ৰাজ্যৰ শক্তি বিভাগৰ শ শ অস্থায়ী কৰ্মচাৰীৰ হাহাকাৰঃ  আন্দোলনৰ হুংকাৰ

0 14

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ ৬ ফেব্ৰুৱাৰী ; ৰাজ্যৰ শক্তি বিভাগৰ শ শ অস্থায়ী কৰ্মচাৰীক বিভাগীয় ভাবে স্থায়ী নিযুক্তি দিয়াৰ পৰিবৰ্তে শক্তি বিভাগে পৰৱৰ্তী সময়ত লোৱা সিদ্ধান্ত কিছুমানক লৈ অন্ধকাৰ ভৱিষ্যতৰ দিশত গতি কৰিছে অস্থায়ী কৰ্মচাৰী সকল । এই ক্ষেত্ৰত বিভাগৰ হঠকাৰী সিদ্ধান্তৰ বাবে বহু কৰ্মচাৰীয়ে মৃত্যুৰ দৰে পথ আঁকোৱালি লব লগীয়া হোৱাৰ দিশত বুলি আজি অভিযোগ উত্থাপন কৰিছে আসাম ষ্টেট আউটচৰ্চ পাৱাৰ ৱকাৰ্ছ ইউনিয়নে । শক্তি বিভাগত বহু বছৰ ধৰি নিয়োজিত অস্থায়ী কৰ্মচাৰী সকলে আজি প্ৰায় দুবছৰ ধৰি এই সমস্যাৰ সমাধানৰ বাবে দাবী জনাই আহিছে যদিও শক্তি বিভাগে অস্থায়ী কৰ্মচাৰীসকলৰ দাবীৰ প্ৰতি গুৰুত্ব দিয়া নাই । বৰ্তমান সময়ত উত্তৰ লখিমপুৰ বিদুৎ চক্ৰৰ চক্ৰ বিষয়া কাৰ্য্যালয়ে অসম চৰকাৰৰ তথা শক্তি মন্তালয়ৰ বহু প্রত্যাশিত স্মার্ট মিটাৰ ঘৰে ঘৰে সংযোগ কৰিছে । এতিয়া অতি পৰিতাপৰ বিষয়টো হ’ল আজি প্ৰায় দুবছৰৰ পৰা অস্থায়ী কৰ্ম্মচাৰী বিষয়টো সমাধান বিচাৰি আবেদন নিবেদন কৰি চৰকাৰ আৰু বিভাগক জনাই আহিছে, কিন্তু কোনো ধৰণৰ সঁহাৰি নোপোৱাত পৰিপ্ৰেক্ষিতত মৃত্যু হোৱাৰ দিশত বহু অস্থায়ী মিটাৰ ৰিডাৰৰ জীৱন। Assam State Outsource Power Workers Unionয়ে শক্তি বিভাগৰ পৰা সঁহাৰি নাপাই অসমৰ বৌদ্ধিক মহল তথা সচেতন নাগৰিকৰ লগতে দল সংগঠনক এই ক্ষেত্ৰক হস্তক্ষেপ বিচাৰিছে । তেওঁলোকৰ অভিযোগ বহু বছৰ ধৰি শক্তি বিভাগৰ এজন নিৱনুৱা অস্থায়ী মিটাৰ ৰিডাৰে ঘৰে ঘৰে গৈ বহু প্ৰত্যাহ্বান নেওচি সামান্য পাৰিশ্রমিকত কাম কৰি পৰিয়ালটো পোহপাল দি আহিছিল লগতে ভৱিষ্যতত চাকৰিটো নিয়মীয়াকৰণৰ আশাও কৰিছিল। এতিয়া যদি চৰকাৰে সেই খাটি খোৱা অস্থায়ী বিদ্যুৎ কৰ্মীক কৰ্মক্ষেত্ৰৰ পৰা খেদি পঠিওৱাৰ বাবে স্মার্ট মিটাৰ ব্যৱস্থা কৰে আৰু সেই ঠাই সমূহৰ মিটাৰ ৰিডাৰক সংস্থাপনৰ ব্যৱস্থা কৰি নিদিয়ে, তেন্তে এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হব । Assam State Outsource Power Workers Unionয়ে বিভাগ তথা চৰকাৰক সকীয়াই দি কয় – যদি অন্যায় কৰি অস্থায়ী কৰ্মীৰ নাম নাইকীয়া কৰে তেন্তে পৰৱতী সময়ত তীব্ৰ আন্দোলনৰ মাধ্যম হাতত লৈ অনির্দিষ্ট কালকৈ কাম কাজ বৰ্জন কৰিব। ইয়াত বাবে সন্থা জগৰীয়া নহবা বুলি চৰকাৰক সকীয়নি দিছে । এই সন্দৰ্ভত আজি ইউনিয়য়ে স্মাৰ্ট মিটাৰ সংযোগ কৰিব বিচৰা এলেকাৰ মিটাৰ ৰিডাৰ সকলক বিভিন্ন স্থানত কৰ্মস্থাপন দিয়া আৰু স্মাৰ্ট মিটাৰ আঁচনিক ৰূপায়ন কৰাৰ আগতে বছৰ বছৰ ধৰি মিটাৰ ৰিদিঙৰ লগত জড়িত সকলো ৰিডাৰৰ লগতে সকলো কাৰিকৰী অস্থায়ী কৰ্মীৰ চাকৰিসমূহৰ নিয়মীয়াকৰণৰ সন্দৰ্ভত আলোচনা কৰা আৰু ই সুবিধাৰ বিলিং প্ৰক্ৰিয়াত ভৱিষ্যতে যাতে ঠিকাদাৰৰ অধীনলৈ নাযায় তাক লৈও আলোচনাৰ দাবী কৰি এক স্মাৰক পত্ৰ শক্তি বিভাগক প্ৰদান কৰে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More