ৰাজ্যত বৰ্তমানলৈকে ১০ হাজাৰ ৭৬৫ গৰাকী এইডছ আক্ৰান্তই চিকিৎসা লাভ কৰিবলৈ সক্ষম হৈছে

দেশত ৪৮ শতাংশ ৰোগৰ উপশম হৈছে এইডছ নিয়ন্ত্ৰণ সজাগতাৰ দ্বাৰা

0 14

শতাব্দ ষ্টাফ ৰিপটাৰ, তেজপুৰ, ১ ডিচেম্বৰঃ বৰ্তমান সময়ত আমাৰ ৰাজ্যখনত ২৫ হাজাৰ ৭৩ গৰাকী এইডছ আক্ৰান্ত ৰোগী চিনাক্ত হৈছে আৰু ইয়াৰ মাজৰে ১০ হাজাৰ ৭৬৫ গৰাকী চিকিৎসা লাভ কৰিবলৈ সক্ষম হোৱাৰ এক ভয়াবহ তথ্য আজি সদৰী হৈছে বিশ্ব এইডছ দিৱসৰ দিনটোত। উল্লেখ্য যে, বিশ্ব এইডছ দিৱস উপলক্ষে আজি দেশৰ অন্যান্য প্ৰান্তৰ দৰে শোণিতপুৰ জিলা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে ভাৰতীয় চিকিৎসা সেৱা সন্হাৰ তেজপুৰ শাখাৰ সহযোগত তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ পৰা উলিওৱা এক সজাগতামূলক শোভাযাত্ৰাৰ কালত এই তথ্য সদৰী কৰাৰ লগতে এইডছ নিয়ন্ত্ৰণ সমিতিৰ শোণিতপুৰ জিলাৰ দায়িত্বত থকা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডা০ হিৰণ্য কুমাৰ শইকীয়াই ৰাজ্যখনৰ এই তথ্য সদৰী কৰাৰ লগতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত শোণিতপুৰ জিলাৰ তথ্য সদৰী কৰে। তথ্য অনুসৰি শোণিতপুৰ জিলাখনত বৰ্তমানলৈকে ৫ লাখ ৫৭ হাজাৰ ৭৪৭ গৰাকী গৰ্ভৱতী মহিলাৰ এইডছ পৰীক্ষা কৰাৰ বিপৰীতে সাধাৰণ ৰোগী ১ লাখ ৩২ হাজাৰ পৰীক্ষা কৰাৰ পিছত প্ৰথমৰে পৰা জিলাখনত ৫৯৫ গৰাকী ৰোগী চিনাক্ত হৈছিল যদিও বৰ্তমানে ৯২ গৰাকী এইডছ আক্ৰান্ত ৰোগী চিকিৎসাধীন অৱস্থাত আছে। উল্লেখ্য যে, আজি শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু জিলা আৰু সত্ৰ ন্যায়াধীশ সত্ৰভূষণ গগৈয়ে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ পৰা আনুষ্ঠানিক ভাৱে এই সজাগতামূলক শোভাযাত্ৰা শুভাৰম্ভ কৰাৰ পিছত উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই এই মাৰাত্মক ৰোগৰ পৰা কেনেদৰে হাত সাৰি থাকিব পাৰি তাৰ সজাগতাৰ অৰ্থে ভাৰতৰ এইডছ নিয়ন্ত্ৰণ সমিতিয়ে বছৰি ১ ডিচেম্বৰৰ দিনটোত অৰ্থাৎ বিশ্ব এইডছ দিৱসৰ দিনটোত সজাগতামূলক শোভাযাত্ৰাৰে ৰাইজৰ মাজত সজাগ সৃষ্টি কৰি আহিছে বুলি কয়। জিলাখনৰ একাংশ চিকিৎসা আৰু স্বাস্হ্য বিষয়া, নাৰ্ছ, স্বাস্থ্য কৰ্মীৰ উপস্থিতিত এই শোভাযাত্ৰা তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ পৰা তেজপুৰ চহৰ পৰিক্ৰমণ কৰাৰ পূৰ্বেই জিলা আৰু সত্ৰ ন্যায়াধীশ সত্ৰভূষণ গগৈয়ে ভাৰত বৰ্ষত ১৯৯২ চনৰ পৰা এইডছ নিয়ন্ত্ৰণ সমিতি গঠন হোৱাৰ পিছত ইয়াৰ বাবে ১৫ হাজাৰ ৭৭৪ কোটি টকাৰ বাজেট নিৰ্ধাৰণ কৰি সমগ্ৰ দেশতেই এইডছ নিয়ন্ত্ৰণৰ বাবে বিভিন্ন অভিযান চলাই থকা হৈছে বুলি কৈ ইয়াৰ ফলত দেশত ৪৮ শতাংশ ৰোগৰ উপশম হৈছে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে। আনহাতে, দেশৰ লগতে অসমতো এই সজাগতামূলক অভিযানৰ বাবে ক্ৰমশঃ এইডছ ৰোগীৰ সংখ্যা কমি আহিছে বুলি কৈ ডাঃ হিৰণ্য কুমাৰ শইকীয়াই ২০১৭ – ১৮ চনত ১৫ হাজাৰ ৮৬৪ গৰাকী ৰোগীৰ পিছত ২০২০ – ২৩ বৰ্ষত ২ হেজাৰ ২৬৯ লৈ হ্ৰাস পাইছে বুলি আশাব্যঞ্জক মন্তব্য কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More