ৰাজ্যিক যোগাসনত শোণিতপুৰ জিলা দ্বিতীয়

0 9

শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৭অক্টোবৰ: ১৪-১৬অক্টোবৰত তিনিদনীয়াকৈ ২৫ সংখ্যক প্ৰবীণ পুৰুষ আৰু মহিলাৰ অসম ৰাজ্যিক যোগাসন খেল প্ৰতিযোগিতাখন ধেমাজিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায় ৷প্ৰতিযোগিতাত শোণিতপুৰ জিলাই শ্ৰেষ্ঠ দলৰ সন্মান বুটলিবলৈ সক্ষম হয় । শোণিতপুৰ জিলাৰ ৰাষ্ট্ৰীয় বিচাৰক মামু বায়নে বিচাৰকৰ দায়িত্ব ভাৰ বহন কৰে। প্ৰতিযোগিতাত স্হান প্ৰাপ্ত সকল ক্ৰমে-শিৱানী শইকীয়াই ১৮ বছৰ ৰ পৰা ৩৫বছৰ ভিতৰত আৰ্টিষ্টিক যুৰিয়া যোগাসন প্ৰতিযোগিতাত প্ৰথম স্হান প্ৰাপ্ত কৰে, আৰ্টিষ্টিক একক যোগাসন প্ৰতিযোগিতাত দ্বিতীয় স্হান প্ৰাপ্ত কৰে,ট্ৰেডিচনেল যোগাসন প্ৰতিযোগিতাত দ্বিতীয় স্হান পাবলৈ সক্ষম হয় ।১৮ ৰ পৰা ৩৫ বছৰৰ ভিতৰত দিপামণি বৰাই আৰ্টিষ্টিক যুৰিয়াত প্ৰথম স্হান পাবলৈ সক্ষম হয় । ৪৫ বছৰৰ ওপৰৰ পুৰুষৰ শাখাত নবজ্যোতি নাথে প্ৰথম প্ৰাপ্ত কৰে,দ্বিতীয় স্হান প্ৰাপ্ত কৰে পূণ্য উপাধ্যায়ে । ২১-২৫বছৰ বয়সৰ প্ৰতিযোগিতাত বিপনশি বৰাই প্ৰথম স্হান প্ৰাপ্ত কৰে,মিনটি কলিতা দাসে ৩০ ৰ পৰা ৩৫ বছৰ বয়সত প্ৰতিযোগিতা কৰি ট্ৰেডিচনেলত প্ৰথম স্হান প্ৰাপ্ত কৰে,গৌতমী গগৈয়ে ট্ৰেডিচনেলত চতুৰ্থ স্হান আৰু আৰ্টিষ্টকত পঞ্চম স্হান প্ৰাপ্ত কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More