ৰমজানৰ ৰোজাঃ চিন্তন-মনন আৰু বিজ্ঞান

0 119

 

মুক্তাৰ আলী

সমগ্ৰ বিশ্বতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ ৰমজান উপলক্ষে ৰোজা পালন কৰি আছে। ৰোজা হল একপ্ৰকাৰ কঠোৰ ব্ৰত। সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তৰলৈ খাদ্য,পানী আদি একোৱেই গ্ৰহণ নকৰাকৈ থকাৰ নামেই ৰোজা। ৰোজা ভোকৰ তাড়ণা নুবুজা আঢ্যৱন্তক ভোক পিয়াহৰ অনুভৱ দি অন্তৰৰ অহংকাৰ ধুই নিকা কৰাৰ কচৰৎ ।ৰোজা মনৰ মলিনতা আঁতৰাই সৰল মানৱীয় প্ৰমূল্যক প্ৰতিষ্ঠা কৰি হিংসা,দ্বেষ, অসুয়া, অপ্ৰীতি, ক্ৰোধ আদি অন্তৰৰ অসুৰক দমন কৰি ন্যায়,সততা, মানৱীয় প্ৰমূল্যৰ প্ৰতিষ্ঠা কৰি সুন্দৰ আৰু শুদ্ধ জীৱন-প্ৰণালীৰ বাবে আকৌ এবাৰ নিজক চালি জাৰি লোৱাৰ মাধ্যম।

চিকিৎসা বিজ্ঞানৰ মতে-ৰোজা ধৰাৰ সময়ত ৰোজাদাৰৰ শৰীৰটোৱে নিজাববীয়াকৈ শৰীৰত জমা হৈ থকা অতিৰিক্ত মেদ বা চৰ্বি, শৰ্কৰা (কাৰ্বহাইড্রেট), দহন কৰি শক্তি উৎপন্ন কৰে। ৰোজাৰ মুখ্য উপকাৰিতা হৈছে, ডি-টক্সিফিকেশ্বন বা হানিকাৰক পদার্থ বাহিৰলৈ উলিয়াই দিয়া। কিন্তু, ইয়াতেই ৰোজা সীমাবদ্ধ নহয়। ৰোজা মানে ধৈৰ্য, দয়া আৰু ক্ষমা । ধৰ্মীয় দৃষ্টিৰে চালে ৰোজা কেৱল উপবাসে থকাকে নুবুজায়।ই হ’ল উপবাসৰ লগতে গভীৰ আত্মসংযম। মানসিকতাৰ আমূল পৰিৱৰ্তন ইয়াৰ মূল উপাদান। মন মগজুৰ লগতে চকু, কাণ, মুখ আদি সৰ্ব ইন্দ্ৰিয়ৰ বেয়া আচৰণ,অসৎ প্ৰবৃত্তিৰ পৰা বিৰত ৰখাৰ লগতে ৰিপু আদি দমন কৰি আত্মশুদ্ধি আৰু পৱিত্রতা, সংযমতা অৱলম্বন কৰাটো হৈছে ৰোজাৰ অন্যতম উদ্দেশ্য।

ৰোজা শান্তিৰ বাহক। শান্তি হ’ল সমাজ প্ৰতিষ্ঠাৰ মূল উদ্দেশ্য।সমাজ এখনত বসবাস কৰা সকলো মানুহেই একে মন মানসিকতাৰ নহয়।ভিন্ন মানসিকতাৰ মানুহৰ মাজতো শান্তিৰ বাতাবৰণ বাহাল ৰাখিবলৈ যি সংযমতাৰ প্ৰয়োজন সেয়া সৃষ্টি কৰিব পাৰি ৰোজাৰ মাধ্যমেৰে। মানুহৰ শ্ৰেণীবিভাজন কৰাৰ পৰিৱৰ্তে ধনী দুখীয়া সকলোকে একেশাৰীতে সমভাৱে উপস্থাপন কৰাটো ৰোজাৰ অন্যতম মুখ্য ইতিবাচক দিশ।
ৰোজা সংযমী আৰু ধৰ্মভীৰুতাৰ প্ৰক্ৰিয়া।
ৰোজা অমানৱীয় প্ৰমূল্যৰ বিপৰীতে সুষ্ঠ পৰিৱেশ আৰু সবল সমাজ গঠনৰ এক চিৰসেউজ পৰম্পৰা।

ৰোজাৰ আন কেতবোৰ গুৰুত্বপূৰ্ণ দিশ হল —

  •  দৰিদ্ৰ কল্যাণ প্ৰক্ৰিয়া— ধনৱন্ত সকলে উপাৰ্জনহীন দুখীয়া নিচলাক অৰ্থ সাহায্য প্ৰদান কৰি ঈদৰ আনন্দ দিয়া ।বস্ত্ৰ ,অন্ন অৰ্থৰ জৰিয়তে শান্তি প্ৰসাৰিত কৰা।(যাকাত ফিৎৰা ইত্যাদি)।
  • ৰোজাই ঈশ্বৰ অস্তিত্বক আন্তৰিকতাৰে উপলব্ধি কৰিবলৈ শিকায়।কেৱল উপবাসে থাকিলেই ৰোজা পূৰ্ণাংগ নহয়।ৰোজাৰ লগত নামাজ ইটো আনটোৰ পৰিপূৰক।
  •  নিজৰ উপাৰ্জিত জমাকৃত অৰ্থৰ এটি ক্ষুদ্ৰ অংশ (প্ৰতি এহেজাৰ টকাৰ বিপৰীতে পঁচিশ টকা) আৰ্তজন অথবা বংশ পৰিয়ালৰ দৰিদ্ৰজনলৈ অৰ্পণ কৰা ।এই প্ৰক্ৰিয়া ৰূপায়ণ অবিহনে ৰোজাৰ মহত্ব প্ৰকাশিত নহয়।লগতে প্ৰতিগৰাকী ব্যক্তিৰ বিপৰীতে নিৰ্ধাৰিত অৰ্থ (ফিৎৰা) নিচলাক প্ৰদান কৰা ৰোজাধাৰীৰ অন্যতম কৰ্তব্য।

সম্প্ৰতি ৰোজা এক ফেশ্বনলৈ গতি কৰিছে। ইয়াৰ অন্তৰ্নিহিত তত্ত্ব-মহত্বৰ প্ৰতি গুৰুত্ব নিদি ৰোজাক উপাসনা হিচাপে নলৈ উৎসৱ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা হৈছে।মহত্ব বুজি ৰোজাৰ উপাসনা কৰিলে ইয়াৰ দ্বাৰা বিশ্ব শান্তি প্ৰতিষ্ঠা হ’ব পাৰে ।আত্মকেন্দ্ৰিকতাক বিসৰ্জন দি ধাৰ্মিক দৃষ্টিকোণেৰে ৰোজা পালন কৰা লোকসকলৰ পৰা এখন শান্তিকামী সমাজৰ আশা কৰাটো একেবাৰেই অমূলক নহয়।

লেখকৰ ঠিকনা
তিনতিয়া,মেৰমুখ, লখিমপুৰ
ম’বাইল ৯৬৭৮২৯৬৯১০

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More