ৰাজ্যৰ ২২,৬০১ গৰ‍াকী শিক্ষাৰ্থীক আনন্দৰাম বৰুৱা বঁটা প্ৰদান

0 18

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৭ ছেপ্টেম্বৰঃ ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শত‍াংশ বা ততোধিক নম্বৰ লাভ কৰা ৰাজ্যৰ ২২,৬০১ গৰ‍াকী শিক্ষাৰ্থীক আজি আনুষ্ঠানিকভাৱে আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰ‍া হয়। উল্লেখ যে পূৰ্বতে এই বঁটাত কম্পিউটাৰ দিয়া হৈছিল। এইবাৰ এই বঁটাত কৃতী শিক্ষাৰ্থীসকলক ১৬ হাজাৰকৈ টকা প্ৰদ‍ান কৰা হয়। বঁটাৰ বাবদ ৰাজ্যৰ ২২,৬০১ গৰাকী ছাত্র-ছাত্রীক মুঠ ৩৬,১৬,১৬,০০০ টকা প্ৰদান কৰা হয়। গুৱাহাটীত আজি কেন্দ্ৰীয়ভাৱে কামৰূপ আৰু কামৰূপ মহ‍ানগৰ জিলাৰ শিক্ষাৰ্থীসকলক বঁটা প্ৰদান কৰা হয়। এই উপলক্ষ্যে কলাক্ষেত্রৰ শ্ৰীমন্ত শংকৰদেৱ আন্তজাৰ্তিক প্ৰেক্ষাগৃহত আয়োজন কৰা অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে দহগৰাকী শিক্ষাৰ্থীক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰে। উল্লেখ যে বঁটাৰ ধনৰাশি বেংক একাউণ্ট যোগে শিক্ষাৰ্থীসকলক দিয়াৰ ব্যৱস্থা কৰা হয়। বঁটা প্ৰদান কৰি দিয়া ভাষণত মুখ্যমন্ত্রী শৰ্মাই শিক্ষাৰ্থীসকলক অনুপ্ৰ‍াণিত কৰাৰ বাবে বিদগ্ধ পণ্ডিত আনন্দৰাম বৰুৱাৰ কৰ্মজীৱনৰ অৱলোকন কৰে। মুখ্যমন্ত্রীয়ে লগতে কয় যে ২০০৫ চনত এই বঁটা প্ৰৱৰ্তন কৰ‍াৰ সময়ত ১২,৬৩৬ গৰ‍াকী শিক্ষাৰ্থীয়ে প্ৰথম বিভ‍গত উত্তীৰ্ণ হৈছিল ‌আৰু ২০২২ চনত সেই সংখ্যা ৬৫ হাজাৰলৈ বৃদ্ধি হৈছে। আগন্তুক পাঁচবছৰত এক লাখ শিক্ষাৰ্থীয়ে মেট্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণ হ’ব। অসমৰ শিক্ষাৰ্থীসকলৰ মাজত প্ৰতিযোগিতামূলক ভাৱ আৰম্ভ হৈছে বুলি উল্লেখ কৰি তেওঁ কয় অনাগত দুই-এটা দশকত সমগ্ৰ দেশতে অসমীয়া বিয়পি পৰিব। সম্ভাৱনীয়তাৰ দুৱাৰ মুকলি হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে প্ৰতিবছৰে নতুন মেডিকেল কলেজ হৈছে। সংখ্যাৰ কথা ক’বলৈ গ’লে হিচাপ কৰিবলগীয়া হয়। বৰ্ত্তমান মেডিকেলৰ আসন ১১০০ আছে যদিও এই সংখ্যা ৩০০০ হাজাৰলৈ বৃদ্ধি পাব। তেওঁ লগতে কয় যে অসম চৰকাৰে ৬৫ হাজাৰ বিদ্যালয়ৰ প্ৰতিপালন কৰে আৰু দিল্লীত আছে মাত্র ১২০০ বিদ্যালয়। দহ বছৰ ধৈৰ্য ধৰিলে অসম শিক্ষা জগতৰ শীৰ্ষত উপনীত হ’ব বুলি তেওঁ কয়। এইক্ষেত্রত তেওঁ সামগ্ৰিক প্ৰচেষ্টাৰ কথা উল্লেখ কৰে। তেওঁ শিক্ষাৰ্থীসকলক উদ্দেশ্যি কয় যে শিক্ষাৰ্থীসকলে নিজৰ জীৱনৰ উদ্দেশ্যক আৱিষ্কাৰ কৰিব লাগিব। অসমখনক আগুৱাই নিয়াৰ বাবে ম‍‍ানৱ সম্পদৰ প্ৰয়োজন আছে বুলি তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে। অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, শিক্ষা বিভাগৰ উপদেষ্টা ননী গোপাল মহন্ত, ছেবাৰ অধ্যক্ষ আৰ চি জৈন প্ৰমুখ্যে শিক্ষা বিভাগৰ ভালেসংখ্যক বিষয়া উপস্থিত আছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More