ৰহস্য সাহিত্য সম্ৰাট ৰঞ্জু হাজৰিকাক ‘টীয়কপৰীয়া সাহিত্য বঁটা-২০২১’ প্ৰদান

সাহিত্য বিহীন জাতি সুস্থ আৰু সুস্থিৰ হৈ জীয়াই থাকিব নোৱাৰে – ৰঞ্জু হাজৰিকা

0 34

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২২ মে’: সাহিত্য বিহীন জাতি কেতিয়াও সুস্থ আৰু সুস্থিৰ হৈ থাকিব নোৱাৰে । জাতিৰ সৰ্বতোপ্ৰকাৰৰ বিকাশ আৰু উত্তৰণৰ বাবে সাহিত্য অতি প্ৰয়োজনীয় । অসমীয়া ভাষাটো জীয়াই থাকিবলৈ হ’লে সাহিত্য চৰ্চা বা সাহিত্য পঢ়া দুয়োটা কথা হ’বই লাগিব বুলি আজি ‘টীয়কপৰীয়া সাহিত্য বঁটা-২০২১’ গ্ৰহণ কৰি মন্তব্য কৰে প্ৰসিদ্ধ সাহিত্যিক তথা ৰহস্য সাহিত্যৰ সম্ৰাট হিচাপে পৰিগণিত ৰঞ্জু হাজৰিকাই । উল্লেখ্য যে, উজনিৰ টীয়কৰ পৰা প্ৰকাশিত কাব্যালোচনী ‘শিকলি’ৰ উদ্যোগত আৰু মৃগনাভীৰ সহযোগত চন্দ্ৰকান্ত হাজৰিকা আৰু পুতু হাজৰিকা সোঁৱৰণী ‘টীয়কপৰীয়া সাহিত্য বঁটা-২০২১’ প্ৰদানৰ এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত কলিয়াবৰৰ চোলোঙৰ গ্ৰীণ আছিয়ানা ৰিজ’ৰ্টৰ সভাকক্ষত আজি পুৱাৰ ভাগৰ পৰা অনুষ্ঠিত বিশেষ অনুষ্ঠানটিত এই বঁটা গ্ৰহণ কৰি সাতশৰো অধিক গ্ৰন্থৰ প্ৰণেতা তথা সম্প্ৰতি তেজপুৰৰ বাসিন্দা ৰঞ্জু হাজৰিকাই শাৰিৰীক অসুস্থতাৰ বাবে এই বঁটা টীয়কত গ্ৰহণ কৰিব নোৱাৰাৰ পিছত টীয়কৰ পৰা আহি এনেদৰে প্ৰদান কৰাৰ বাবে অনুষ্ঠানৰ উদ্যোক্তাসকলক কৃতজ্ঞতা জ্ঞাপন কৰে । ভাষণ প্ৰসঙ্গত প্ৰসিদ্ধ ৰহস্য সাহিত্যিক গৰাকীয়ে সামাজিক মাধ্যমত ম’বাইল ফোনৰ জৰিয়তে যিমানেই সাহিত্য সৃষ্টি নহওঁক কিয় সেই সৃষ্টিয়ে গ্ৰন্থৰ ৰূপ লাভ নকৰিলে ভাষাটোৱে প্ৰকৃত মৰ্যাদা লাভ কৰিব নোৱাৰে বুলি মন্তব্য কৰি বৰ্তমানলৈকে তেওঁ ৰচনা কৰা সাহিত্য আৰু গ্ৰন্থ সমূহৰ প্ৰসঙ্গ অৱতাৰণা কৰি পূৰ্বৰ দৰে এতিয়া কিতাপৰ বজাৰ বহু বেয়া বুলি আক্ষেপ প্ৰকাশ কৰে । এই কিতাপ পঢ়াৰ প্ৰৱণতা নোহোৱা হ’লে ভাষা সাহিত্যৰ শ্ৰীবৃদ্ধি সম্ভৱ নহয় বুলি মন্তব্য কৰি অসমীয়া ভাষা সকলোৱেই পঢ়িবলৈ আৰু শিকিবলৈ আয়ত্ত কৰিলেহে জাতিটো সুৰক্ষিত হৈ থাকিব বুলি মন্তব্য কৰে । আনহাতে ১৫-১৬ বছৰতেই লিখিবলৈ আৰম্ভ কৰা ৰঞ্জু হাজৰিকাই প্ৰকৃত নাম ‘কুমুদ হাজৰিকা’ সলনি কৰি ঘৰত মতা নামেৰে লিখিবলৈ আৰম্ভ কৰাৰ পৰাই আৰু শান্তনু তামুলীৰ জৰিয়তে ত্ৰিশূল আলোচনীত জড়িত হৈ এসময়ত ‘ত্ৰিশূল’ৰ সম্পাদক হিচাপে জড়িত হোৱাৰ পৰাই ধাৰাবাহিক ভাৱে সাহিত্য সমূহ সৃষ্টি হয় বুলি মন্তব্য কৰে । ‘শিকলি’ৰ মুখ্য সম্পাদক অৰূপজ্যোতি হাজৰিকাই আঁতধৰা আৰু দাতা পৰিয়ালৰ দেৱজিৎ হাজৰিকাই আদৰণি ভাষণ দাঙি ধৰা এই বঁটা প্ৰদান অনুষ্ঠানত প্ৰসিদ্ধ সাহিত্যিক গৰাকীক গামোচা, অংগবস্ত্ৰ, স্মাৰক, গ্ৰন্থৰ টোপোলা, ফুলাম জাপি, প্ৰশস্তিপত্ৰ আৰু নগদ ধনেৰে ‘টীয়কপৰীয়া সাহিত্য বঁটা-২০২১’ প্ৰদান কৰা হয় । অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা শিশুবন্ধু দুলাল বৰাই ৰঞ্জু হাজৰিকাৰ সাহিত্য আৰু লেখা সমূহে উঠি অহা প্ৰজন্মক তাহানিৰে পৰা অনুপ্ৰাণিত কৰি আহিছে বুলি মন্তব্য কৰি সমগ্ৰ দেশৰ ভিতৰতেই হয়তো সৰ্বাধিক গ্ৰন্থ প্ৰকাশ কৰা লেখক গৰাকীয়ে চৰকাৰৰ পৰা যেনেদৰে সন্মান লাভ কৰিব লাগিছিল সেই সন্মান লাভ নকৰাত আক্ষেপ প্ৰকাশ কৰে । আনহাতে শিশু উপযোগীকে ধৰি সৰ্বাধিক গ্ৰন্থ ৰচনা কৰা লেখক গৰাকীক অসম সাহিত্য সভাৰ সভাপতি হিচাপে অসমৰ ৰাইজে বিচাৰে বুলি মন্তব্য কৰাৰ লগতে ভাৰত চৰকাৰক জ্ঞানপীঠ বঁটাৰে বিভূষিত কৰিবলৈ আহ্বান জনায় । আনহাতে অনুষ্ঠানটিত সন্মানীয় অতিথি হিচাপে উপস্থিত থকা ‘অকণিৰ সাহিত্য সভা’ৰ সভাপতি তথা অসম সাহিত্য সভাৰ প্ৰচাৰ উপসমিতিৰ আহ্বায়ক পংকজ বৰুৱাই এই গৰাকী লেখকৰ ৰচনাৰ পৰাই অসমত উঠি অহা প্ৰজন্মই এক গ্ৰন্থ অধ্যয়নৰ পৰিৱেশ লাভ কৰিছিল বুলি মন্তব্য কৰে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More