৯৩ বৰ্ষত ভৰি দিলে তেজপুৰৰ দুৰন্ত তৰুণ, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আলোক চিত্ৰশিল্পী নলিনী বৰুৱাই

অত্যাধিক মোবাইল প্ৰীতিৰ বাবেই নতুন প্ৰজন্মই হেৰুৱাইছে মূল্যবোধ- নলিনী বৰুৱা

0 26

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২২ এপ্ৰিল :20230422 182121তেজপুৰৰ দুৰন্ত তৰুণ গৰাকীয়ে আজি ৯৩ বৰ্ষত ভৰি দিলে। তেজপুৰৰ লগতে জিলাখনৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ মাজত অতি জনপ্ৰিয়, তেজপুৰৰ সমাজ জীৱনৰ অগ্ৰনী ব্যক্তিত্ব, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আলোক চিত্ৰশিল্পী নলিনী বৰুৱাই ৯২ টা বসন্ত গৰকী ৯৩ ত ভৰি দিয়াৰ দিনটোত আজি তেজপুৰ সাহিত্য সভা আহুত “নলিনী বৰুৱালৈ ওপজা দিনৰ ওলগ” শীৰ্ষক অনুষ্ঠানত তেজপুৰ সাহিত্য সভাৰ লগতে তেজপুৰৰ বহুকেইটা অনুষ্ঠান আৰু ব্যক্তিয়ে গামোচা, ফুলৰ টোৰা, গ্ৰন্থ আদিৰে ওলগ জ্ঞাপন কৰে। তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতাৰ পৌৰোহিত্যত প্ৰাক্তন সম্পাদক পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত সম্পাদক দ্বীজেন নাথে আদৰণী ভাষণ দাঙি ধৰাৰ পিছত অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সম্পাদক শান্তনু বৰুৱাই নলিনী বৰুৱাৰ জীৱন দৰ্শন আলোকপাত কৰি ৯৩ বছৰ বয়সলৈকে নিজৰ নাতিৰ বাহিৰে সকলোৱে দাদা সম্বোধন কৰা ব্যক্তি একমাত্ৰ নলিনী বৰুৱাই বুলি কৈ আজিও কৰ্ম দক্ষ, সপ্ৰতিভ নলিনী বৰুৱাই ৭ বছৰ বয়সতে যেনেদৰে কেমেৰা লৈ ফুৰিছিল সেই একেই উদ্যম একেই প্ৰাণ চঞ্চলতাৰে কেমেৰাৰে সৃষ্টিৰ তাড়নাত জড়িত হৈ থাকিব পৰাতো নতুন চামৰ বাবে আদৰ্শ আৰু অনুপ্ৰেৰণা হিচাপে বিবেচিত হৈছে। তেজপুৰ সাহিত্য সভাৰ লগতে অনুষ্ঠানটিত তেজপুৰ ফটোগ্ৰাফী ক্লাব, স্বামী বিবেকানন্দ অধ্যয়ন কেন্দ্ৰ, শ্লিম এণ্ড ষ্ট্ৰেংগথ, শোণিতপুৰ প্ৰেছ ক্লাব, শোণিতপুৰ জিলা সাহিত্য সভা আদি অনুষ্ঠানৰ লগতে বিধায়ক পৃথ্বিৰাজ ৰাভাই ওলগ জ্ঞাপন কৰা অনুষ্ঠানটিত বিশিষ্ট আইনজীৱী অনন্ত গোস্বামীয়ে স্বামী বিবেকানন্দৰ এখন ফটোৰে ওলগ জ্ঞাপন কৰি নলিনী বৰুৱাৰ কেবাখনো পুৰণি ফটো প্ৰদৰ্শন কৰি কেনেদৰে তেওঁৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল সেই প্ৰসংগ উল্লেখ কৰি ওলগনি ভাষণ প্ৰদান কৰে। উল্লেখ্য যে, নলিনী বৰুৱাৰ পুত্ৰ, কন্যা, বোৱাৰী, নাতিৰ লগতে একাংশ বিশিষ্ট উপস্থিতিত অনুষ্ঠিত ওপজা দিনৰ এই অনুষ্ঠানতে শিল্পীগৰাকীয়ে নিজেই কেক কাটি আনন্দ – উল্লাসৰ সমভাগী হয় সকলো। শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ডঃ ভূপেন শইকীয়া,তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, তেজপুৰ ফটোগ্ৰাফী ক্লাবৰ সম্পাদক বাৰ্লিন কুমাৰ শইকীয়া, প্ৰবীণ লেখিকা মায়া শৰ্মা, সভাপতি ৰমেশ চন্দ্ৰ কলিতা আদিয়েও ওলগনি ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত শিল্পী নলিনী বৰুৱাই নিজৰ অনুভৱ সদৰী কৰি আজি চৌদিশে দেখা পোৱা মূল্যবোধৰ অৱক্ষয়ৰ ছবিখনে হতাশ কৰিছে বুলি মন্তব্য কৰি উঠি অহা প্ৰজন্মৰ মোবাইল প্ৰীতি ৰোধ কৰিব নোৱাৰিলে ভৱিষ্যত প্ৰজন্ম পংগু হৈ পৰিব বুলি মন্তব্য কৰে। উল্লেখ্য যে, অনুষ্ঠানটিৰ আৰম্ভণিতে তেজপুৰ সাহিত্য সভা প্ৰাংগনত এটি গুটিমালী ফুলৰ পুলিও এনেদৰে ৰোপণ কৰে নলিনী বৰুৱাই।উল্লেখ্য যে, প্ৰকৃতিৰ বিনন্দীয়া ৰূপৰ পৰা জীয়া বাস্তৱৰ যুগজয়ী আলোকচিত্ৰৰে আন্তঃৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হোৱা এইগৰাকী দুৰুন্ত তৰুণ আলোকচিত্ৰশিল্পী ৰাজ্য, দেশবাসীতেই নহয়, আমেৰিকা ইটালী আদি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সমাদৃত হৈছিল৷ এৱাৰ্ডেড ফটোগ্ৰাফ চচাইটি অৱ আমেৰিকাৰ দ্বাৰা পুৰস্কৃত হোৱাৰ লগতে ইটালীৰ এ ফেডাৰেশ্যন অৱ ইন্টাৰনেচনেল আৰ্ট ফটোগ্ৰাফীত স্বৰ্ণ তথা ব্ৰঞ্জৰ পদক লাভ কৰা আলোকচিত্ৰশিল্পী নলিনী বৰুৱাৰ প্ৰতিখন ছবিয়েই কয় কথা৷ ১৯৭১ চনত গুৱাহাটী ৰবীন্দ্ৰ ভৱন, ১৯৭৬ চনত দিল্লীৰ একাডেমী অৱ ফাইন আৰ্টচ, ১৯৭৭ চনত কলকাতাত একক আলোচনী প্ৰদৰ্শনীলৈ আমন্ত্ৰিত হোৱাৰ পিছত দেশৰ বিভিন্ন স্থানৰ লগতে জাৰ্মানী, লণ্ডন, নিউ জাৰ্চি, ৱাচিংটন আদিত প্ৰায় তিনিকুৰিখন একক আলোকচিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰা শিল্পীগৰাকীয়ে বহু ৰাষ্ট্ৰীয় সন্মানো ইতিমধ্যে লাভ কৰিছিল৷ আনহাতে বিশ্বৰ আগশাৰী কাকত আলোচনী শংকৰ উইকলি, ফটোগ্ৰাফী ইয়েৰ বুক, লণ্ডন, ইলাষ্ট্ৰেটেড ইউকলি অৱ ইণ্ডিয়া আদিত শিল্পীগৰাকীৰ আলোকচিত্ৰ প্ৰকাশ হোৱাৰ লগতে ১৯৭৭ চনত আমেৰিকাৰ ফটোগ্ৰাফী চছাইটিৰ জাৰ্নেল এৱাৰ্ড, ১৯৮১ চনত ইটালীত অনুষ্ঠিত ইন্টাৰনেচনেল কালাৰ শ্লাইড একজিভিছ্যনত ক্লাৱ এৱাৰ্ড, ১৯৮২ চনত ইটালীত ফেডাৰেশ্যন অৱ ইন্টাৰনেশ্যনেল আৰ্ট ফটোগ্ৰাফীৰ বিৰল সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছিল৷ কেট ট্ৰাইঅ’, মিছিং বিহু ডেন্স আদি শিৰোনামৰ যুগজয়ী আলোকচিত্ৰৰে সমাদৃত হোৱা নলিনী বৰুৱাই কেইবছৰ মান পূৰ্বে নিজৰ যুগান্তকাৰী আলোকচিত্ৰসমূহ একত্ৰিত কৰি ‘ইমেজেচ’ শীৰ্ষক এখন বৃহৎ কলেৱৰৰ গ্ৰন্থও প্ৰকাশ কৰি উলিয়াইছিল৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More