ৰাইজৰ সহায়ত পৰিচালিত শোণিতপুৰৰ এখন বিদ্যালয়…

বিদ্যালয় কৰ্তৃপক্ষ আৰু এবছুৰ উদ্যোগত সম্বৰ্ধনা সভা

0 21

শতাব্দ প্ৰতিনিধি তেজপুৰ,৫জুলাই: শোণিতপুৰৰ বৰছলা বিধানসভা সমষ্টি অন্তৰ্গত খেলমাটিত অৱস্থিত সোণালী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী সকলক বিদ্যালয়ৰ পৰিয়াল বৰ্গৰ লগতে পশ্চিম তেজপুৰ আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আজি সম্বৰ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে,ভিতৰুৱা এই গ্ৰামাঞ্চলৰ পৰা বহুসংখ্যক ছাত্ৰছাত্ৰী অধ্যয়নৰ বাবে বিহগুৰি আৰু তেজপুৰলৈ আহিবলগীয়া হোৱাৰ প্ৰতি লক্ষ্যৰাখি স্থানীয় ৰাইজে এইখন বিদ্যালয় স্থাপন কৰিছিল। প্ৰথম অৱস্থাত একাদশ আৰু দ্বাদশ শ্ৰেণীৰে আৰম্ভ হোৱা বিদ্যালয়খনত পৰৱৰ্তী সময়ত ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীও অন্তৰ্ভুক্ত কৰা হয় আৰু এইবাৰ এইখন বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথমটো শিক্ষাৰ্থীৰ দল অৱতীৰ্ণ হোৱাৰ লগতে এশ শতাংশই উত্তীৰ্ণ হয়। প্ৰণিধানযোগ্য যে,ছাত্ৰছাত্ৰীৰ ভৰ্ত্তি মাছুল আৰু স্থানীয় ৰাইজৰ বৰঙনিৰে বিদ্যালয়খন পৰিচালিত হৈ আছে। আজি আয়োজিত সভাখন বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা জ্যেষ্ঠ নাগৰিক ৰমনিমোহন শইকীয়াই পৌৰোহিত্য কৰাৰ লগতে অধ্যক্ষ মনোজ নাথ আৰু বিদ্যালয় পৰিচালনা সমিতিৰ উপসভাপতি প্ৰদীপ শইকীয়াই উত্তীৰ্ণ ছাত্ৰছাত্ৰী সকলক অভিনন্দন জ্ঞাপন কৰি অনাগত দিনত এইখন বিদ্যালয়ে মানৱ সম্পদ গঢ়াত বিশেষ ভূমিকা পালন কৰিব বুলি আশা ব্যক্ত কৰে। স্থানীয় এবছু নেতা জিকু বড়োৱেও ছাত্ৰছাত্ৰী সকলক অভিনন্দন জ্ঞাপন কৰে। ৰাইজৰ আশাশুধীয়া প্ৰচেষ্টাত গঢ় লৈ উঠা আৰু চৰকাৰী স্বীকৃতি লাভ কৰিলেও এই পৰ্যন্ত চৰকাৰীকৰণ নোহোৱা বিদ্যালয়খনৰ উপাধ্যক্ষা পল্লবী শৰ্মা আৰু পশ্চিম তেজপুৰ আঞ্চলিক বড়ো ছাত্ৰ সন্থা সম্পাদক ৰূপজ্যোতি বড়োৱে আঁত ধৰা এই অনুষ্ঠানত বিদ্যালয়খনৰ পৰা প্ৰথমবাৰলৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ পাঁচটা বিষয়ত লেটাৰ নম্বৰ সহ ডিষ্টিংচন লাভ কৰা বিচিত্ৰ নাথৰ লগতে পল্লৱ জ্যোতি নাথে পাঁচটা বিষয়ত লেটাৰ নম্বৰ অমৰজিৎ দাসে তিনিটা বিষয়ত লেটাৰ নম্বৰ আৰু চয়নিকা বড়োৱে প্ৰথম বিভাগত উত্তীৰ্ণ হয়। এইসকল মেধাবী ছাত্ৰছাত্ৰীক বিদ্যালয় কৰ্তৃপক্ষ আৰু এবছুৱে সম্বৰ্ধনা জনোৱাৰ উপৰি শিক্ষাদানৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰা তিনিগৰাকী শিক্ষক শিক্ষয়িত্ৰী পল্লবী শৰ্মা,অমিতাভ কলিতা আৰু দীপশিখা কলিতাকো বিদ্যালয়ৰ শ্ৰেষ্ঠ শিক্ষকৰ বঁটা প্ৰদান কৰা হয়।উল্লেখযোগ্য যে,আমন্ত্ৰিত অতিথি হিচাপে আজিৰ সভাত উপস্থিত থকা স্থানীয় বিধায়ক গণেশ কুমাৰ লিম্বুৱে বিদ্যালয়খনৰ উন্নয়নৰ বাবে সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি বিদ্যালয়খনৰ কেতবোৰ সমস্যা সমাধান কৰা হ’ব বুলিও আশ্বাস দিয়ে। বিধায়কজনক বিদ্যালয়ৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে এখন স্মাৰক পত্ৰও আজি ৰাজহুৱাভাবে প্ৰদান কৰা হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More