ৰূপকোঁৱৰৰ ওপজা দিনঃ তেজপুৰৰ ঐতিহাসিক “পকী” গীতে মাতে মুখৰিত

তেজপুৰৰ বিভিন্ন অনুষ্ঠানৰ শ্ৰদ্ধাঞ্জলি

0 34

শতাব্দ প্ৰতিনিধি, তেজপুৰ ১৭ জুন: ৰূপান্তৰৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ১১৮ সংখ্যক ওপজা দিনটোত আজি ৰূপকোঁৱৰ গৰাকীৰ পৈতৃক গৃহ তেজপুৰৰ ঐতিহাসিক “পকী” ৰ প্ৰাংগন গীতে মাতে মুখৰিত হৈ পৰে।উল্লেখ্য যে, প্ৰতিকুল বতৰৰ মাজতে আজি অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ জ্যোতি ভাৰতী কৰ্তৃপক্ষই আয়োজন কৰা গীত মাতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বন্তি প্ৰজ্বলনেৰে আৰু পুষ্পাঞ্জলি অৰ্পনৰে শুভাৰম্ভ কৰে জ্যোতি ভাৰতীৰ ভাৰপ্ৰাপ্ত বিষয়া তথা জিলা সাংস্কৃতিক উন্নয়ন বিষয়া জিতেন কুমাৰ দাসৰ লগতে বিশিষ্ট সংগীতশিল্পী তথা জ্যোতি কলাকন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ লিখন শৰ্মা আৰু অসম সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক পংকজ বৰুৱাই ।শোণিতপুৰ জিলা কবি সন্মিলনৰ বিষয়ববীয়াৰ লগতে একাংশ শিল্পী কলাকুশলীয়ে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰা মুহূৰ্তত প্ৰবীণ বাঁহীবাদক নিতীশ শৰ্মা, জ্যোতি ভাৰতীৰ শিল্পী আলিম্পন চৌধুৰী, প্ৰণৱ লহকৰ, কন্ঠশিল্পী নিজৰা বৰা, ইন্দ্ৰানী তামুলী আদিয়ে সহযোগিতা আগবঢ়ায়।অসমৰ জাতীয় জীৱনৰ এই প্ৰাত:স্মৰণীয় পুৰোধা গৰাকীৰ ওপজা দিনটোৰ এই কাৰ্যসূচীৰ মাজতেই জ্যোতি ভাৰতীৰ ভাৰপ্ৰাপ্ত বিষয়া জিতেন কুমাৰ দাসে জ্যোতি কবিতা আবৃত্তি কৰি উঠি অহা প্ৰজন্মক পকী পৰিদৰ্শন কৰি শিল্পীগৰাকীৰ জীৱন দৰ্শন অনুধাৱন আহ্বান জনায়।আনহাতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ গ্ৰহণ কৰা অসম সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক পংকজ বৰুৱাই “পকী” অসমৰেই এক পূণ্য ক্ষেত্ৰ বুলি অভিহিত কৰি ওপজা দিনটোত অসম সাহিত্য সভাৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ৰূপকোঁৱৰ গৰাকীৰ স্মৃতি দিৱস ১৭ জানুৱাৰী শিল্পী দিৱস চৰকাৰী পক্ষৰ লগতে বিভিন্ন অনুষ্ঠানে ধাৰাবাহিক ভাবে উদযাপন কৰি আহিছে যদিও ৰাজ্যখনৰ ভিতৰত সম্ভৱত:তেজপুৰতেই তেজপুৰ সাহিত্য সভাৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে ওপজা দিনটোত উদযাপন কৰাৰ পিছত ৰাজ্যজুৰি বৰ্তমানে ওপজা দিন উদযাপিত হৈ আহিছে বুলি মন্তব্য কৰে। বৰ্তমানে ৰাজ্য চৰকাৰে এই ঐতিহাসিক “পকী” ৰ শৈলী অক্ষুন্ন ৰাখি উন্নীতকৰণৰ বাবে যি আঁচনি গ্ৰহণ কৰিছে সেই আঁচনিৰ জৰিয়তে “পকী” ৰ সম্পদ সমূহ বিজ্ঞান সন্মত ভাবে সংৰক্ষিত হোৱাই নহয় “পকী” অসমৰ পৰ্যটন ক্ষেত্ৰৰ অন্যতম আকৰ্ষণীয় মহৎ স্থল হ’ব বুলি আশা ব্যক্ত কৰে। এই ক্ষেত্ৰত শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো পকী পৰ্যবেক্ষণ কৰি অসমৰ প্ৰত্যেক লোককে অন্ততঃ এবাৰৰ বাবে হ’লেও “পকী” লৈ আহিবলৈ আহ্বান জনোৱাৰ প্ৰসংগই অনাগত সময়ত “পকী “য়ে আৰু অধিক প্ৰাসংগিকতা লাভ কৰাতো নিশ্চিত বুলি আশা ব্যক্ত কৰে।আনহাতে আজি ওপজা দিন উপলক্ষে তেজপুৰ সাহিত্য সভা ভৱনৰ সন্মূখত থকা ৰূপকোঁৱৰ গৰাকীৰ আবক্ষ মূৰ্তিত সম্পাদক দেৱব্ৰত শৰ্মাৰ নেতৃত্বত কাৰ্যনিৰ্বাহক সদস্য সকলে মাল্যৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে ৰূপকোঁৱৰৰ স্মৃতি বিজড়িত ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰতো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন হয়। একেদৰে তেজপুৰৰ ঘৰপৰাচুবুৰীৰ প্ৰহ্লাদ চন্দ্ৰ দাস স্মৃতি নৃত্যশালাৰ অধ্যক্ষা, নৃত্যশিল্পী দীপা দাসৰ জৰিয়তে শিক্ষাৰ্থী সকলে ৰূপকোঁৱৰৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি নৃত্যৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। একেদৰে সৃজনী সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষা মিতালী বৰঠাকুৰৰ নেতৃত্বতো শিক্ষাৰ্থী সকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি নৃত্য প্ৰদৰ্শন কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More