ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিঃ জিলা উপায়ুক্তৰে মুখ্যমন্ত্রীৰ পৰ্যালোচনা বৈঠক 

0 30
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩০ জুনঃ ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি আৰু বানপীড়িত লোকসকললৈ আগবঢ়োৱা সাহায্য ব্যৱস্থাৱলী পৰ্যালোচনা কৰাৰ বাবে আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি জিলা উপায়ুক্তসকলৰ সৈতে এক বৈঠকত মিলিত হয়। বানপানীৰ ক্ষয়ক্ষতি, সাহায্য-সামগ্ৰী প্ৰদান সম্পৰ্কত লোৱা ব্যৱস্থাৱলীৰ বিতং বুজ লৈ বানত প্ৰভাৱিত হোৱা কোনো ব্যক্তিয়েই যাতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰিবলগীয়া সাহায্যৰ পৰা বঞ্চিত হ’ব লগা নহয় সেয়া সুনিশ্চিত কৰিবলৈ তেওঁ উপায়ুক্তসকলক নিৰ্দেশ দিয়ে। চৰকাৰে স্থাপন কৰা আশ্ৰয় শিবিৰৰ উপৰিও যিসকল লোকে ৰাষ্ট্ৰীয় ঘাইপথ, ৰে’লপথ আদিৰ দৰে ঠাইত নিজাববীয়াকৈ আশ্ৰয় গ্ৰহণ কৰি আছে তেনে প্ৰতিটো পৰিয়ালে বস্ত্ৰ, ঘৰুৱা আচ-বাব আদিৰ ক্ষতিপূৰণৰ বাবদ ৩,৮০০ টকাকৈ লাভ কৰিব। এই উদ্দেশ্যে আজিৰ পৰ্যালোচনা বৈঠকত এনেদৰে আশ্ৰয় গ্ৰহণ কৰি থকা লোকসকলৰ এখন তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্রীয়ে। কাইলৈৰ পৰা আৰম্ভ হ’বলগীয়া এই গৃহ জৰীপ কাৰ্যৰ ভিত্তিত ১৫ জুলাইৰ ভিতৰত এখন তালিকা প্ৰস্তুত কৰা হ’ব। এই তালিকাখন প্ৰতিখন জিলাৰ অভিভাৱক মন্ত্ৰী তথা সচিবে ক্ষেত্ৰভিত্তিক পৰিদৰ্শন কৰি ইয়াৰ সত্যাসত্য নিৰূপণ কৰিব। পৰৱৰ্তী ২০ জুলাইৰ পিছত গৃহ ক্ষতিগ্ৰস্ত হোৱা লোকসকলক সাহায্যৰ ধনৰাশি প্ৰদান কৰা হ’ব। বৈঠকতে সাম্প্ৰতিক বানত ক্ষতিগ্ৰস্ত হোৱা পশুধন, তাঁতশাল ধৰি অন্যান্য সামগ্ৰী বা কোনো ব্যক্তি যদি বানত শাৰীৰিকভাৱে আঘাতপ্ৰাপ্ত হৈছে সেই সন্দৰ্ভত এখন তালিকা প্ৰস্তুতৰ বাবে মুখ্যমন্ত্রীয়ে নিৰ্দেশ দিয়ে। সমগ্ৰ সাহায্য প্ৰদান তথা পুনৰ সংস্থাপন প্ৰক্ৰিয়াটো ১৫ আগষ্টৰ ভিতৰত যাতে সম্পূৰ্ণ হয় সেয়া সুনিশ্চিত কৰিবলৈ উপায়ুক্তসকলক মুখ্যমন্ত্রীয়ে নিৰ্দেশ দিয়ে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত সাম্প্ৰতিক বানত যিবোৰ মথাউৰি তথা পথ ক্ষতিগ্ৰস্ত হৈছে সেইসমূহৰ আন্তঃগাঁথনিৰ মেৰামতিৰ কাম ৰাজ্য চৰকাৰে আৰম্ভ কৰিব। শিবিৰ অথবা অন্য স্থানত আশ্ৰয় গ্ৰহণ কৰি থকা বান প্ৰভাবিত যিসকল ছাত্ৰ-ছাত্ৰীৰ কিতাপ-পত্ৰকে ধৰি প্ৰয়োজনীয় শিক্ষণ আচ-বাব পত্ৰ বিনষ্ট হৈছে সেইসকল বিদ্যাৰ্থীৰ পৰৱৰ্তী পৰ্যায়ত অধ্যয়নৰ সুবিধাৰ্থে ৰাজ্য চৰকাৰে ১,০০০ টকাকৈ প্ৰদান কৰিব। ইয়াৰ বাবে ১৫ জুলাইৰ ভিতৰত এখন তালিকা প্ৰস্তুত কৰিবলৈও মুখ্যমন্ত্রীয়ে উপায়ুক্তসকলক নিৰ্দেশ দিয়ে। আজিৰ এই ভিডিঅ’ কনফাৰেন্সৰ সময়ত মন্ত্ৰী অশোক সিংহল, পীযূষ হাজৰিকা, নন্দিতা গাৰ্লোছা, মুখ্য সচিব জিষ্ণু বৰুৱাকে ধৰি কেইবাগৰাকী জ্যেষ্ঠ বিষয়া আৰু ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে উপায়ুক্তসকলৰ সৈতে অভিভাৱক মন্ত্ৰী, সচিব তথা বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More