ৰাষ্ট্ৰপতিৰ পুৰস্কাৰলৈ  ৰাজ্যৰ একমাত্ৰ শিক্ষক হিচাপে মিনাক্ষী গোস্বামীৰ নাম ঘোষণা

পাঁচ ছেপ্তেম্বৰত নতুন দিল্লীত বঁটা লব তেজপুৰ বিহগুৰিৰ চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিকৰ অধ্যক্ষাই 

0 95

শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৫আগষ্ট: ৰাজ্যৰ একমাত্ৰ শিক্ষক হিচাপে এইবাৰ ৰাষ্ট্ৰপতিৰ বঁটা লাভ কৰিব তেজপুৰৰ নিকটৱৰ্তী বিহগুৰিৰ চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা, ইংৰাজী বিষয়ৰ এগৰাকী শিক্ষয়িত্ৰী মিনাক্ষী গোস্বামীয়ে৷ উল্লেখযোগ্য যে,নৰ্থ ইষ্ট ৰাইটাৰ্চ ফৰামৰ সদস্য গোস্বামী এগৰাকী ক্ৰীড়া সংগঠকো ৷ তেজপুৰৰ মাজগাঁও ৰত্নপুৰ নিবাসী তথা চৰকাৰী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ প্ৰয়াত ড° লোহিত চন্দ্ৰ গোস্বামী আৰু গীতা গোস্বামীৰ কন্যা শিক্ষয়িত্ৰী গোস্বামীয়ে ২০০৭ত ভাৰতীয় চিকিৎসা সন্হাৰ দ্বাৰা আয়োজিত আন্তৰ্জাতিক নাৰী দিৱসতো পুৰস্কৃত হোৱাৰ লগতে ২০১৯ৰ গণতন্ত্ৰ দিৱসত ৰাজ্য চৰকাৰে তেওঁক মানৱ সম্পদ,কলা আৰু সংস্কৃতিৰ ক্ষেত্ৰত আগবঢ়োৱা নিস্বাৰ্থ সেৱাৰ বাবে সন্মানিত কৰিছিল ৷ তদুপৰি ২০১৮ত গোস্বামীয়ে ৰাজ্যিক শিক্ষকৰ বঁটাও অৰ্জন কৰাৰ উপৰি ২০১৬ত অইল শিক্ষা ৰত্ন পুৰস্কাৰো লাভ কৰিবলৈ সক্ষম হৈছে৷ এগৰাকী কবি হিচাপে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত সুপৰিচিত গোস্বামীয়ে দেশে বিদেশে কবিতাৰ বিভিন্ন কাৰ্যসূচীত অংশ লৈছে৷ দি চেনচুৱাচ জিফাৰ নামৰ গ্ৰন্থৰ ৰছয়িতা গোস্বামীয়ে এইবাৰ দেশৰ মুঠ ৪৬গৰাকী নিৰ্বাচিত শিক্ষকৰ ভিতৰত ৰাজ্যখনৰ একমাত্ৰ শিক্ষক হিচাপে এইবছৰৰ ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে আৰু তেওঁ অহা পাঁচ ছেপ্তেম্বৰত এই বঁটা নতুন দিল্লীৰ বিদ্যাভৱনত গ্ৰহণ কৰিব৷ শিক্ষয়িত্ৰী গোস্বামীৰ এই সাফল্যত অসম সাহিত্য সভা, শোণিতপুৰ জিলা সাহিত্য সভা, তেজপুৰ সাহিত্য সভা, বাণ থিয়েটাৰ, তেজপুৰ জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থা,শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ তৰফৰ পৰা তেওঁক অভিনন্দন জ্ঞাপন কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More