ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ বিজয়ী নিচান আৰু ঊষা- চিত্রলেখাৰ দৃশ্য গ্রহণ সমাপ্ত

0 19

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৩০ডিচেম্বৰ: ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ দুটা কালজয়ী গীতৰ দৃশ্য শ্ৰাব্য সঁফুৰা প্ৰথম বাৰৰ বাবে দেখা পোৱা যাব।সম্প্ৰতি দৃশ্য গ্ৰহণ সমাপ্ত হোৱা এই দৃশ্য শ্ৰাব্য সঁফুৰাৰ প্রযোজনা কৰিছে তেজপুৰৰ হৰিবিলাস আগৰৱালা মুভিজে আৰু এয়া কৰা হৈছে হিন্দী আৰু অসমীয়া দুয়োটা ভাষাত।উল্লেখযোগ্য যে এই বিশেষ সঁফুৰাৰ পৰিচালনা আৰু সংগীত অপৰূপ আগৰৱালাৰ।ইয়াত থকা প্রথম গীতটো হল ১৯১৭ ত জ্যোতিপ্ৰসাদে তেওঁৰ ১৪ বছৰ বয়সত ৰছনা কৰা প্ৰথমটো অসমীয়া আধুনিক গীত “কোনে গছে গছে পাতি দিলে ফুলৰে শৰাই, ৰাম ৰাম” আৰু দ্বিতীয়টো গীত হল ১৯৪৭ত দেশে স্বাধীনতা লাভকৰাৰ সময়ত ৰুপকোঁৱৰে ৰচনা কৰা “উৰ উৰ উৰ অভ্রভেদী উৰ” গীতটো৷ উল্লেখযোগ্য, দুয়োটা গীত মৌলিক সুৰত বাণীবদ্ধ কৰা হৈছে।আজি এই বিষয়ে প্ৰকাশ কৰে অপৰূপ আগৰৱালাই৷তেওঁ জানিবলৈ দিয়া অনুসৰি, গছে গছে গীতটোত কন্ঠদান কৰিছে উদীয়মান কন্ঠশিল্পী ভানুপ্রিয়াই আৰু উৰ উৰ উৰ গীতটোত সংস্কৃতা মালাকাৰে কণ্ঠদান কৰিছে।আনহাতে সংগীত ব্যৱস্থাপনাত আছে মানস জ্যোতি হাজৰিকা। হিন্দী গীতত কণ্ঠদান কৰিছে ৰিতুৰাণী মৌচুমীয়ে।উল্লেখযোগ্য যে, গছে গছে গীতটোৰ সুৰ সংগ্ৰহ জ্যোতি প্ৰসাদ ৰচনাৱলী গ্ৰন্থ আৰু উৰ, উৰ, উৰ সুৰ জ্যোতিপ্ৰসাদৰ ভাতৃ প্রয়াত কমলাপ্ৰসাদ আগৰৱালা আৰু প্ৰয়াত বিবেকানন্দ আগৰৱালাৰ।ইতিমধ্যে বিখ্যাত চিনেমাটোগ্ৰাফাৰ নাহিদ আহমেদে দৃশ্য গ্ৰহণৰ কাম সমাপ্ত কৰিছে।উল্লেখযোগ্য যে,এই বিশেষ দৃশ্য শ্ৰাব্য সঁফুৰাৰ সহকাৰী পৰিচালিকা হিচাপে পূৰ্ব্বশ্ৰী আগৰৱালা মহন্ত, ধাৰাবাহিক ৰক্ষাণ ৰাখী চুতীয়া, ব্যৱস্থাপনা উজ্জ্বল শ‍ইকীয়া, নৃত্য পৰিচালনা প্রতিভা শৰ্ম্মা আৰু পোহৰত বলেন বড়োৱে দায়িত্ব পালন কৰাৰ লগতে অভিনয়ত অনামিকা শ‍ইকীয়া, পূৰ্ব্বশ্ৰী আগৰৱালা নৱকিশোৰ শ‍ইকীয়া, জাগৃতি শৰ্ম্মা, প্ৰেৰণা বৈশ্য, ময়ূৰৰাখী দাস, নিহাৰিকা দাস, বাণৰজাৰ ভাৱত প্ৰশান্ত বৰা, কুজী বুঢ়ীৰ ভাৱত তৰুলতা দাসৰ উপৰিও বাঁহবাৰী অঞ্চলৰ মহিলা গোটৰ সদস্য অমল প্ৰভা শ‍ইকীয়া, প্ৰেমেশ্বৰী শ‍ইকীয়া,বন্তী শইকীয়া, সংগীতা শ‍ইকীয়া, বিণু শ‍ইকীয়া, মমী বৰা, আইমনী বৰা, আজলী বৰা শ‍ইকীয়া, গৌৰী শ‍ইকীয়া দাস, হিমণী শ‍ইকীয়া, জিনা শ‍ইকীয়াই অংশ লৈছে। এই দৃশ্য শ্ৰাব্য সঁফুৰাখন ২০২৩ৰ শিল্পী দিৱস অৰ্থাত ১৭ জানুৱাৰীত বিভিন্ন বৈদ্যুতিন চেনেল সমূহৰ উপৰিও দূৰদৰ্শন অসমৰ জৰিয়েদি সম্প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰা হব। হৰিবিলাস মুভিজে জ্যোতি সংগীত পুথিখনৰ আৰু আন দহটা গীতৰ দৃশ্য গ্ৰহণৰে মৌলিক সুৰৰে ৰাইজলৈ আগবঢ়াই দিবলৈ পৰিকল্পনা কৰিছে।উল্লেখযোগ্য যে পুথি জ্যোতি সংগীতৰ স্বৰলিপি বিখ্যাত বেহেলা বাদক তেজপুৰৰ প্রয়াত মহেশ শ‍ইকীয়াৰ আৰু প্ৰকাশক অপৰূপ আগৰৱালা। পাশ্চত্য পদ্ধতিৰ স্বৰলিপি কৰিছে অসমৰে বিখ্যাত সংগীতজ্ঞ প্ৰয়াত ৰাজেশ্বৰ বৰদলৈয়ে ।ঐতিহাসিক বাণ থিয়েটাৰৰ সভাপতি মাননীয় বংকিম শৰ্মাই সম্প্ৰতি দৃশ্য গ্ৰহণ সম্পন্ন হোৱা দুটা জ্যোতি সংগীতৰ শুভ মহুৰত তেজপুৰৰ চিত্ৰলেখা উদ্যানত কৰিছিল৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More