ৰাষ্ট্ৰদ্ৰোহ আইনঃ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশলৈ ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ সংস্থাৰ আদৰণি

দেশৰ ভিতৰতে অসমতেই সৰ্বাধিক গোচৰ আছে

0 19

শতাব্দ বিশেষ প্ৰতিনিধি, ১৩ মে’: ভাৰতৰ উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰদ্ৰোহ সম্পৰ্কীয় আইনৰ ওপৰত অলপতে প্ৰদান কৰা ৰায়দানৰ প্ৰতি আদৰণি জনাইছে ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ সংস্থাই। এটা টুইটত সংস্থাটোৱে কৈছে যে, “শান্তিপূৰ্ণ ভাৱে সমালোচনা কৰা কাৰ্যৰ বিৰুদ্ধে চৰকাৰে নিৰ্বিচাৰে আৰু প্ৰায়ে প্ৰয়োগ কৰি অহা ৰাষ্ট্ৰদ্ৰোহ আইন পুনৰ বিবেচনা কৰিবলৈ আৰু এনে গোচৰত বন্দী হৈ থকাসকলক মুক্তি দিবলৈ ভাৰতৰ উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশৰ প্ৰতি আদৰণি জনাইছোঁ।” উল্লেখযোগ্য যে, কেন্দ্ৰীয় গৃহ দপ্তৰৰ তথ্য অনুযায়ী ২০১৪ চনৰ পৰা ২০১৯ চনৰ ভিতৰত দেশখনত মুঠ ৩২৬ টা ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ পঞ্জীয়ন হৈছিল আৰু ছজনক দোষী সাব্যস্ত কৰা হৈছিল। এই সময়ছোৱাত সমগ্ৰ দেশৰ ভিতৰতে অসমতেই সৰ্বাধিক এনে ৫৪ টা গোচৰ ৰুজু কৰা হৈছিল আৰু অভিযোগনামা দাখিল কৰা হৈছিল ২৬ টা গোচৰৰ বিপৰীতে। ইয়াৰে ২৫ টা গোচৰৰ শুনানি সম্পূৰ্ণ হৈছে যদিও কোনো এজনকেই দোষী সাব্যস্ত কৰা হোৱা নাই। এই সময়ছোৱাত উত্তৰ প্ৰদেশত ১৭ টা আৰু পশ্চিমবংগত ৮ টা এনে গোচৰ ৰুজু কৰা হৈছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More