ৰঙাপৰাত কটা মূৰ হাতত লৈ থানাত উপস্থিত হ’ল হত্যাকাৰীঃ তীব্ৰ চাঞ্চল্য

0 10

শতাব্দ প্ৰতিনিধি তেজপুৰ ১৬ আগষ্টঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাত নিশা এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনাই ৰাইজৰ মাজত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰে । গভীৰ নিশা এজন লোকৰ কটা মূৰ লৈ ৰঙাপৰা থানাত উপস্থিত হ’ল এজন ২৫ বছৰীয়া যুৱক। যিটো দৃশ্য প্ৰত্যক্ষ কৰাৰ লগে লগে হতভম্ব হৈ পৰে ৰঙাপৰা থানাৰ আৰক্ষী। ঘটনাৰ বিৱৰণী অনুসৰি ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত দয়ালপুৰ গাঁৱৰ নিৱাসী টুনিৰাম মাদ্ৰীয়ে একেখন গাঁৱৰে নিৱাসী ব্ৰইলৰ হেমৰম নামৰ ৫৫ বছৰীয়া বৃদ্ধ গৰাকীক শিৰশ্ছেদ কৰে আৰু তাৰ পিছত হত্যাকাৰীজনে প্ৰায় ১০ কিলোমিটাৰ পথ খোজ কাঢ়ি আহি কটা মূৰটো আৰু দাখন লগত লৈ একো অনুভৱ নকৰাকৈ থানাত উপস্থিত হয়। ব্ৰইলৰ হেমৰম নামৰ বৃদ্ধজনে টুনিৰাম মাদ্ৰীক মাত্ৰ পাঁচশ টকা বিচাৰিছিল। পাছত টুনিৰাম মাদ্ৰীয়ে টকাটো নিদিয়াৰ বাবে ব্ৰইলৰ হেমৰমে চাই লম বুলি ভাবুকি দিয়াত খঙত অগ্নিশৰ্মা হৈ হাতত থকা চোকা অস্ত্ৰখনৰে ডিঙিত ঘপিয়াই শিৰশ্ছেদ কৰে। ইফালে ঘটনাৰ সন্দৰ্ভত ৰঙাপৰা আৰক্ষীয়ে এটি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More