয়নপুষ্ট, প্ৰবীণ চিকিৎসক তথা সমাজকৰ্মী গৰাকীক ।উল্লেখ্য যে, ১৯৩৬ চনৰ ৬ ছেপ্টেম্বৰত জন্ম গ্ৰহণ কৰা ডাঃ লক্ষ্মী গোস্বামীয়ে চিকিৎসা বৃত্তিৰ সমান্তৰাল ভাবে এক আলোকসন্ধানী মন লৈ সমাজৰ সাৰ্বিক বিকাশ আৰু উত্তৰণৰ বাবে বৰ্তমানলৈকে যিকোনো ব্যক্তি আৰু অনুষ্ঠানক মাৰ্গদৰ্শন প্ৰদান কৰি আহিছে। সুধাকণ্ঠ ড° ভূপেন হাজৰিকা, বিশিষ্ট চিন্তাবিদ হোমেন বৰগোহাঞি, ড° হীৰেন গোহাঁইৰ পৰা অমলেন্দু গুহ, ড° অনিমা গুহলৈকে অসমৰ জাতীয় জীৱনৰ প্ৰায়সকল পুৰোধাৰ সৈতে ঘনিষ্ঠ সান্নিধ্য থকা অশীতিপৰ এইগৰাকী বিদূষী মহিলাৰ ওপজা দিনটোত মহিলা গৰাকীৰ আত্মাৰ অনুষ্ঠান ভাৰতীয় শিশু কল্যাণ পৰিষদৰ তেজপুৰ শাখা আৰু তেজপুৰ শিশু বিকাশ একাডেমীৰ উদ্যোগত বিয়লি গীত – নৃত্য – কথাৰ এক বাৰেৰহনীয়া অনুষ্ঠানৰ মাজত নষ্টালজিক হৈ পৰিল বিদূষী মহিলা গৰাকী। নিজে দীৰ্ঘদিন ধৰি সভানেত্ৰী হিচাপে থাকি নেতৃত্বত বহন কৰি অহা অনুষ্ঠানটিৰ মজিয়াত সকলোৰে আপোন ডাঃ লক্ষ্মী গোস্বামীয়ে ভৰি দিয়াৰ পিছতেই শিক্ষাৰ্থী সকলে আৰু শিক্ষক – শিক্ষয়িত্ৰী সকলে ৮৭ গছি মাটিৰ চাকিৰ মাজেৰে গীত – নৃত্যৰে ভাৰতীয় শিশু কল্যাণ পৰিষদৰ বিশেষ সভাকক্ষলৈ আদৰি আনে। ইয়াৰ পিছতেই শিক্ষাৰ্থী আৰু শিক্ষক সকলে অতি আকৰ্ষণীয়কৈ সজাই তোলা বিশেষ সভাকক্ষত প্ৰথমেই ডাঃ গোস্বামীৰ লগত ঘনিষ্ঠ সান্নিধ্য থকা অৱসৰপ্ৰাপ্ত অধ্যাপক পূৰ্ণেশ্বৰ নাথ, আনন্দ বৰুৱা, বিশিষ্ট চিকিৎসক ডাঃ সৌৰভ ভূঞা, বিশিষ্ট সমাজকৰ্মী মিনাক্ষী ভূঞা, অসম সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক পংকজ বৰুৱা, শোণিতপুৰ জিলা অধিবিদ্যা পৰিষদৰ সম্পাদক বিজয় কাণ্ডুলনা, দৰংমহাবিদ্যালয়ৰ অধ্যাপিকা ড° স্বপ্নালী দেৱী, ৰাষ্ট্ৰভাষা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী নিৰূপমা দেৱী, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী চম্পা সিং, বিশিষ্ট সাংস্কৃতিক কৰ্মী শান্তনু মহন্ত, ভাৰতীয় শিশু কল্যাণ পৰিষদৰ তেজপুৰ শাখাৰ সম্পাদিকা মৃণালিনী বৰা, কৰুণাধাৰাৰ শোণিতপুৰ জিলা সমিতিৰ সম্পাদিকা ড° কৃষ্ণা শৰ্মা, বিদ্যালয়খনৰ শিক্ষক – শিক্ষয়িত্ৰী আৰু শিক্ষাৰ্থী সকলে বিভিন্ন ধৰণৰে ওপজা দিনৰ ওলগ জ্ঞাপন কৰি সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে। কেবাগৰাকীও শিক্ষাৰ্থী আৰু শিক্ষক – শিক্ষয়িত্ৰীয়ে গীত-নৃত্যৰে এক মনোৰম পৰিৱেশৰ সৃষ্টি কৰা অনুষ্ঠানটিত দৰংমহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক পূৰ্ণেশ্বৰ নাথে ডাঃ লক্ষ্মী গোস্বামী প্ৰচুৰ অধ্যয়নশীল এগৰাকী সু সংস্কৃত মনৰ অধিকাৰী ব্যক্তিত্ব বুলি উল্লেখ কৰি তেওঁৰ জীৱন বোধে সকলো শ্ৰেণীৰ লোককে আকৰ্ষিত কৰি আহিছে বুলি কয়। ৰবীন্দ্ৰ ঠাকুৰৰ “মৰিতে চাহিনা আমি সুন্দৰ ভূৱনে” শীৰ্ষক কবিতাৰ পংক্তি আওৰাই নাথে জন্ম দিনৰ ওলগনি ভাষণত ডাঃ লক্ষ্মী গোস্বামীয়ে এশটা শৰত গৰকাৰ কামনা কৰি তেওঁৰ ব্যক্তিত্বই তেজপুৰত এদিন এক নতুন যুগৰ সূচনা কৰিব বুলি কয়। শিশু বিকাশ একাডেমীৰ শিক্ষক বেনুধৰ বৰাই আঁত ধৰা অনুষ্ঠানটিত দৰংমহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আনন্দ বৰুৱাই বিদ্যুত বিভাগৰ পোহৰ নহ’লেও ডাঃ লক্ষ্মী গোস্বামীৰ পোহৰেৰে সদায় তেজপুৰ আলোকিত হৈ থাকিব বুলি মন্তব্য কৰে। অনুষ্ঠানটিৰ অন্তত সকলোৰে মাজত ডাঃ লক্ষ্মী গোস্বামীয়ে এটি কেক কাটি সকলোকে আপ্লুত কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More