ৰাজ্যৰ ‘অগ্নিবীৰ’ক অসম আৰক্ষীত নিযুক্তি দিব বুলি কেবিনেট সিদ্ধান্ত লওঁক- নিবনুৱা সন্থা

ঠিকা ভিত্তিক সকলো প্ৰকাৰৰ নিয়োগ প্রক্রিয়া বন্ধ কৰাৰ দাবী

0 13

শতাব্দ প্ৰতিনিধি ,লখিমপুৰ,১৯জুনঃ সদৌ অসম নিবনুৱা সন্থাৰ কেন্দ্রীয় সমিতিৰ সভাপতি ধর্মেন্দ্ৰ দেউৰী আৰু সাধাৰণ সম্পাদক জীৱন ৰাজখোৱাই কয় যে কেন্দ্ৰীয় চৰকাৰে বছৰি ২ কোটি নিবনুৱাক চৰকাৰী চাকৰি দিম বুলি ঘোষণা কৰি অগ্নিপথ নামৰ আঁচনিৰ জৰিয়তে নিবনুৱাসকলক কেবল মাত্র চাৰিবছৰৰ বাবেহে সেনা বাহিনীত নিয়োগ কৰিব বিচৰা এই আঁচনিৰ জৰিয়তে নিবনুৱা সমস্যা সমাধান কৰাৰ বিপৰীতে নিবনুৱা সৃষ্টিহে কৰিব। সেয়ে সন্থাই চৰকাৰখনে ঠিকা ভিত্তিক সকলো প্ৰকাৰৰ নিয়োগ প্রক্রিয়া বন্ধ কৰি দীৰ্ঘম্যাদী আঁচনিৰ জৰিয়তে নিবনুৱা সমস্যা সমাধান কৰিবলৈ দাবী জনায়। কেবল ৰাজনৈতিক আৰু নিৰ্বাচন কেন্দ্ৰীক আঁচনি সমূহে সমস্যা সমাধান নকৰে সমস্যা সৃষ্টিহে কৰে বুলি সন্থাই খেদ প্রকাশ কৰে। কেন্দ্ৰীয় চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ ফলশ্রুতিতে অগ্নিপথৰ বিৰুদ্ধে বিহাৰ, উত্তৰ প্ৰদেশ” ৰাজস্থান, হাৰিয়ানা, পাঞ্জাৱ আৰু বংগ আদি কেইবাখনো ৰাজ্যত যি হিংসাত্মক প্রতিবাদ গঢ়ি তুলিছে তাক সদৌ অসম নিবনুরা সন্থাই তীব্র ভাষাৰে গৰিহণা দিয়াৰ লগতে প্ৰতিবাদৰ নামত হিংসাত্মক কাৰ্য বন্ধ কৰিবৰ বাবে সকলো পক্ষকে সন্থাই আহ্বান জনায়। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অগ্নিপথত নিযুক্তি পাবলগীয়া ৰাজ্যখনৰ অগ্নিবীৰসকলক অসম আৰক্ষীত নিযুক্তি প্রদান কৰিব বুলি যি ঘোষণা কৰিছে তাক নিবনুৱা সন্থাই আদৰণি জনায় যদিও এই আশ্বাসৰ গ্ৰহণ যোগ্যতা নাই বুলিও সন্থাই কয়। সেয়ে সন্থাই মুখ্য মন্ত্রীক এই সন্দৰ্ভত ৰাজ্যিক কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ দাবী জনায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More