ৰাজেন বৰঠাকুৰ সোঁৱৰণী তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতাত অসম ৰাইফলছ চকাৰ দল বিজয়ী

0 8
শতাব্দ প্ৰতিনিধি, তেজপুৰ , ১৪ অক্টোবৰ : তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত স্হানীয় পলফিল্ডত কালিৰে পৰা আৰম্ভ হোৱা ৰাজেন বৰঠাকুৰ সোঁৱৰণী তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতাৰ আজিৰ খেলখনত অসম ৰাইফলছ চকাৰ দলে বঙাই গাঁও ইলেভেন ষ্টাৰ ক্লাবক ০-১ গলত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰে। খেলখনৰ দ্বিতীয়াৰ্ধৰ ২৯ মিনিটত ষ্টাইকাৰ এছ ৰমৰ সিঙৰ এটা পাছত সমূজ্বল ৰাভাই স্কৰ কৰি গলটো দিয়ে। অহা ১৬ অক্টোবৰত অনুষ্ঠিত হব লগা খেলখনত সঞ্জীৱন সমাজ নগাঁও আৰু এ এচ বি ৰ দলে অংশ গ্ৰহণ কৰিব
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More