ৰাজ্যপালৰ নৰ্থ লখিমপুৰ মহাবিদ্যালয়-মাধৱদেৱ বিশ্ববিদ্যালয় পৰিদৰ্শন

0 139

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৯ ডিচেম্বৰঃ অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে আজি নৰ্থ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্তশাসিত) পৰিদৰ্শন কৰে। কলেজ কৰ্তৃপক্ষই জনোৱা মতে এই ভ্ৰমণ মূলতঃ ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ বাবে আৰু মহাবিদ্যালয়খনক প্ৰস্তাৱিত বিশ্ববিদ্যালয়লৈ উত্তৰণৰ বাবে কলেজখনৰ প্ৰস্তুতি চাবৰ বাবে পৰিদৰ্শন কৰা হৈছিল। ৰাজ্যপালক সংগ দিয়ে লখিমপুৰৰ জিলা উপায়ুক্ত সুমিত সাত্তাৱনে। মহাবিদ্যালয়খনৰ এন চি চি কেডেট আৰু জিলা আৰক্ষীয়ে ৰাজ্যপালগৰাকীক গাৰ্ড অৱ অনাৰ প্ৰদান কৰে।WhatsApp Image 2022 12 29 at 7.18.08 PM ইয়াৰ পিছত অধ্যক্ষৰ কাৰ্যালয়ত এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত সভাত উপস্থিত থাকে মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ অধ্যক্ষ ড° মুকুন্দ ৰাজবংশী, উপাধ্যক্ষ ৰঞ্জন বৰা। অধ্যক্ষ ড° বিমান চন্দ্ৰ চেতিয়াই কলেজখনৰ বৰ্তমানৰ অৱস্থা আৰু ইয়াৰ আন্তঃগাঁথনিৰ সন্দৰ্ভত উপস্থাপন দিছিল। ইয়াৰ পিছত ৰাজ্যপালে মহাবিদ্যালয়খনৰ আটাইকেইটা বিভাগৰ বিভাগীয় মুৰব্বী আৰু কিছু অধ্যাপক সদস্য আৰু ছাত্ৰ একতা সভাৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰে। উক্ত অনুষ্ঠানত মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰীক্ষণ কোষৰ সমন্বয়ক ড° ৰাঘৱ পাৰাজুলিয়ে কলেজৰ শৈক্ষিক আৰু আন্তঃগাঁথনিৰ সম্পৰ্কে এক বক্তৱ্য ৰাখে আৰু অনাগত সময়ৰ বাবে কলেজৰ পৰিকল্পনা সম্পৰ্কেও অৱগত কৰে। তেওঁৰ ভাৱ বিনিময়ৰ সময়ত ৰাজ্যপালে ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়ণৰ বাবে ৰাজ্যখনৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহক প্ৰস্তুত কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে কয়। উত্তৰ লখিমপুৰ মহাবিদ্যালয়খনে ৰাজ্যত এন ই পি ৰূপায়ণৰ ক্ষেত্ৰত আগৰণুৱা হোৱাৰ আশাও তেওঁ প্ৰকাশ কৰে। তেখেতে কৌশলগত শিক্ষাৰ ওপৰত অত্যধিক গুৰুত্ব দিয়াৰ পৃষ্ঠপোষকতা কৰে।WhatsApp Image 2022 12 29 at 7.18.04 PM পুৱা ১১.৩০ বজাৰ পৰা ২ বজা পৰ্যন্ত মহাবিদ্যালয়ত উপস্থিত থাকি বিয়লি তেওঁ নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয় অভিমুখে ৰাওনা হয়৷ উল্লেখ্য যে, সম্প্ৰতি তিনি সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি থকা নৰ্থ লখিমপুৰ মহাবিদ্যালয় [স্বায়ত্তশাসিত] খনক ২০২২ বৰ্ষৰ বাজেটত চৰকাৰে বিশ্ববিদ্যালয়ৰ মৰ্যাদা প্ৰদান কৰে৷ নাৰায়ণপুৰস্থিত মাধৱদেৱ বিশ্ববিদ্যালয়ত ৰাজ্যপালগৰাকীয়ে উপাচাৰ্য ড° দিবাকৰ চন্দ্ৰ ডেকা, অধ্যাপক- অধ্যাপিকা সকলৰ সৈতে এক সভাত অংশ গ্ৰহণ কৰে। সভাত ৰাজ্যপাল গৰাকীয়ে বিশ্ববিদ্যালয়খনত মাতৃভাষা মাধ্যমত শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত উদ্যোগ গ্ৰহণ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে। এই ক্ষেত্ৰত জাৰ্মানী আৰু উত্তৰ প্ৰদেশৰ উদাহৰণ দাঙি ধৰি ৰাজ্যপাল গৰাকীয়ে নিৰ্ধাৰিত পাঠ্যপুথি মাতৃভাষাত প্ৰকাশ কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈও বিশ্ববিদ্যালয় কৰ্তৃপক্ষক আহ্বান জনায়। বিশ্ববিদ্যালয়খনত মেনেজমেণ্ট শিক্ষা,আইন শিক্ষা আৰু সংহত বি, এড পাঠ্যক্ৰমৰ শিক্ষা প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত ৰাজ্যপাল গৰাকীয়ে পোষকতা কৰে। তদুপৰি ৰাজ্যপাল গৰাকীয়ে লখিমপুৰ জিলা প্ৰশাসন আৰু জিলাস্থিত সুৰক্ষা বাহিনীৰ বিষয়া বৰ্গৰ সৈতেও এক পৰ্যালোচনা সভাত ভাগ লয়। জিলা আৱৰ্ত ভৱনৰ সভাকক্ষত অনুষ্ঠিত হোৱা সভাখনত জিলা উপায়ুক্তৰ লগতে বিভাগীয় মুৰব্বী বিষয়াসকল উপস্থিত থাকে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More