ৰাজ্যত ২০০ মেট্ৰিক টন মিলিং ক্ষমতাৰ বাবে স্থাপন কৰা হ’ব ৫০টা ধান মিল

0 20

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৫ আগষ্টঃ অসম চৰকাৰে ৰাজ্যত ধান ক্ৰয়ত সহায়ক হোৱাকৈ ২০০ মেট্ৰিক টন মিলিং ক্ষমতাৰ বাবে ৫০টা ধান মিল স্থাপন কৰাৰ সিদ্ধান্ত লৈছে। এই কথা সদৰি কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। আজি মুখ্যমন্ত্ৰী শৰ্মাই জনতা ভৱনত কৃষক উৎপাদক কোম্পানীৰ মাজত বিতৰণ হ’বলগীয়া ৰাইচ মিল, কম্বাইণ্ড হাৰ্ভেষ্টাৰ আৰু মিনি ট্ৰাকৰ বাবে প্ৰস্তাৱিত আঁচনি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা আৰু কৃষি বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্রীয়ে ধান ক্ৰয়ত সহায়ক হোৱাকৈ ২০০ মেট্ৰিক টন মিলিং ক্ষমতাৰ বাবে ৫০টা ধান মিল স্থাপন কৰাৰ কথা সদৰি কৰে। এই আঁচনিখন মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা আৰু কৃষি আন্তঃগাঁথনি পুঁজিৰ সৈতে একত্ৰিত হৈ প্ৰসাৰ কৰা হ’ব। ইয়াৰ অধীনত ১ মেট্ৰিক টন ক্ষমতা থকা মিলৰ বাবে ১০ লাখ টকা, ২ মেট্ৰিক টন ক্ষমতাৰ বাবে ১৫ লাখ আৰু ৪ মেট্ৰিক টন ক্ষমতাৰ বাবে ৪০ লাখ টকা প্ৰদান কৰা হ’ব। পুঁজিৰ অধীনত বিকল্প প্ৰক্ৰিয়া হিচাপে ১,০০০টা মিনি ৰাইচ মিলৰো পৃষ্ঠপোষকতা কৰা হ’ব আৰু প্ৰতিটো মিলত ১.১৭ লাখ পৰ্যন্ত ৰাজসাহায্য প্ৰদান কৰা হ’ব। সংযুক্ত হাৰ্ভেষ্টাৰ ক্ৰয়ৰ বাবে এফ পি চিসমূহক ৯০ শতাংশ ৰাজসাহায্য প্ৰদান কৰা হ’ব। কৃষিৰ উদ্দেশ্যে ব্যৱহাৰ কৰিব লগা এফ পি চিসমূহৰ মাজত মিনি ট্ৰাক বিতৰণ কৰা হ’ব আৰু ইয়াৰ বাবে ৰাজসাহায্য ৩০ শতাংশ নাইবা ১.৫ লাখ টকা লৈকে প্ৰদান কৰা হ’ব। বৈঠকত কৃষি মন্ত্ৰী অতুল বৰা, বিত্তমন্ত্ৰী অজন্তা নেওগ, অতিৰিক্ত মুখ্য সচিব বি এছ সমল আৰু আশিস ভূটানী, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ মুখ্য কাৰ্যবাহী বিষয়া পদ্মপাণি বৰা উপস্থিত আছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More