ৰাজ্যৰ ১৮৫ খন মহাবিদ্যালয়লৈ হিৰোৰ দুচকীয়া বাহন

0 19

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৬ আগষ্ট: দেশৰ আগশাৰীৰ দুচকীয়া বাহন নিৰ্মাতা প্ৰতিষ্ঠান হিৰো মট’কৰ্প লিমিটেডে চি এছ আৰৰ অধীনত শিক্ষা বিভাগৰ সহযোগত ৰাজ্যৰ মুঠ ১৮৫ খন মহাবিদ্যালয়ক দুচকীয়া বাহন প্ৰদান কৰে। এই উপলক্ষ্যে আজি গুৱাহাটীৰ লোক নিৰ্মাণ বিভাগৰ কনভেনচন এণ্ড ট্ৰেইনিং চেণ্টাৰত আয়োজন কৰা অনুষ্ঠ‍ানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে দুচকীয়া বাহন প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ভাষণৰ আৰম্ভনীতে মন্ত্ৰীগৰাকীয়ে শোক দিৱস উপলক্ষে ধেমাজি বিস্ফোৰণত প্ৰাণ হেৰুৱা সকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ বক্তব্যৰে কয় যে অহা ২৫ বছৰৰ ভিতৰত দেশে যেতিয়া স্বাধীনতাৰ এশটা বছৰ সম্পূৰ্ণ কৰিব সেই সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰতিগৰাকী নাগৰিকে আমাৰ দেশখনক এখন শ্ৰেষ্ঠ ৰাষ্ট্ৰ তথা বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে কাম কৰি যাব লাগিব। তেওঁ হিৰো মট’কৰ্প লিমিটেডক তেওঁলোকৰ এই প্ৰয়াসৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ প্ৰতিখন মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰী সকলক এণ্টাৰপ্ৰেনিয়াৰছিপ সম্পৰ্কীয় বিভিন্ন ধৰণৰ প্ৰশিক্ষণ বা এই ক্ষেত্ৰত তেওঁলোকক উৎসাহিত কৰাৰ বাবে অতি সোনকালে শিক্ষা বিভাগে এখনি এপেস্ক বডি গঠন কৰিব বুলি উল্লেখ কৰে। অনুষ্ঠানত আই আই ইৰ সমল ব্যক্তি সুপৰ্ণা বৰুৱাই উপস্থিত থাকি ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি এণ্টাৰপ্ৰেনিয়াৰছিপ সম্পৰ্কীয় বিভিন্ন তথ্য সদৰি কৰে। অনুষ্ঠানত শিক্ষা বিভাগৰ উপদেষ্টা ড° ননীগোপাল মহন্ত , আয়ুক্ত সচিব এম এছ মনিৱন্নন, উচ্চ শিক্ষাৰ সঞ্চালক ধৰ্মকান্ত মিলি, হিৰো মট’কৰ্পৰ বিষয়া বিকাশ শৰ্মাৰ লগতে বিভিন্ন মহাবিদ্যালয়ৰ অধ্যক্ষসকল উপস্থিত আছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More