ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰিকল্পনা নাইঃ ঘোষণা কৰিলে ৰাষ্ট্ৰপতি পুটিনে

0 18

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ অক্টোবৰ : ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে কয় যে ইউক্ৰেইন যুদ্ধত পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাথাকিব। মস্কোত আন্তঃৰাষ্ট্ৰীয় কূটনীতি বিশেষজ্ঞসকলৰ এখন বৈঠকত তেওঁ কয়— “ইউক্ৰেইন যুদ্ধত পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰাৰ আমাৰ কোনো পৰিকল্পনা নাই। মই ভাবোঁ ইয়াৰ প্ৰয়োজন নহ’ব।’’ ইউক্ৰেইনত যুদ্ধৰ মাজতে ২৬ অক্টোবৰৰ পৰা আৰম্ভ কৰিছে ৰাছিয়াৰ সেনাই পাৰমাণৱিক অনুশীলন। পুটিনে দেশৰ পাৰমাণৱিক অস্ত্ৰৰ বাবে দায়বদ্ধ বাহিনী নিউক্লিয়াৰ ষ্ট্ৰেটেজিক ফৰ্চৰ কচৰতো পৰ্যবেক্ষণ কৰে। ৰাছিয়াৰ চৰকাৰী সংবাদ সংস্থা আৰ আই এয়ে প্ৰকাশ কৰা এখন ফটোত টেলিভিছনৰ পৰ্দাত পাৰমাণৱিক যুদ্ধৰ প্ৰস্তুতি চাই থকা অৱস্থাত দেখা গৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক। এই পৰিস্থিতিত পুটিনৰ মন্তব্যক কূটনীতিবিদৰ এটা দলে ‘গুৰুত্বপূৰ্ণ’ বুলি গণ্য কৰে। তেওঁলোকৰ মতে, আন্তঃৰাষ্ট্ৰীয় হেঁচাত পৰি তেওঁ পাৰমাণৱিক আক্ৰমণক লৈ নিজৰ সুৰ কোমল কৰিবলৈ বাধ্য হৈছে। সেই বৈঠকত পুটিনে আমেৰিকা আৰু ইয়াৰ মিত্ৰ দেশসমূহকো লক্ষ্য কৰি লৈছিল। আমেৰিকাকে ধৰি পশ্চিমীয়া দেশসমূহে ইউক্ৰেইনক কেন্দ্ৰ কৰি এক লেতেৰা আৰু বিপজ্জনক খেল খেলিছে বুলি উল্লেখ কৰি পুটিনে কয়— “আমি এবাৰো পাৰমাণৱিক অস্ত্ৰৰ ব্যৱহাৰৰ কথা কোৱা নাই।” ইউক্ৰেইনত ২৪ ফেব্ৰুৱাৰীত পুটিনে সামৰিক অভিযান চলোৱাৰ কথা ঘোষণা কৰাৰ পিছত প্ৰথমবাৰৰ বাবে ৰাছিয়াৰ ‘পাৰমাণৱিক কৌশলগত বাহিনী’ৰ অনুশীলন অনুষ্ঠিত হয়। ইয়াৰ পূৰ্বে ৰাছিয়াৰ সেনাই স্থল আৰু চাবমেৰিনৰ পৰা পাৰমাণৱিক অস্ত্ৰধাৰী ক্ষেপণাস্ত্ৰ পৰীক্ষা কৰিছিল। শেহতীয়াকৈ পশ্চিমীয়া একাংশ সংবাদ মাধ্যমে দাবী কৰিছে যে আমেৰিকা নেতৃত্বাধীন সামৰিক মিত্ৰজোঁট নাটো আৰু ইউক্ৰেইনৰ ওপৰত হেঁচা বৃদ্ধি কৰিবলৈ পুটিনে কৃষ্ণ সাগৰৰ গভীৰত পাৰমাণৱিক বোমা পৰীক্ষা কৰিব পাৰে। ২৬ অক্টোবৰৰ পিছত একাংশ সামৰিক পৰ্যবেক্ষকৰ মতে এই সম্ভাৱনা অধিক শক্তিশালী হৈ পৰিছে। ১০ অক্টোবৰৰ পৰা খেৰছনৰ জাপোৰিজিয়াকে ধৰি কিছুমান অঞ্চলত নতুনকৈ আক্ৰমণ আৰম্ভ কৰিছে ৰাছিয়াৰ সেনাই। সামৰিক লক্ষ্যৰ উপৰি ঘন জনবসতিপূৰ্ণ অঞ্চলসমূহতো নিৰ্বিচাৰে মিছাইল আৰু ড্ৰ’ন আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন হৈছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ জেলেনস্কিৰ প্ৰতি আনুগত্যশীল বাহিনীয়ে আমেৰিকা আৰু ইউৰোপীয় দেশসমূহে প্ৰদান কৰা অস্ত্ৰ-শস্ত্ৰৰ সহায়ত আক্ৰমণ ৰোধ কৰাৰ চেষ্টা চলাইছে। এনে অৱস্থাত আমেৰিকা, ব্ৰিটেইনৰ দৰে একাংশ দেশে ৰাছিয়াই পাৰমাণৱিক আক্ৰমণ চলাব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে। এই সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনেও মস্কোক সতৰ্ক কৰি দিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More