ৰাজ্যৰ ৫ সহস্ৰাধিক অস্থায়ী বিদ্যুৎ কৰ্মীয়ে শীঘ্ৰে লব আন্দোলনৰ পথ

0 394

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১০ ছেপ্টেম্বৰঃ ৰাজ্যৰ ৫ হেজাৰ অস্থায়ী বিদ্যুৎ কৰ্মচাৰীয়ে শীঘ্ৰে নামিব আন্দোলনত আৰু যাৰ বাবে সমগ্ৰ অসমতে স্তব্ধ হৈ পৰিব বিদ্যুৎ সেৱা । নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল যোগে এই কথা ঘোষণা কৰিছে আউটচ’ৰ্চ পাৱাৰ ৱৰ্কাৰচ ইউনিয়নৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি কৃষ্ণ শৰ্মা, সম্পাদক দেৱৰাম টায়ে কেন্দ্ৰীয় নেতা পুতুল বৰুৱা , উত্তৰ লখিমপুৰ বিদ্যুৎ চক্ৰৰ সভাপতি সুনীল ফুকন ,আৰু যতীন দেউৰীয়ে । তেওঁলোকৰ অভিযোগ ৰাজ্যখনত ৫ হেজাৰ অস্থায়ী কৰ্মীয়ে শক্তি খণ্ডত কাম কৰি আছে যদিও ৰাজ্য চৰকাৰে এই সকল অস্থায়ী কৰ্মচাৰীৰ চাকৰি স্থায়ী কৰা নাই । শেহতীয়াকৈ অসম চৰকাৰে ৫ হেজাৰ চাকৰিৰ বিজ্ঞাপনৰ ব্যবস্থা কৰিছে শক্তি বিভাগত ।সেয়ে এই অস্থায়ী কৰ্মচাৰীৰ সকলৰ ভবিষ্যৎ এতিয়া অন্ধকাৰ হৈ পৰিছে । শক্তি খণ্ডটোত কেৱল ৪০ শতাংশ কৰ্মচাৰীহে স্থায়ী ভাবে কৰ্মৰত বুলি কৈ সংগঠনটোৰ নেতৃত্বই বাকী ৬০ শতাংশ কৰ্মচাৰী অস্থায়ী হিচাপে কৰ্মৰত বুলিও তথ্য সদৰী কৰে সংবাদ মেলত । যদিহে চৰকাৰে এই অস্থায়ী কৰ্মচাৰী সকলৰ কথা চিন্তা নকৰি নতুনকৈ নিযুক্তিৰ ব্যবস্থা কৰে তেতিয়াহলে এই ৫ হেজাৰ কৰ্মচাৰীয়ে শদিয়াৰ পৰা ধুবুৰীলৈকে ৰাজপথত গঢ়ি তুলিব তীব্ৰ আন্দোলন । উল্লেখযোগ্য যে বিগত ১০/১২ বছৰৰ পৰাই এই ৫ হেজাৰ কৰ্মচাৰীয়ে পৰ্য্যায়ক্ৰমে শক্তি বিভাগত সেৱা আগবঢ়াই আছে অস্থায়ী কৰ্মী হিচাপে ।সেয়ে সংবাদ মেল যোগে এই সকল অস্থায়ী কৰ্মীয়ে তেওঁলোকক তৎকালেই স্থায়ী ভাবে মকৰল কৰিবলৈ দাবী জনায় । কোনো নতুন নিযুক্তিৰ ব্যৱস্থা নলবলৈও চৰকাৰক দাবী জনায় ।তেওঁলোকে সংবাদ মেলত কয় – বছৰে বছৰে ৰদ বৰষুণ বতাহ ধুমুহা আদিত ক্ষতিগ্ৰস্ত হোৱা লাইন মেৰামতি কৰা, কোভিড মহামাৰীৰ সময়ত ৰাইজক বিদ্যুৎ যোগান নিয়মীয়া কৰোৱাৰ বাবে কাম কৰাৰ লগতে গোটেই বছৰটোত লোকচানত চলি থকা শক্তি বিভাগটোক ৩০০ কোটি লাভলৈ লৈ যোৱা শক্তি বিভাগৰ অস্থায়ী কৰ্মচাৰী সকলক বৰ্তমান চৰকাৰে পেটে ভাতে মৰাৰ চক্ৰান্ত কৰিছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More