৮ নৱেম্বৰত দেউৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচনঃ ১০ নৱেম্বৰ গণনা

লখিমপুৰত ৬ জনৰ মনোনয়ন পত্ৰ দাখিল

0 17

মনোনয়ন দিবলৈ অহা হাজাৰ হাজাৰ প্ৰাৰ্থীৰ সমৰ্থকৰ ভিৰত লখিমপুৰত তীব্ৰ যান-জঁট

শতাব্দ প্ৰতিনিধি , লখিমপুৰ, ১৭ অক্টোবৰঃ ৰাজ্য চৰকাৰে দেউৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ পিছত লখিমপুৰ জিলাৰ মুঠ ৮টা সমষ্টিৰ ভিতৰত ৭ টা সমষ্টিৰ পৰা আজি ৬জন প্ৰাৰ্থীয়ে হাজাৰ হাজাৰ সমৰ্থকৰ উপস্থিতিত মনোনয়ন পত্ৰ দাখিল কৰে৷ ইয়াৰে এজন প্ৰাৰ্থীয়ে দুটা সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰে৷ যোৱা ১১ অক্টোবৰত নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ পিছত যোৱা ১৫ অক্টোবৰৰ পৰা মনোনয়ন পত্ৰ দাখিলৰ দিন ধাৰ্য কৰাৰ পিছত আজি তৃতীয় দিনা লখিমপুৰৰ ৭টা সমষ্টিৰ বাবে ৬জনে মনোনয়ন পত্ৰ দাখিল কৰে৷ আজি মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাৰ্থীসকল হৈছে ক্ৰমে ১৫ নং বৰদেউৰী সমষ্টিৰ পৰা শিভাচিচ দেউৰী, ১৬ নং বাহগড়া সমষ্টিৰ পৰা জয়ামাই দেউৰী, ১৭ নং কাছিকটা সমষ্টিৰ পৰা বীৰেণ দেউৰী, ১৮ নং পিছলা সমষ্টিৰ পৰা ৰিংকুমণি দেউৰী, ১৯ নং কিনাপথাৰ সমষ্টিৰ পৰা বিজুমুণি দেউৰী আৰু ২১ নং গাভৰু টুনিজান সমষ্টিৰ পৰা মহেশ দেউৰীয়ে মনোনয়ন পত্ৰ দাখিল কৰে৷ অৱশ্যে ২০ নং বঙালমৰা সমষ্টিৰ পৰা এই পৰ্যন্ত কোনো লোকে মনোনয়ন পত্ৰ দাখিল কৰা নাই৷ মনোনয়ন পত্ৰ দাখিল কৰা আটাইকেইজনেই নিৰ্দলীয় প্ৰাৰ্থী৷ অৱশ্যে ইয়াৰে মহেশ দেউৰী জে পি পি তথা জিমছায়া পিপলচ পাৰ্টিৰ প্ৰাৰ্থী যদিও চৰকাৰে তেওঁক নিৰ্দলীয় প্ৰাৰ্থী হিচাপেহে গণ্য কৰিছে৷ অহা ১৯ অক্টোবৰ পৰ্যন্ত মনোনয়ন পত্ৰ গ্ৰহণ কৰা হ’ব বুলি জিলা প্ৰশাসনৰ সূত্ৰত প্ৰকাশ৷ উল্লেখ্য যে অহা ৮ নৱেম্বৰত অনুষ্ঠিত হ’ব লগা ভোটগ্ৰহণৰ বাবে ইতিমধ্যে প্ৰতিটো দেউৰী পৰিষদীয় সমষ্টিত বিভিন্ন দলে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে৷ এইবাৰ লখিমপুৰৰ ৮টা সমষ্টিত ১২ হাজাৰ ৮৬৪জন ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব৷ লখিমপুৰত মুঠ ২০টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব৷ এইবাৰ ৬২৭৩ গৰাকী পুৰুষ ভোটাৰে আৰু ৬৫৯১ গৰাকী মহিলা ভোটাৰে ভোটদান সাব্যস্ত কৰিব৷ লখিমপুৰৰ আটাইকেইটা সমষ্টিয়েই অনুসূচীত জনজাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত যদিও ১৬ নং আৰু ১৮ নং সমষ্টি দুটা মহিলা প্ৰাৰ্থীৰ বাবে সংৰক্ষিত৷ অহা ২০ অক্টোবৰত মনোনয়ন পত্ৰ পৰীক্ষণৰ দিনৰ লগতে ২৫ অক্টোবৰত মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে৷ নিৰ্বাচন আয়োগে ১০ নৱেম্বৰ বৃহস্পতিবাৰে ভোট গণনাৰ দিন ধাৰ্য কৰিছে৷ উল্লেখ্য যে লখিমপুৰৰ ৭ টা দেউৰী পৰিষদীয় সমষ্টিৰ পৰা অহা দেউৰী পৰিষদীয় প্ৰাৰ্থীৰ হাজাৰ হাজাৰ সমৰ্থকৰ বাবে আজি লখিমপুৰ নগৰত তীব্ৰ যান-জঁটৰ সৃষ্টি হয়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More