ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’লৈ সন্মান

0 21

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২০এপ্ৰিলঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’, অসমৰ তিনিচুকীয়া শাখাক জিলা আইন সেৱা প্ৰাধিকৰণ তিনিচুকীয়াই সংস্থাৰ সামাজিক দায়বদ্ধতাৰ লগতে মানৱ অধিকাৰৰ সুৰক্ষা আৰু ন্যায্যতা প্ৰাপ্তিৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকাৰে উৎকৃষ্ট কৰ্মাজিৰ বাবে সন্মানিত কৰে। সংস্থাৰ জামুগুৰিহাটস্থ ৰাজ্যিক সংবাদ বিষয়া মৃন্ময় কুমাৰ নাথে জানিবলৈ দিয়া মতে আনুষ্ঠানিক মানপত্ৰ প্ৰদান কাৰ্যসূচীত তিনিচুকীয়া জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব এফ ইউ চৌধুৰীকে ধৰি অন্যান্য বিষয়ববীয়া সকল উপস্থিত থাকে। অনুষ্ঠানটিত জিলা আইন সেৱা প্ৰাধিকৰণ তিনিচুকীয়াৰ সভাপতি দিপাংকৰ বৰাই সংস্থাৰ সমাজ পক্ষত থাকি আগবঢ়োৱা অৱদান আৰু কৰ্মৰজিৰ অতিশয় শলাগ লয়।সংস্থাৰ ৰাজ্যিক সংবাদ বিষয়াৰ বিবৃতিটোত ৰাজ্যিক সভাপতি নিশান্ত থৰ্ডে এই সন্মানৰ বাবে কৰ্মপ্ৰেৰণা লাভ কৰাৰ কথা উল্লেখ কৰি আমাৰ ৰাজ্যখনত আইনী সজাগতা, মানৱ অধিকাৰ আৰু ন্যায়ৰ বিষয়ে জনসাধাৰণৰ সজাগতাৰ লগতে ন্যায্যখিনি প্ৰাপ্তিৰ বাবে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’য়ে কাম কৰি আহিছে আৰু প্ৰতি মুহূৰ্তত সজাগ দৃষ্টি ৰাখি কাম কৰি যাব বুলি উল্লেখ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More