ৰঙানদীত নীপকোৱে এৰিলে পানী

ৰঙানদীৰ সোঁতে উটুৱাই নিলে চাৰিখনকৈ দলং

0 20
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৫ মে : লখিমপুৰ জিলাৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত প্রায় এসপ্তাহ ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত জিলাখনৰ জনজীৱন বিপৰ্যস্ত হৈ পৰিছে। ইফালে ৰঙানদীত নীপকোৱে ২০০ মিলি মিটাৰ পানী এৰাৰ ফলত নামনিত পানীৰ সোঁত বৃদ্ধি পোৱাৰ লগতে আজি ৰঙানদীৰ বাঢ়নী পানীয়ে চাৰিখনকৈ বাঁহৰ দলং উটুৱাই নিয়াত লখিমপুৰ সদৰৰ লগত বৃহত্তৰ আমতলাবাসীৰ যোগাযোগ বিছিন্ন হৈ পৰিছে। আজি দুপৰীয়াৰ ভাগত ৰঙানদীৰ বক্ষত পানীৰ সোঁত বৃদ্ধি পোৱাৰ ফলত তেলাহী মৌজাৰ পানীগাঁৱৰ দোৱাৰপাৰ, শান্তিপুৰ, জৈনপুৰ আৰু পকাদলৰ মাজত থকা চাৰিখনকৈ বাহৰ দলং ৰঙানদীৰ বাঢ়নী পানীয়ে উটুৱাই নিয়াত বৃহত্তৰ অঞ্চলটোৰে যোগাযোগ বিছিন্ন হৈ পৰিছে। ইফালে নীপকো সৃষ্টবানে লখিমপুৰৰ পানীগাঁও আৰু খাৰকাটিৰ মাজত থকা কাঠৰ দলংখন উটুৱাই নিয়াৰ উপক্ৰম ঘটোৱাত স্থানীয় লোকে দলঙৰ দুয়োমুৰে বাঁহ বান্ধি যাতায়াত বন্ধ কৰি দিবলৈ বাধ্য হয়। ৰঙানদী প্ৰকল্পৰ ৰিজাৰ্ভাৰত পানীৰ পৰিমাণ বৃদ্ধি হোৱাৰ ফলত ৰঙানদীত নীপকোৱে ২নং গেটেৰে পানী খুলি দিবলৈ বাধ্য হৈছে। ৰঙানদীৰ জলস্তৰ বৃদ্ধি পোৱাত নৈপৰীয়া লোকসকলৰ মাজত আতংকৰ সৃষ্টি হোৱাৰ লগতে মথাউৰিৰ ভিতৰত থকা কেবাখনো গাঁও প্রায় জলমগ্ন হৈ পৰিছে। ইফালে সোৱণশিৰি নদীয়ে পানীগাঁৱৰ ন-আলিত প্রচণ্ড খহনীয়াৰ সৃষ্টি কৰাত অঞ্চলটোলৈ তীব্র ভাবুকি নামি আহিছে। সোৱণশিৰিৰ বক্ষ ফেনে ফুটুকাৰে বাঢ়ি অহাৰ ফলত ইয়াৰ কাষৰীয়া গাঁওসমূহ বানৰ কবলত পৰাতো নিশ্চিত হৈ পৰাৰ লগতে খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছে। আনহাতে যোৱা প্ৰায় এসপ্তাহ ধৰি হৈ থকা ধাৰাষাৰ বৰষুণে লখিমপুৰত বিশেষকৈ শ্রমজীবি লোকসকলক সংকটত পেলাইছে। বহু দৰিদ্ৰ পৰিয়ালে এতিয়া হাজিৰা কাম কৰিব নোৱাৰি একপ্ৰকাৰে লঘোণে থকাৰ উপক্রম ঘটিছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More