ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ ৰেংকিং-২০২১ৰ শীৰ্ষত মেঘালয়

0 17
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ জুলাই : মেঘালয়ে ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ ৰেংকিং-২০২১ত ‘বেষ্ট পাৰফৰ্মাৰ’ বঁটা লাভ কৰিছে। মেঘালয়ৰ উপৰি গুজৰাট আৰু কৰ্ণাটককো এই শাখাত এই বঁটাৰ বাবে নিৰ্বাচিত হৈছে। ষ্টাৰ্ট-আপ ইক’চিষ্টেমক সমৰ্থন সম্পৰ্কীয় ৰাজ্যসমূহৰ তৃতীয় সংস্কৰণৰ ৰেংকিঙৰ ফলাফল ৪ জুলাই সোমবাৰে নতুন দিল্লীত এক অনুষ্ঠানত প্ৰকাশ কৰে কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে। মুঠ ২৪খন ৰাজ্য আৰু ৭খন কেন্দ্ৰীয় শাসিত অঞ্চলে ৭টা সংস্কাৰ ক্ষেত্ৰ আৰু ২৬টা একচন পইণ্টৰ সৈতে এই অনুশীলনত অংশগ্ৰহণ কৰিছিল। এই ৰাজ্যসমূহক পাঁচটা গোটত ভাগ কৰা হৈছিল– শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী, শীৰ্ষ প্ৰদৰ্শনকাৰী, নেতা, উচ্চাকাংক্ষী নেতা আৰু উদীয়মান ষ্টাৰ্টআপ ইক’চিষ্টেম। মেঘালয়ক দিয়া স্বীকৃতি সন্দৰ্ভত ৰাজ্যিক পৰিকল্পনা বিভাগৰ এগৰাকী বিষয়াই কয় যে, ২০২০ চনৰ জানুৱাৰী মাহত ৰাজ্য চৰকাৰে ঔদ্যোগীকৰণৰ প্ৰসাৰৰ বাবে এক পৰিৱেশ তন্ত্ৰৰ সৃষ্টিৰ ক্ষেত্ৰত এক সমন্বিত হেঁচা দিবলৈ ২০২০ চনৰ জানুৱাৰী মাহত প্ৰাইম (প্ৰমোচন এণ্ড ইনকিউবেচন অৱ মাৰ্কেট ড্ৰাইভন এণ্টাৰপ্ৰাইজ) কাৰ্যসূচী আৰম্ভ কৰিছিল ৰাজ্যখনত। তেওঁ কয় যে, এই কাৰ্যসূচী উদ্যোগীসকলক এক মঞ্চ আৰু সুযোগ প্ৰদান কৰা আৰু উদ্যোগীকৰণক ৰাজ্যখনৰ জীৱিকাৰ পছন্দৰ পছন্দ হিচাপে গঢ়ি তোলাৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাৰ দৃষ্টিভংগীৰ বাস্তৱ ৰূপ। আৰু তাৰেই ফলশ্ৰুতিত ৰাজ্যখনে লাভ কৰিছে দেশৰ ভিতৰতে শীৰ্ষ স্থান।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More