ৰাজ্যৰ শক্তি খণ্ডত ব্যাপক সংস্কাৰ

অনাদায় বকেয়া ২২০০ কোটি টকাৰ পৰা ৬২৭ কোটি টকালৈ হ্ৰাস

0 13
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৪ জুনঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এবছৰীয়া কাৰ্যকালত ৰাজ্যৰ শক্তি খণ্ডৰ ব্যাপক সংস্কাৰ সাধন হৈছে। দায়িত্বভাৰ গ্ৰহণৰ পাছতে চৰকাৰখনে শক্তি খণ্ডৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি কেতবোৰ সংস্কাৰ সাধন কৰিছিল। যাৰ পৰিপ্ৰেক্ষিতত বিগত এটা বছৰতেই শক্তি খণ্ডটোৰ অভ্যন্তৰীণ চেহেৰা সলনি হৈছে। নতুন চৰকাৰখন গঠনৰ বিগত এই সময়চোৱাত অভূতপূৰ্ব ৰাজহ সংগ্ৰহেৰে উন্নয়নৰ দিশলৈ গতি কৰিছে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এ পি ডি চি এল)। বছৰ বছৰ ধৰি বিদ্যুৎ মাচুল আদায় নিদিয়া গ্ৰাহকসকলক এই সময়ছোৱাৰ ভিতৰত মাচুল আদায় দিবলৈ বাধ্য কৰোৱাই নহয়, চৰকাৰী খণ্ডৰ অনাদায় মাচুলো নিয়মীয়া কৰিবলৈ সক্ষম হৈছে। অসম শক্তি বিতৰণ কোম্পানী লিমিডেটৰ তথ্য অনুসৰি ২০২১ চনৰ জুনৰ পৰা চলিত বৰ্ষৰ মাৰ্চ মাহলৈ মাত্র দহ মাহৰ ভিতৰত অভূতপূৰ্ব ৰাজহ গ্ৰাহকৰ পৰা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। নতুন চৰকাৰখনে ২০২১ চনৰ মে’ত শাসনভাৰ গ্ৰহণ কৰিছিল আৰু এটা মাহ পাছৰ পৰাই অনাদায় মাচুলকে ধৰি সকলো ধৰণৰ মাচুল সংগ্রহ নিয়মীয়া হৈ পৰে। এই দহ মাহৰ ভিতৰত নিৰ্ধাৰিত ৫৬৫৯ কোটি টকাৰ বিপৰীতে ৬০৫৪ কোটি টকা গ্ৰাহকৰ পৰা ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। অর্থাৎ ১০৭ শতাংশ ৰাজহ সংগ্ৰহ কৰে। বছৰ বছৰ ধৰি অনাদায় হৈ থকা চৰকাৰী বিভাগসমূহেও এই সময়ছোৱাত নিয়মীয়াকৈ মাচুল আদায় দিয়ে। ৰাজ্য চৰকাৰৰ ৯টা বিভাগে দহ মাহৰ ভিতৰত আদায় দিয়ে ১৮৫.৮১ কোটি টকা। এই ৯ বিভাগৰ উপৰি আন চৰকাৰী বিভাগসমূহেও নিয়মীয়াকৈ মাচুল আদায় দিয়া বুলি সদৰী কৰিছে এ পি ডি চি এল কর্তৃপক্ষই। নিয়মীয়া মাচুলৰ লগতে বকেয়া মাচুল লাভ কৰাৰ ফলত চলিত বৰ্ষৰ মার্চ পর্যন্ত এ পি ডি চি এলে মাত্র ৬২৭ কোটি টকাহে বকেয়া ৰাজহ পাবলৈ বাকী থাকে। উল্লেখ যে নতুন চৰকাৰখনে শাসনভাৰ লোৱাৰ সময়ত এ পি ডি চি এলে লাভ কৰিবলগীয়া বকেয়া অর্থাৎ অনাদায় ৰাজহৰ পৰিমাণ আছিল প্রায় ২২০০ কোটি টকা। নতুন চৰকাৰখনে আৰক্ষীৰ সহায়ত ৰাজহ সংগ্ৰহত কঠোৰ পদক্ষেপ গ্ৰহণ কৰাত চলিত বৰ্ষৰ মাৰ্চ পর্যন্ত ৬২৭ কোটি টকালৈ অনাদায় বকেয়া ৰাজহ হ্রাস পায়। এপ্ৰিল আৰু মে’ মাহত অনাদায় ৰাজহৰ পৰিমাণ আৰু হ্রাস পোৱা বুলি জানিব পৰা গৈছে। এ পি ডি চি এল কৰ্তৃপক্ষই সদৰী কৰা অনুসৰি চৰকাৰী বিভাগসমূহৰ অনাদায় ৰাজহ প্রায় সংগ্রহ হৈছে। ৰাজহ সংগ্ৰহ প্ৰক্ৰিয়াটো নিয়মীয়া কৰাৰ বাবে প্রতি মাহৰ ১৫ তাৰিখত ভিতৰত গ্রাহকক বিল দিয়া ব্যৱস্থা কৰাৰ লগতে গ্রামাঞ্চলত স্থানীয় যুৱকক এজেণ্ট হিচাপে নিয়োগ কৰাত বিশেষ সফলতা লাভ কৰা বুলি এ পি ডি চি এল কর্তৃপক্ষই images 29জানিবলৈ দিয়ে। শক্তি খণ্ডৰ ৰাজহ সংগ্ৰহৰ গতি যাতে অনাগত দিনত নিম্নগামী নহয়, সেই দিশৰ প্ৰতি লক্ষ্য ৰাখি এই সময়েছোৱাত এ পি ডি চি এলে আন্তঃগাঁথনি উন্নত কৰাত বিশেষ গুৰুত্ব দিছে। সেইদৰে গ্ৰাহকক বিদ্যুৎ সংযোগ দিয়া কাম-কাজো তৎপৰতাৰে আগুৱাই নিছে। দীনদয়াল উপাধ্যায় গ্রামজ্যোতি যোজনাৰ অধীনত ৩.৮১ লাখ পৰিয়ালক বিদ্যুৎ সংযোগ দিয়াৰ লগতে ৬০ হাজাৰখন প্রাথমিক বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰত ‘সোণালী শৈশৱ বিকশিত অসম’ আঁচনিৰ অধীনত বিদ্যুৎ সংযোগ দিয়া হৈছে। সেইদৰে ১০০০টা ট্রেন্সফর্মাৰ বিতৰণ কৰাৰ লগতে ৪২০০টা ট্রেন্সফৰ্মাৰ মেৰামতি কৰি ব্যৱহাৰৰ উপযোগী কৰা হয়। ইয়াৰ বাবে এই সময়ছোৱাত চৰকাৰে এ পি ডি চি এলক ২৫০.০৮ কোটি টকা আবণ্টন দিয়ে। ইফালে ৰাজ্যৰ চাহিদা অনুপাতে নিজাকৈ বিদ্যুৎ উৎপাদনতো গুৰুত্ব দিছে এ পি জি চি এলে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More