ৰাজ্যৰ প্ৰথমখন সংগীত শিক্ষানুষ্ঠান তেজপুৰৰ জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ বাৰ্ষিক সাংস্কৃতিক সমাৰোহ

0 47

শতাব্দ প্ৰতিনিধি তেজপুৰ , ২৫ জুলাই : ৰাজ্যৰ ভিতৰতে প্ৰথমখন সংগীত বিদ্যালয় হিচাপে ১৯৪০ত তেজপুৰত স্থাপিত তথা বৰ্তমান জ্যোতি কলাকেন্দ্ৰ নামৰে পৰিচিত সংগীত মহাবিদ্যালয়খনৰ কালি সন্ধিয়া অনুষ্ঠিত হৈ যায় বাৰ্ষিক সাংস্কৃতিক সমাৰোহ।উল্লেখযোগ্য যে, দেশে স্বাধীনতা লাভ কৰাৰ পূৰ্বেই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ লগতে বহুকেইগৰাকী সংস্কৃতিবান পুৰোধাৰ প্ৰচেষ্টাত স্থাপন হৈছিল ৰাজ্যৰ এইখন প্ৰথমখন সংগীতৰ শিক্ষানুষ্ঠান।IMG 20220725 WA0117 জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ বাৰ্ষিক সাংস্কৃতিক সমাৰোহ উপলক্ষে কালি সন্ধিয়া শিক্ষাৰ্থী সকলৰ দৃষ্টিনন্দন নৃত্য, মনোৰম গীত আৰু সংগীতৰে মুখৰিত হৈ পৰে তেজপুৰৰ বাণথিয়েটাৰৰ মঞ্চ। মহাবিদ্যালয়খনৰ অধ্যক্ষ তথা প্ৰবীন সংগীতশিল্পী লিখন শৰ্মা, পৰিচালনা সমিতিৰ সভাপতি জগন্নাথ বৰা আৰু বিষয়ববীয়াৰ লগতে সংগীত মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ উপস্থিতিত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই বন্তি প্ৰজ্বলন কৰা আৰু অধ্যক্ষ শৰ্মাই আদৰণী ভাষণ প্ৰদান কৰা অনুষ্ঠানটোৰ আৰম্ভণিতে বিগত সময়ত কৰ’নাত আক্ৰান্ত হৈ অকাল মৃত্যুক সাৱটি লোৱা মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি হেমন্ত কুমাৰ বৰুৱাৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি সকলোৱে মৌন প্ৰাৰ্থনা জনায়। উদ্বোধনী ভাষণত বিধায়ক ৰাভাই ১৯৪০তে অতি দূৰদৃষ্টি সম্পন্ন মনেৰে উঠি অহা প্ৰজন্মক সংগীত শিক্ষাৰ প্ৰণালীৱদ্ধ পাঠদানৰ বাবে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিশেষ তৎপৰতাত গঢ় লৈ উঠা এই সংগীত মহাবিদ্যালয়ৰ পাঠ গ্ৰহণ কৰি বহু দক্ষ সংগীত শিল্পী ৰূপে আত্মপ্ৰকাশ কৰিছে বুলি কৈ মহাবিদ্যালয়খনৰ ইতিহাস আৰু ইয়াৰ স’তে তাহানিৰে পৰা জড়িত হৈ থকা লোকসকলৰ অৱদান স্মৰণ কৰে। আনহাতে অধ্যক্ষ শৰ্মাই আদৰণী ভাষণৰ মাজত মহাবিদ্যালয়খনৰ প্ৰত্যেকটো বিভাগৰ শিক্ষক – শিক্ষয়িত্ৰী সকলক উপস্থিত ৰাইজৰ সন্মুখত পৰিচয় কৰাই দিয়ে। অনুষ্ঠানটোৰ মাজতে মহাবিদ্যালয়খনৰ শ্ৰেষ্ঠ শিক্ষাৰ্থী হীৰকজ্যোতি নাথক সংগীতশিল্পী অজয় চলিহা সোঁৱৰণী বঁটা প্ৰদান কৰাৰ পিছত সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হয় জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ শীৰ্ষ গীতেৰে ।উল্লেখ্য যে, খেয়াল, ভজন, ভায়লিন, তবলা, গীটাৰ, চিত্ৰকলা, সত্ৰীয়া নৃত্য, কথক নৃত্য, ভাৰত নাট্যম, জ্যোতি সংগীত, থলুৱা বা আধুনিক গীতৰ পাঠদান কৰা মহাবিদ্যালয়খনৰ শিক্ষাৰ্থী সকলে কালি কথক নৃত্যৰ শিক্ষয়িত্ৰী ইৰাণী মহন্তই আঁত ধৰা অনুষ্ঠানত প্ৰদৰ্শন কৰা দৃষ্টিনন্দন নৃত্য, মনোৰম গীত আৰু সুমধুৰ সংগীতৰ মূৰ্চ্ছনাৰে মুখৰিত হৈ পৰে।কালি সন্ধিয়া ছয় বজাৰ পৰা অনুষ্ঠিত বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠানৰ সত্ৰীয়া নৃত্য, খেয়াল পৰিৱেশন, শিশু সকলৰ বিশেষ অনুষ্ঠান, সমবেত ভায়লিন বাদনৰ অনুষ্ঠান, কথক নৃত্য, ২৭ গৰাকী শিক্ষাৰ্থীয়ে পৰিৱেশন কৰা তবলাবাদনৰ অনুষ্ঠান, ভাৰত নাট্যম, সমবেত গীটাৰ বাদন অনুষ্ঠান আৰু দুকুৰি শিক্ষাৰ্থীয়ে একেলগে পৰিৱেশন কৰা জ্যোতি সংগীতৰ অনুষ্ঠানে উপস্থিত সকলোকে মুগ্ধ কৰি তোলে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More