শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ ছেপ্টেম্বৰ : বৰ্তমান এপলক বিশ্বৰ অন্যতম বিখ্যাত টেক কোম্পানী হিচাপে গণ্য কৰা হয়। লগতে প্ৰাৰ্থীসকলে কঠোৰ পৰিশ্ৰম কৰি এই সংস্থাটোত চাকৰি এটা লাভ কৰে। অৱশ্যে এইবাৰ এপলৰ চিইঅ’ টিম কুক (টিম কুক) নিজেই এগৰাকী ভাৰতীয় ছোৱালীক প্ৰশংসা কৰিছে। কেৱল সেয়াই নহয়, এইটোও জনা গৈছে যে এই আচৰিত ছোৱালীগৰাকীয়ে ইতিমধ্যে আটাইতকৈ কম বয়সীয়া iOS এপ ডেভেলপাৰ হিচাপে স্বীকৃতি লাভ কৰিছে।
* বয়স মাত্ৰ ন বছৰ
৯ বছৰীয়া হানা মহম্মদ ৰফিক বৰ্তমান ডুবাইত থাকে। শেহতীয়াকৈ টিম কুকে আইফোনৰ বাবে এটা iOS এপ তৈয়াৰ কৰাৰ বাবে ছোৱালীগৰাকীক প্ৰশংসা কৰিছে। এই প্ৰসংগত হানাই কয় যে তেওঁ ‘হানাছ’ নামৰ এটা গল্প কোৱা এপ প্ৰস্তুত কৰিছে। য’ত অভিভাৱকে নিজৰ সন্তানৰ বাবে গল্প ৰেকৰ্ড কৰিব পাৰে।
* ৮ বছৰ বয়সতে হানাই তৈয়াৰ কৰিছিল এপ
মূলতঃ হানাই বিকশিত কৰা বিনামূলীয়া আই অ’ এছ এপটোত শিশুৰ বাবে উপযোগী কাহিনী সন্নিবিষ্ট কৰা হৈছে। বৰ্তমানৰ ব্যস্ত জীৱনত পিতৃ-মাতৃয়ে সন্তানৰ লগত সময় কটাবলৈ বা কাহিনী ক’বলৈ প্ৰয়োজনীয় আজৰি সময় নাপায়। এই কথা মনত ৰাখি হানাই এপটো বনাবলৈ সিদ্ধান্ত লৈছিল। এই এপটো তৈয়াৰ কৰাৰ সময়ত হানাৰ বয়স আছিল আঠ বছৰ। হানাই কয় যে পাঁচ বছৰ বয়সতে তেওঁক প্ৰথমবাৰৰ বাবে ক’ডিঙৰ সৈতে পৰিচয় কৰাই দিয়া হৈছিল। ইফালে এই প্ৰগ্ৰেমৰ বাবে তেওঁ প্ৰায় ১০ হাজাৰ লাইন ক’ড লিখিবলগীয়া হৈছিল। এই সন্দৰ্ভত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, ইমান কম বয়সতে এই অসাধাৰণ কৃতিত্বৰ বাবে টিম কুকে ইমেইল কৰি হানাক অভিনন্দন জনায়। কুকে লগতে কয় যে যদিহে হানাই এনেদৰে কাম কৰি থাকে তেন্তে ভৱিষ্যতে তেওঁ অবিশ্বাস্য সফলতা লাভ কৰিবলৈ সক্ষম হ’ব। জানিব পৰা মতে হানাই ১০ বছৰীয়া ভগ্নী লীনাৰ পৰা ক’ডিং শিকিবলৈ আৰম্ভ কৰিছিল। লগতে লীনাই ৬ বছৰ বয়সতে এটা ৱেবচাইট তৈয়াৰ কৰিছিল। লীনাই আমেৰিকালৈ গৈ পঢ়া-শুনা কৰিব বিচাৰে। অহা বছৰ এপলৰ ৱৰ্ল্ডৱাইড ডেভেলপাৰছ কনফাৰেন্সত অংশগ্ৰহণ কৰিবলৈয়ো হানা ইচ্ছুক।