ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ছমাহ

0 167

দাদুল দেৱকৃষ্ণ বৰুৱা

ইউক্ৰেইনত যুদ্ধ আৰম্ভ হোৱা ৬ মাহ পাৰ হৈ গ’ল। যোৱা ২৪ ফেব্ৰুৱাৰীত টেলিভিছনত দিয়া ভাষণত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ইউক্ৰেইনৰ ডনবাছ অঞ্চলত ‘বিশেষ সামৰিক অভিযান’ আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। ইয়াৰ পিছতে ইউক্ৰেইনৰ ৰাজধানী কিয়েভ চহৰৰ ওপৰেৰে বিমান আক্ৰমণৰ দামামা বাজি উঠিল। ৰাষ্ট্ৰপতি ভ্লাডিমিৰ জেলেনস্কিয়ে সকীয়াই দিছিল— “যদি কোনোবাই আমাৰ মাটি, আমাৰ স্বাধীনতা, আমাৰ জীৱন কাঢ়ি নিবলৈ চেষ্টা কৰে; আমি নিজেই তেওঁক প্ৰতিহত কৰিম।” এয়া বহুজনৰ জীৱন চিৰদিনৰ বাবে সলনি কৰি দিয়া এটা মুহূৰ্ত আছিল।

২৪ আগষ্ট হৈছে ইউক্ৰেইনৰ স্বাধীনতা দিৱস। এই দিনটোতে যুদ্ধৰ ছমাহ সম্পূৰ্ণ হ’ল। এই যুদ্ধ কেতিয়া শেষ হ’ব তাৰ কোনো ইংগিত পোৱা নাযায়। এই যুদ্ধত যোৱা ছমাহত কোনটো পক্ষৰ পৰা কি ক্ষতি হৈছে? যুদ্ধৰ গতি এতিয়া কোন দিশত? ইয়াৰ পিছত কি হ’ব পাৰে? এই প্ৰতিবেদনত এনে দহটা বিষয় সামৰি ল’বলৈ চেষ্টা কৰা হৈছে।

* ৰাছিয়াৰ আক্ৰমণৰ পূৰ্বে ইউক্ৰেইন
ৰাছিয়াৰ আক্ৰমণ আৰম্ভ হোৱাৰ আগতে পূব ইউক্ৰেইনৰ ডনবাছৰ বৃহৎ অংশ ৰাছিয়াৰ সমৰ্থিত বিদ্ৰোহীৰ নিয়ন্ত্ৰণত আছিল। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ২১ ফেব্ৰুৱাৰীত ঘোষণা কৰিছিল যে তেওঁ ইউক্ৰেইনৰ দুটা বিচ্ছিন্ন অঞ্চল স্বঘোষিত ‘ডনেস্ক পিপলছ ৰিপাব্লিক’ আৰু ‘লুহানস্ক পিপলছ ৰিপাব্লিক’ক স্বাধীন হিচাপে স্বীকৃতি দিছে। ইউক্ৰেইন, নাটো আৰু পশ্চিমীয়া দেশসমূহে ৰাছিয়াৰ এই সিদ্ধান্তক গৰিহণা দিয়ে। কিন্তু এই স্বীকৃতিৰ পিছত ৰাষ্ট্ৰপতি পুটিনে ইউক্ৰেইনলৈ ৰাছিয়াৰ বাহিনী পঠোৱাৰ সুযোগ পালে। ইয়াৰ পূৰ্বে ৰাছিয়াই ২০১৪ চনত ক্ৰিমিয়াক নিজৰ দেশৰ অংশ হিচাপে ঘোষণা কৰিছিল। কিন্তু বিশ্বৰ অধিকাংশই এতিয়াও ইয়াক ইউক্ৰেইনৰ অংশ হিচাপে স্বীকৃতি দিছে।

* ছমাহ যুদ্ধৰ পিছত বৰ্তমানৰ ইউক্ৰেইন
ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে ছমাহ ধৰি চলোৱা অভিযানৰ পিছত বিশেষকৈ পূবত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। কিন্তু কিয়েভ আৰু উত্তৰৰ আন বহু বৃহৎ চহৰৰ ওচৰত যুদ্ধৰ আৰম্ভণিতে দখল কৰা বৃহৎ অঞ্চলৰ পৰা তেওঁলোকে পিছুৱাই যাবলগীয়া হৈছিল। লুহানস্ক অঞ্চলৰ সকলো অঞ্চল এতিয়া ৰাছিয়াৰ বাহিনীৰ নিয়ন্ত্ৰণত আছে। তেওঁলোকে ক্ৰমান্বয়ে ডনেস্ক অঞ্চলৰ অধিক ভূখণ্ড দখল কৰি আছে। মাহৰ পিছত মাহ ধৰি তীব্ৰ গোলাবৰ্ষণ হৈ আহিছে খাৰকিভ চহৰত। দীঘলীয়া আৰু ৰক্তাক্ত যুদ্ধ আৰু ঘেৰাওৰ পিছত যোৱা মে’ মাহত ৰাছিয়াই ক্ৰিমিয়াৰ সৈতে স্থল সংযোগ স্থাপন কৰিবলৈ সক্ষম হৈছিল যেতিয়া মাৰিউপলৰ আজ’ভষ্টাল তীখা উদ্যোগৰ এটা বৃহৎ অঞ্চলৰ পৰা ইউক্ৰেইনৰ সৈন্যক খালী কৰা হৈছিল। তাৰ লগতে আজোভ সাগৰৰ সম্পূৰ্ণ নিয়ন্ত্ৰণো তেওঁলোকৰ হাতত পৰিল। তেওঁলোকে ইউক্ৰেইনৰ সমগ্ৰ দক্ষিণ-পূব উপকূল দখল কৰিছিল। যোৱা আগষ্ট মাহত এই অঞ্চলত আক্ৰমণৰ বলি হৈছিল যদিও ক্ৰিমিয়াৰ ওপৰত এতিয়াও ৰাছিয়াৰ সামৰিক নিয়ন্ত্ৰণ আছে। ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰিবলৈ ব্যৱহাৰ কৰা চেভাষ্ট’পলৰ বাহিৰৰ বেলবেক বায়ুসেনা ঘাটিত আক্ৰমণ কৰা হয়। দক্ষিণৰ খেৰচন আছিল ৰাছিয়াৰ বাহিনীয়ে দখল কৰা ইউক্ৰেইনৰ প্ৰথমখন ডাঙৰ চহৰ। কিন্তু ইউক্ৰেইনে এতিয়া নতুনকৈ অধিগ্ৰহণ কৰা দীৰ্ঘ দূৰত্বৰ আৰ্টিলাৰী ব্যৱহাৰ কৰি তাত হেৰুৱা ভূমি পুনৰ দখল কৰাৰ চেষ্টা কৰিছে। দীৰ্ঘ দূৰত্বৰ আৰ্টিলাৰী ব্যৱহাৰ কৰি ড্নিপ্ৰ’ নদীৰ সিপাৰৰ পৰা আক্ৰমণ চলাই আছে।

* যুদ্ধত কিমানজনৰ মৃত্যু হৈছে?
যিকোনো যুদ্ধত প্ৰকৃততে কিমান মানুহ নিহত হয় সেইটো নিৰ্ণয় কৰাটো কঠিন। আমেৰিকাৰ অলাভজনক সংস্থা আৰ্মড কনফ্লিক্ট এণ্ড ইভেণ্ট ডাটা প্ৰজেক্ট (ACLED)-এ সমগ্ৰ বিশ্বৰ ৰাজনৈতিক সংঘাতৰ তথ্য সংগ্ৰহ কৰে। তেওঁলোকৰ তথ্য বিশ্লেষণ কৰি বিবিচি নিউজৰ বিশ্লেষণত দেখা গৈছে যে ইউক্ৰেইনত যুদ্ধ আৰম্ভ হোৱাৰ পৰা ১০ আগষ্টলৈকে ১৩ হাজাৰতকৈ অধিক লোক নিহত হৈছে। কিন্তু বিশেষজ্ঞসকলে কয় যে এই আনুমানিক ভুক্তভোগীৰ সংখ্যা আচলতে প্ৰকৃত সংখ্যাতকৈ বহু কম। ইউক্ৰেইন আৰু ৰাছিয়া দুয়োখন দেশেই দাবী কৰে যে এই যুদ্ধত হাজাৰ হাজাৰ লোক নিহত হৈছে, কিন্তু তেওঁলোকৰ দাবীৰ মাজত মিলন ঘটাটো কঠিন আৰু ইয়াক স্বতন্ত্ৰভাৱে পৰীক্ষা কৰিব নোৱাৰি। ৰাষ্ট্ৰসংঘই কয় যে যুদ্ধংদেহী পক্ষসমূহে প্ৰকাশ কৰা সংখ্যাক বিশ্বাসযোগ্য বুলি বিবেচনা কৰা হোৱা নাই।

* বহু মানুহ পলাবলগীয়া হৈছে
ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি ৰাছিয়াই ইউক্ৰেইনক আক্ৰমণ কৰাৰ পিছত কমেও ১২ লাখ লোকে নিজৰ ঘৰৰ পৰা পলায়ন কৰিছে। ইয়াৰে ৫০ লাখতকৈ অধিক লোকে চুবুৰীয়া দেশত আশ্ৰয় লৈছে। ইউক্ৰেইনৰ ভিতৰত প্ৰায় ৭০ লাখ লোক স্থানচ্যুত হৈ অন্য অঞ্চললৈ গুচি গৈছিল। কিন্তু তাৰ পিছত হাজাৰ হাজাৰ স্থানচ্যুত লোক নিজৰ ঘৰলৈ উভতি আহিছে, বিশেষকৈ কিয়েভত। অনুমান কৰা হৈছে যে ১৭ এপ্ৰিললৈকে ইউক্ৰেইনত যুদ্ধ আৰম্ভ হোৱাৰ পিছত ৬৪ লাখতকৈ অধিক লোক দেশৰ পৰা পলায়ন কৰি ইউৰোপৰ অন্যান্য দেশলৈ গৈছে। এই তথ্যসমূহ ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সংস্থা UNHCRৰ। ইউক্ৰেইনৰ কিছুমান লোকে লুহানস্ক আৰু ডনেস্কৰ পৰা পলায়ন কৰি ৰাছিয়াত আশ্ৰয় লৈছিল। ৰাষ্ট্ৰপতি পুটিনে কয় যে তেওঁৰ বাহিনীয়ে মাৰিউপলৰ পৰা ১ লাখ ৪০ হাজাৰ সাধাৰণ নাগৰিকক উদ্ধাৰ কৰে। তেওঁলোকৰ কোনো এজনকো ৰাছিয়ালৈ যাবলৈ বাধ্য কৰা হোৱা নাছিল। কিন্তু স্বেচ্ছাসেৱী সংগঠনসমূহে কয় যে তেওঁলোকে হাজাৰ হাজাৰ ইউক্ৰেইনবাসীক ৰাছিয়া এৰি যোৱাত সহায় কৰিছে। বহু শৰণাৰ্থী ইউক্ৰেইনৰ পৰা পোলেণ্ড আৰু জাৰ্মানীলৈ গৈছে।

* যুদ্ধত এতিয়ালৈকে হোৱা ক্ষতি
ছমাহজোৰা যুদ্ধৰ সময়ছোৱাত ইউক্ৰেইনৰ ভৌতিক আন্তঃগাঁথনিৰ ক্ষতি সহজেই স্পষ্ট হৈ পৰিছে। য’ত এসময়ত মানুহৰ ঘৰ আৰু ডাঙৰ ডাঙৰ অট্টালিকা আছিল, তাত এতিয়া কেৱল ধ্বংসাৱশেষহে আছে। বহু ঠাইত গোটেই এপাৰ্টমেণ্ট ব্লক ভাঙি পৰিল। কিয়েভ স্কুল অৱ ইকনমিক্সৰ তথ্য অনুসৰি ১৮ জুনলৈকে যুদ্ধৰ সময়ত কেৱল গৃহ নিৰ্মাণৰ ক্ষতিৰ পৰিমাণ আছিল ৩৯ বিলিয়ন ডলাৰ। যুদ্ধৰ সময়ত আন্তঃগাঁথনিৰ মুঠ ক্ষতি হৈছে ১০৪ বিলিয়ন ডলাৰ। কিন্তু ক্ষতিৰ পৰিমাণ বাঢ়িব।

* সমগ্ৰ বিশ্বত খাদ্য সংকট
এই যুদ্ধৰ ফলত সমগ্ৰ বিশ্বতে খাদ্যৰ নাটনি হৈছে। বিশ্বৰ বহু দেশ ইউক্ৰেইনত উৎপাদিত ঘেঁহুৰ ওপৰত নিৰ্ভৰশীল। কিন্তু যোৱা ফেব্ৰুৱাৰীৰ পৰা ৰাছিয়াই ইউক্ৰেইনৰ বন্দৰসমূহ অৱৰোধ কৰি আহিছে। কিন্তু ছমাহৰ পাছত এতিয়া এনে এক চুক্তিত উপনীত হৈছে যাৰ ফলত ইউক্ৰেইনে পুনৰ শস্য ৰপ্তানি আৰম্ভ কৰিব পাৰিব। চুক্তিৰ চৰ্ত অনুসৰি ৰাছিয়াই বন্দৰ এৰি যোৱাৰ সময়ত শস্যৰ জাহাজসমূহক লক্ষ্য কৰি লোৱা নহ’ব। আনহাতে ইউক্ৰেইনে প্ৰতিশ্ৰুতি দিছে যে তেওঁলোকৰ নৌসেনাৰ জাহাজসমূহে সাগৰত থকা মাইনফিল্ডসমূহৰ মাজেৰে শস্য জাহাজখনক নিৰাপদে পথ প্ৰদৰ্শন কৰিব। খাদ্য শস্য লৈ ইউক্ৰেইনৰ কৃষ্ণ সাগৰৰ বন্দৰৰ পৰা ওলাই আহিছে একাংশ জাহাজ। কিন্তু সমালোচকসকলে কয় যে এনে পৰিস্থিতিত বীমা কৰাটো কঠিন, গতিকে বহু জাহাজ হয়তো শস্য কঢ়িয়াই নিবলৈ ঘূৰি নাহিব। ৰাষ্ট্ৰসংঘ আৰু তুৰস্কই এই চুক্তিৰ মধ্যস্থতা কৰিছিল। এই যুদ্ধত এতিয়ালৈকে হোৱা কেইটামান কূটনৈতিক অগ্ৰগতিৰ ভিতৰত এয়া অন্যতম। এই মধ্যস্থতাত স্বয়ং ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ’ গুটেৰেছ ব্যক্তিগতভাৱে জড়িত আছিল। তেওঁ সকলো পক্ষকে ‘বিশ্বাসেৰে’ কাম কৰিবলৈ আহ্বান জনায় যাতে এই চুক্তিখন জীয়াই থাকে। আনহাতে, তুৰস্কৰ ৰাষ্ট্ৰপতি ৰেচেপ টাইপ এৰদোগানে কয় যে শস্য চুক্তিৰ ভিত্তিত ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত শান্তি আলোচনা অব্যাহত থাকিব পাৰে। কিন্তু এনে উৎসাহ বিৰল। ৰাষ্ট্ৰপতি জেলেনস্কিয়ে কয় যে ৰাছিয়াই আক্ৰমণ কৰা ইউক্ৰেইনৰ অঞ্চলসমূহৰ পৰা আঁতৰি যোৱাৰ পিছতহে আলোচনা হ’ব।

* ৰাছিয়াৰ দ্রুত জয়ৰ লক্ষ্য কিয় সফল নহ’ল
যুদ্ধ আৰম্ভ হোৱাৰ সময়ত দুয়োপক্ষৰ মাজত সামৰিক শক্তিৰ ব্যাপক পাৰ্থক্যৰ প্ৰতি লক্ষ্য ৰাখি বহুতে বিশ্বাস কৰিছিল যে ৰাছিয়া সোনকালে জয়ী হ’ব। ৰাছিয়াৰ দৰে মহান সামৰিক শক্তিৰ বিৰুদ্ধে ইউক্ৰেইনে কোনো ধৰণৰ প্ৰতিৰোধ কৰিব নোৱাৰিব বুলি ভবা হৈছিল। কিন্তু ইউক্ৰেইনৰ প্ৰাৰম্ভিক প্ৰতিৰোধে বহু সামৰিক বিশ্লেষককো আচৰিত কৰি তুলিছিল। মালয়েছিয়াৰ কুৱালালামপুৰৰ মালয় বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা যুদ্ধ কলা বিশেষজ্ঞ চৈয়দ মাহমুদ আলীয়ে কয়— “বাহিৰৰ পৰা যুদ্ধ চাই থকা প্ৰায় সকলোৱেই ভাবিছিল যে ৰাছিয়াই ক্ষিপ্ৰতাৰে ইউক্ৰেইনৰ ৰাজধানী কিয়েভ দখল কৰিব, চৰকাৰ পতন হ’ব, আৰু লুহানস্ক আৰু ডনেস্ক অঞ্চল ৰাছিয়াৰ নিয়ন্ত্ৰণত থাকিব। কিন্তু ইউক্ৰেইনে লাভ কৰিবলগীয়া বৃহৎ সামৰিক, ৰাজনৈতিক আৰু কূটনৈতিক সমৰ্থন বহুতে আশা কৰা নাছিল।” তেওঁ আৰু কয়— “দ্বিতীয়তে, বহুতে আশা কৰা নাছিল যে ইউক্ৰেইনৰ সেনা নিজৰ দেশৰ প্ৰতিৰক্ষাত ইমানেই নিয়োজিত হ’ব। যেতিয়া ৰাছিয়াৰ বাহিনীয়ে কিয়েভ দখল কৰাত ব্যৰ্থ হয়, তেতিয়া নাটোৰ মিত্ৰতা আৰু ইউক্ৰেইনক সমৰ্থন কৰা অন্যান্য দেশসমূহে তেওঁলোকৰ সাহায্য বহু পৰিমাণে বৃদ্ধি কৰিলে ফলস্বৰূপে, যুদ্ধৰ আৰম্ভণিতে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত সামৰিক শক্তিৰ বৃহৎ বৈষম্য এতিয়া আপাত দৃষ্টিত সম হৈ পৰিছে।”

* যুদ্ধ দীঘলীয়া হোৱাত বিপদ বাঢ়িছে
যুদ্ধৰ আৰম্ভণিতে ৰাছিয়াই যি গতিৰে ভূখণ্ড দখল কৰিছিল, সেই গতি মন্থৰ হৈছে আৰু বহু অঞ্চলৰ পৰা পিছুৱাই যাবলৈ বাধ্য হৈছে। যুদ্ধখন আৰু দীঘলীয়া হ’ব পাৰে বুলি আশংকা বৃদ্ধি পাইছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে স্পষ্টভাৱে কৈছে যে যুদ্ধ আৰম্ভ হোৱাৰ পিছত ৰাছিয়াই দখল কৰা ভূখণ্ডসমূহ এৰি নিদিয়ালৈকে তেওঁলোকে কোনো ধৰণৰ শান্তি আলোচনালৈ নাযাব। ড° চৈয়দ মাহমুদ আলীয়ে কয় যে যোৱা ছমাহত ইউক্ৰেইনৰ সামৰিক ক্ষমতা বৃদ্ধি পোৱাৰ বাবে যুদ্ধ সহজে শেষ হ’ব বুলি আশা কৰাটো কঠিন। তেওঁ কয়— “ইউক্ৰেইনে এতিয়া নাটো মিত্ৰজোঁট আৰু পশ্চিমৰ পৰা ব্যাপক সামৰিক সাহায্য আৰু সহায়ৰ আশ্বাস লাভ কৰিছে। ফলত তেওঁলোকে যুদ্ধত কিছু সফলতা লাভ কৰিছে যদিও ৰাছিয়াৰ দখলত থকা ভূখণ্ড পুনৰ দখল কৰাত ইমান সফল হোৱা নাই। ৰাছিয়া নিয়ন্ত্ৰিত ডনবাছ আৰু ক্ৰিমিয়াত ৰাছিয়াৰ সামৰিক সংস্থাসমূহৰ ওপৰতো সফল সামৰিক আক্ৰমণ চলাইছে ইউক্ৰেইনে। গতিকে আমি দেখিবলৈ পাওঁ যে ইউক্ৰেইনৰ হাত অতি শক্তিশালী হৈ পৰিছে। তেওঁলোকে কেৱল নিজৰ দেশতে প্ৰতিৰোধ কৰাই নহয়, ৰাছিয়াৰ ভিতৰতো আক্ৰমণ কৰিছে। গতিকে মই নাভাবোঁ যে এই যুদ্ধ ইমান সোনকালে শেষ হ’ব।”

* পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিলে কি বিপদ?
যুদ্ধৰ আৰম্ভণিৰে পৰা পাৰমাণৱিক দুৰ্ঘটনাৰ বিপদ বা পাৰমাণৱিক অস্ত্ৰৰ ব্যৱহাৰৰ বিষয়টো বাৰে বাৰে চৰ্চিত হৈ আহিছে। যিদৰে গুৰুত্বপূৰ্ণ পাৰমাণৱিক সুবিধা থকা চহৰখনৰ চাৰিওফালে যুদ্ধ চলি আছে, বহুতে এটা বৃহৎ দুৰ্ঘটনা হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে যিকোনো সময়তে। ৰাছিয়াৰ বিৰুদ্ধে নাটোৱে কোনো প্ৰত্যক্ষ সামৰিক ব্যৱস্থা গ্ৰহণ কৰিলে চুটি দূৰত্বৰ কৌশলগত পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰাৰ হুংকাৰ দিছে ৰাষ্ট্ৰপতি পুটিনে। মালয় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° চৈয়দ মাহমুদ আলীয়ে কয়— “ৰাষ্ট্ৰপতি পুটিনে যি ভাবুকি দিছে, সেয়া হ’ব পাৰে বা নহ’বও পাৰে। কিন্তু সেয়া নহ’ব, ইয়াক উচ্চস্বৰে ক’ব নোৱাৰি। যদি ৰাষ্ট্ৰপতি পুটিনে সঁচাকৈয়ে এনে অস্ত্ৰ ব্যৱহাৰ কৰে, বা যদি কোনো পাৰমাণৱিক শক্তি উৎপাদন কেন্দ্ৰত আক্ৰমণ চলায়, তেন্তে কেৱল ইউক্ৰেইনেই নহয়, সমগ্ৰ ইউৰোপতে ইয়াৰ অতি নেতিবাচক প্ৰভাৱ পৰিব। ইউক্ৰেইনৰ যুদ্ধই এতিয়া সমগ্ৰ বিশ্বতে অৰ্থনৈতিক মন্দাৱস্থাৰ আশংকা সৃষ্টি কৰিছে। সেইটোৰ লগত পাৰমাণৱিক দুৰ্ঘটনাৰ আশংকা হোৱাটো কোনেও নিবিচাৰে। সকলোৱে বিচাৰিব এনে এটা কাণ্ড নহওক।”

* পাৰস্পৰিক নিষেধাজ্ঞা— অধিক বিপদত কো
যুদ্ধ আৰম্ভ হোৱাৰ লগে লগে পশ্চিমীয়া দেশসমূহে ৰাছিয়াৰ বিৰুদ্ধে ব্যাপক অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰে। ৰাছিয়ায়ো কিছু প্ৰতিকাৰৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই সকলোবোৰে বিশ্ব বাণিজ্য আৰু বিশ্ব অৰ্থনীতিত ডাঙৰ প্ৰভাৱ পেলাইছে। কিন্তু প্ৰকৃততে ৰাছিয়াৰ কিমান ক্ষতি হৈছে? ইউৰোপ আৰু পশ্চিমীয়া দেশসমূহক ৰাছিয়াই লোৱা প্ৰতিকাৰৰ ব্যৱস্থাই কিমান সংকটত পেলাইছে? ড° চৈয়দ মাহমুদ আলীয়ে কয়— “ৰাছিয়াত যে অৰ্থনৈতিক সংকট আছে, বা এই সংকট গভীৰ হ’বলৈ গৈ আছে, তাত মোৰ কোনো সন্দেহ নাই। ৰাছিয়াই ইন্ধন তেল, গেছ, সাৰ, খাদ্য শস্য ৰপ্তানি কৰে। আৰু তেওঁলোকে বহুত বস্তু আমদানি কৰিব লাগিব। এইবোৰ এতিয়া বন্ধ। এছিয়া আৰু আফ্ৰিকাৰ কিছুমান দেশৰ মাজতহে কিবা এটা কাৰিকৰী আৰু বাণিজ্যিক সম্পৰ্ক আছে। তেওঁলোকে পশ্চিমৰ পৰা পোৱা কাৰিকৰী বস্তুবোৰ আৰু অহা নাই। মই ক’ম যে তেওঁলোকৰ সংকট তীব্ৰতৰ হ’ব।” কিন্তু ইউৰোপৰো সংকট কম নহয়। ৰাছিয়াৰ শক্তিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ এই সংকটৰ সৃষ্টি কৰা হৈছে। একে সময়তে এই দেশসমূহে অভিযোগ কৰিছে যে ৰাছিয়াই ইচ্ছাকৃতভাৱে ইউৰোপলৈ গেছৰ যোগান হ্ৰাস কৰিছে। ড° চৈয়দ মাহমুদ আলীয়ে কয়— “আগন্তুক শীতকালত ইউৰোপত হ’বলগীয়া শক্তি সংকট, চাহিদা আৰু যোগানৰ মাজৰ ব্যৱধান, সমগ্ৰ ইউৰোপতে সৃষ্টি হ’বলগীয়া অৰ্থনৈতিক সংকটৰ পৰা তেওঁলোকে নিজকে কেনেকৈ উদ্ধাৰ কৰিব সেয়া কোৱা কঠিন।”

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More