ৰঙানদীত  নীপকোৱে এৰা পানীয়ে উটুৱাই নিলে ৩৫খন গাঁৱৰ ৰাইজে গাঁঠিৰ ধনেৰে নিৰ্মাণ কৰা দুখনকৈ দলং

লখিমপুৰত  বিভীষিকাঃ আজিও খুলিলে গেটঃ শ শ হেক্টৰ পকাধান পানীৰ তলত

0 74

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৬ অক্টোবৰঃ লখিমপুৰ জিলাৰ বৃহত্তৰ পানীগাঁও অঞ্চলৰ নিচেই সমীপৱৰ্তী আমতলাত এতিয়া ৰঙানদীৰ পানীয়ে বিভীষিকাৰ সৃষ্টি কৰিছে৷ নীপকোৱে ৰঙানদীত এৰি দিয়া বিশাল জলৰাশিৰ বাবেই এই সমগ্ৰ অঞ্চলটোত এতিয়া অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ কালি নীপকোৱে ৰঙানদীত বুজন পৰিমাণৰ পানী এৰি দিয়াৰ পিছত মঙ্গলবাৰে বিয়লি প্ৰায় ৪.৩০ বজাত খাৰকাটি-ফটাসুঁতি ঘাটৰ কাঠৰ দলংখনৰ লগতে ইয়াৰ সমীপৱৰ্তী দোৱাৰপাৰ, চেঙামাৰী, শান্তিপুৰ, খাৰকাটি আদি অঞ্চলত ৰঙানদীৰ ওপৰত থকা বহুকেইখন বাঁহৰ দলং উটুৱাই নিয়াত সমগ্ৰ অঞ্চলটোত যোগাযোগ বিছিন্ন হৈ পৰিছে৷IMG 20221026 WA0020 পৰিতাপৰ কথা যে খৰালি পশ্চিম তেলাহী মৌজাৰ প্ৰায় ৩৫খন গাঁৱৰ ৰাইজে গাঁঠিৰ ধন খৰচ কৰি এই দলং দুখন নিৰ্মাণ কৰিছিল৷ ঘৰে ঘৰে বাঁহ কাঠ সংগ্ৰহ কৰি ৰাইজে নিৰ্মাণ কৰিছিল একাধিক বাঁহৰ দলং৷ মঙ্গলবাৰে ৰঙানদীত অহা নীপকোৰ প্ৰচণ্ড ঢলে ৰাইজৰ এই কষ্টোপাৰ্জিত ধনেৰে নিৰ্মাণ কৰা দলংসমূহ নিমিষতে বিধ্বস্ত কৰি উটুৱাই নিয়াৰ পিছত দুয়োপাৰৰ বৃহৎ সংখ্যক ৰাজহ গাঁৱৰ মাজত যোগাযোগ বিছিন্ন হৈ পৰাত ৰাইজ কিংকৰ্তব্য বিমোৰ হৈ পৰিছে৷ তেনেদৰে নীপকোৰ পানীৰ বাবেই এতিয়া সমগ্ৰ আমতলা অঞ্চলৰ বহু গাঁও জলমগ্ন হৈ পৰিছে৷ একেদৰে আজিও নীপকোৱে ৰঙানদীত পুৱা আৰু বিয়লি ৪ নং গেটেৰে  পানী ৰঙানদীত এৰি দিয়াৰ ফলত এই গাঁও সমূহত আতংকই দেখা দিছে৷ প্ৰাপ্ত তথ্য অনুসৰি ৰঙানদীৰ বাঢ়নী পানীয়ে আমতলা সাপেখাটী, পকাদল, গোপালপুৰ, দোৱাৰপাৰ, পূৱ আমতলা নেপালী, পশ্চিম কৰতিপাৰ, কঠাল পুখুৰী, গামচুক, চেঙামাৰী, শান্তিপুৰ, ললিতি চেঙামাৰী, ধৰ্মপুৰ, মৰতপুৰ, খাৰকাটি, মলোৱাল, যোৰখাট বনিয়া আদি বহু গাঁও এতিয়া বানৰ কবলত পৰিছে৷ কেৱল গাঁও সমূহেই নহয় ইয়াৰ জীৱ-জন্তুৰ লগতে মানুহৰ বাসগৃহ পৰ্যন্ত বানৰ কবলত পৰিছে৷IMG 20221026 WA0021 কাতিমহীয়া অহা আবতৰীয়া বানে ইতিমধ্যে এই অঞ্চলসমূহৰ বহু পকাধান বুৰাই পেলোৱাত কৃষিজীৱী লোকসকল চিন্তিত হৈ পৰিছে৷ শ শ হেক্টৰ কৃষিপথাৰ পানীৰ কবলত পৰাৰ লগতে বহু পকাধান বালিৰে পুতি পেলোৱা বুলি স্থানীয় লোকে জানিবলৈ দিছে৷ পৰিতাপৰ কথা যে প্ৰতি বছৰে এনেদৰে নীপকোৰ পানীয়ে লখিমপুৰত বিভীষিকাৰ সৃষ্টি কৰি আহিছে যদিও ৰাজ্য চৰকাৰ অথবা লখিমপুৰ জিলা প্ৰশাসনে নীপকোক নিয়ন্ত্ৰণ কৰিব পৰা নাই৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More