ৰাজ্যৰ ৩৭৪৩ খন সুলভ মূল্যৰ দোকান কৰ্তনঃ এজেণ্টৰ হাহাকাৰ

 ৰাজ্য চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তত ক্ষুব্ধ ব্যৱসায়ী 

0 17

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৩ মে ‘ : অসম চৰকাৰৰ কেবিনেট সিদ্ধান্ত অনুসৰি ৰাজ্যৰ ৫০ জনৰ তলৰ কাৰ্ড থকা উপভোক্তাৰ সুলভ মূল্যৰ কেন্দ্ৰ সমূহ কোনো ধৰণৰ চৰকাৰী জাননী নিদিয়াকৈ দোকান সমূহ হঠাৎ কৰ্তন কৰি দিয়াত সম্প্ৰতি ব্যৱসায়ীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।কেবিনেট সিধান্তৰ পাছতে উল্লেখিত সুলভ মূল্যৰ কেন্দ্ৰ সমূহ ওচৰৰ একাংশ দোকানৰ লগত সংলগ্ন কৰি দিয়াত কেন্দ্ৰ সমূহ বন্ধ হৈ যায় আৰু একোটা কেন্দ্ৰৰ ওপৰতে নিৰ্ভৰ কৰি পৰিয়াল পোহপাল দিয়া সকলৰ ক্ষেত্ৰত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । যি সময়ত ৰাজ্য চৰকাৰে ৰাজ্যৰ নিবনুৱা সমস্যা দূৰীকৰণৰ বাবে বিভিন্ন নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে তেনে সময়তে চৰকাৰৰ কেবিনেটে যোৱা ৮আগষ্ট/২০২১লোৱা সিদ্ধান্ত মৰ্মে সুলভ মূল্যৰ কেন্দ্ৰ সমূহ কৰ্তন কৰাত ৰাজ্যৰ ৩৭৪৩ জন সুলভ মূল্যৰ দোকানীৰ পৰিয়াল পৰিচালনাৰ ক্ষেত্ৰত হাহাকাৰ পৰিস্থিতিৰ মুখামুখি হৈছে । আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদ মেলত কৰ্তন যোৱা সুলভ মূল্যৰ দোকানী সন্থাৰ সাধাৰণ সম্পাদক অজিত হাজৰিকা, সভাপতি ৰাজেন দত্ত , উপদেষ্টা অতুল বৰুৱা উপসভাপতি প্ৰভাত সোণোৱালে জানিবলৈ দিয়া মতে ১৯৭২ চনৰ পৰা সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰ লৈ ব্যৱসায় কৰি পৰিয়াল পোহপাল দি আছিল । কিন্তু অসম চৰকাৰে সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ লগত হোৱা আলোচনা মৰ্মে ২০২২ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ৫০ জনৰ তলত উপভোক্তা থকা দোকানৰ এলটমেণ্ট জিৰ’ কৰি কৰ্তন কৰাত দোকানী সমূহ ভীষণ সমস্যাত পৰে । এনে পৰিস্থিতিত দোকানী সমূহ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় যদিও ৰাজ্য চৰকাৰক ব্যৱসায়ীসকলে পুনৰ দোকান সমূহৰ কৰ্তন ব্যৱস্থা প্ৰত্যাহাৰ কৰাৰ দাবী জনাইছে। ব্যৱসায়ীসকলৰ চৰকাৰৰ প্ৰতি অনুৰোধ চৰকাৰে তেওঁলোকৰ অনুজ্ঞাপত্ৰ কৰ্তন কৰিলে কৰক, কিন্তু ইয়াৰ বিপৰীতে তেওঁলোকক এককালীন সাহায্য প্ৰদান কৰক অথবা কৰ্মসংস্থাপন দিয়াৰ ব্যৱস্থা কৰক । ব্যৱসায়ীসকলৰ অভিযোগ সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ ৰাজ্যিক বিষয়ববীয়াই সুলভ মূল্যৰ কেন্দ্ৰ সমূহৰ লগত কোনো আলোচনা নকৰাকৈ চৰকাৰৰ সৈতে কেন্দ্ৰ সমূহ কৰ্তন সিধান্তত ঐক্যমত পোষণ কৰে আৰু দোকানী সমূহক দুৰ্দশাগ্ৰস্ত অৱস্থালৈ ঠেলি দিলে । উল্লেখ যে লখিমপুৰ জিলাত ১১৩ খন দোকান এই চৰকাৰী ব্যৱস্থাত কৰ্তন কৰা হৈছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More