ৰাছিয়াৰ পৰা তেল নিকিনিবাঃ ভাৰতক হেঁচা দিবলৈ আহিল আমেৰিকাৰ এলিজাবেথ

0 22
শতাব্দ বিশেষ প্ৰতিনিধি, ২৬ মে’ : ৰাছিয়াৰ পৰা আৰু অধিক খাৰুৱা তেল ক্ৰয় নকৰাৰ বাবে ভাৰতক সৈমান কৰাবলৈ আজি পুনৰ নতুন দিল্লীলৈ আগমন হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ প্ৰশাসনৰ আন এগৰাকী উচ্চ পদস্থ বিষয়া এলিজাবেথ ৰ’জেনবাৰ্গৰ। কালি নতুন দিল্লীত ভাৰত চৰকাৰৰ এগৰাকী জ্যেষ্ঠ বিষয়াই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল যে, ভাৰতে ৰাছিয়াৰ পৰা সুলভ মূল্যত খাৰুৱা তেল আমদানি অব্যাহত ৰাখিব, যদিও ৰেহাই মূল্যৰ সম্পৰ্কত কোনো স্থিৰ সিদ্ধান্ত লোৱা হোৱা নাই। যুদ্ধৰ পাছত  বৰ্তমান ভাৰতে ৰাছিয়াৰ পৰা প্ৰতি বেৰেলত ১০০ ডলাৰকৈ খাৰুৱা তেল ক্ৰয় কৰি আহিছে। আজি নতুন দিল্লীত আহি উপস্থিত হোৱা এলিজাবেথ ৰ’জেনবাৰ্গ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ট্ৰেজাৰী বিভাগৰ সন্ত্ৰাসবাদীক সাহায্য আৰু বিত্তীয় অপৰাধ সম্পৰ্কীয় বিষয় চোৱা-চিতা কৰা সহকাৰী সচিব। তেওঁ আজি নতুন দিল্লী আৰু মুম্বাইত চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিষয়াসকলৰ লগত আমেৰিকা যুক্তৰাষ্ট্ৰই ৰাছিয়াৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাৰ বিষয়ে অৱগত কৰাব। আৰু এই পৰিপ্ৰেক্ষিতত ৰাছিয়াৰ পৰা খাৰুৱা তেল আমদানি অতি সীমিত কৰিবলৈ নতুবা বন্ধ কৰিবলৈ পৰামৰ্শ আগবঢ়াব বুলি ধাৰণা কৰা হৈছে। অৱশ্যে পশ্চিমীয়া দেশসমূহৰ এই নিষেধাজ্ঞাৰ আওঁতাত খাৰুৱা তেলক অন্তৰ্ভুক্ত কৰা হোৱা নাই যদিও অহা এমাহ মানৰ ভিতৰত তেল আমদানিৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰাৰ সম্ভাৱনা আছে। সেয়েহে আমেৰিকা যুক্তৰাষ্ট্ৰই তেওঁলোকৰ অংশীদাৰ আৰু সহযোগী দেশসমূহক ৰাছিয়াৰ বিৰুদ্ধে আৰোপ কৰা নিষেধাজ্ঞা আৰু ৰপ্তানি-আমদানি নিয়ন্ত্ৰণ কৰা বিষয়সমূহ পুনৰ বিবেচনা কৰাৰ এটা অভিযান সমগ্ৰ বিশ্বজুৰি আৰম্ভ কৰিছে। এই অভিযানৰ অংশ হিচাপেই আজি ৰ’জেনবাৰ্গৰ ভাৰত ভ্ৰমণ। নিষেধাজ্ঞাৰ মাজতে ৰাছিয়াৰ পৰা বৃহৎ পৰিমাণে খাৰুৱা তেল আমদানি কৰা সন্দৰ্ভত মাৰ্কিন প্ৰশাসনে ভাৰতক সতৰ্কও কৰি দিছিল। অৱশ্যে ভাৰতৰ পেট্ৰোলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীৰ মতে ৰাছিয়াৰ পৰা আমদানি কৰা তেলৰ পৰিমাণ তেনেই সামান্য। বিশ্বৰ তৃতীয় বৃহৎ তেল আমদানি কৰা দেশ হিচাপে ভাৰতে যুদ্ধৰ পৰৱৰ্তী সময়ত ৰাছিয়াৰ পৰা আমদানি কৰা তেলৰ পৰিমাণ ক্ৰমাৎ বৃদ্ধি পাইছে। মাৰ্চ মাহত প্ৰতি দিনে ৬৬,০০০ বেৰেলৰ বিপৰীতে এপ্ৰিল মাহত ইয়াৰ পৰিমাণ হৈছিলগৈ ২,৭৭,০০০ বেৰেল। তেনেদৰে শোধনাগাৰ সমূহৰো শোধন ক্ষমতা বৃদ্ধি হৈ ১০৪.৫১শতাংশ হৈছেগৈ। সংবাদ প্ৰতিষ্ঠান ৰয়টাৰৰ মতে ভাৰতৰ শোধনাগাৰ সমূহে যুদ্ধৰ পাছত প্ৰায় ৪০ নিযুত মেট্ৰিক টন খাৰুৱা তেলৰ বাবে ৰাছিয়াৰ ওচৰত ফৰমাইছ দাখিল কৰিছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More