ৰেগিং গোচৰত অভিযুক্ত ১৮ ছাত্ৰক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা বহিষ্কাৰ

0 44

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ নৱেম্বৰ : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই আনন্দ শৰ্মা ৰেগিং গোচৰত জড়িত থকাৰ অভিযোগত ১৮ জন ছাত্ৰক বহিষ্কাৰ কৰিছে। উল্লেখ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এম কমৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ আনন্দ শৰ্মাই ৰেগিঙৰ পৰা হাত সাৰিবলৈ বিশ্ববিদ্যালয়ৰ হোষ্টেল বিল্ডিঙৰ দ্বিতীয় মহলাৰ পৰা জঁপিয়াই পৰিছিল। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ একাংশ ছাত্ৰই আনন্দ শৰ্মাক শাৰীৰিক আৰু মানসিক দুয়োটা দিশতে অত্যাচাৰ চলাইছিল বুলি অভিযোগ উঠিছে। নিৰ্যাতন সহ্য কৰিব নোৱাৰি আনন্দই ৰেগিঙৰ পৰা হাত সাৰিবলৈ হোষ্টেল বিল্ডিঙৰ পৰা জঁপিয়াই পৰাৰ চৰম পদক্ষেপ লয়। আহত আনন্দ শৰ্মা সম্প্ৰতি ডিব্ৰুগড়ৰে আদিত্য চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰু অৱস্থা সুস্থিৰ বুলি উল্লেখ কৰা হৈছে। বিশ্ববিদ্যালয়ে বহিষ্কাৰ কৰা ১৮ জন ছাত্ৰ ‘ৰেগিঙৰ লগত জড়িত বুলি ধৰা পৰিছে’। ইফালে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰানোজ পেগুৱে এনে কাৰ্যকলাপ কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি উল্লেখ কৰি এই ঘটনাক গৰিহণা দিছে। ‘‘ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডক তীব্ৰ গৰিহণা দিছোঁ যাৰ ফলত এজন ছাত্ৰই গুৰুতৰভাৱে আঘাত পাইছে। ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু আৰক্ষীক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে। আমি এনেধৰণৰ কাম-কাজ সহ্য নকৰোঁ।”— শিক্ষামন্ত্ৰী ৰানোজ পেগুৱে এইদৰে কয়। শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে কয়— ‘’মই বিশ্ববিদ্যালয় কৰ্তৃপক্ষকো সজাগ হৈ থাকিবলৈ আৰু যেতিয়াই ৰেগিঙৰ কোনো প্ৰচেষ্টাৰ খবৰ আহিব তেতিয়াই শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। প্ৰাক্তন ছাত্ৰ-ছাত্ৰীক হোষ্টেলত থাকিবলৈ দিয়া উচিত নহয়।” ইফালে ডিব্ৰুগড় আৰক্ষীয়ে এই গোচৰ সন্দৰ্ভত এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ লগতে আন তিনিজনক আটক কৰি ৰাখিছে। ধৃত ব্যক্তিজনৰ নাম নিৰঞ্জন ঠাকুৰ। “ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ আনন্দ শৰ্মাৰ অভিভাৱকে তাত থকা এটা হোষ্টেলত পাঁচজন লোকে ৰেগিং কৰাৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছিল। উক্ত এজাহাৰৰ ভিত্তিত অভিযুক্ত নিৰঞ্জন ঠাকুৰক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে আন ৩ জনক আটক কৰি ৰখা হৈছে। আহত ভুক্তভোগীৰ অৱস্থা সুস্থিৰ।”— এয়া হৈছে ডিব্ৰুগড়ৰ জিলা আৰক্ষী অধীক্ষকে সদৰী কৰা তথ্য। আনন্দ শৰ্মাৰ মাতৃ সৰিতা শৰ্মাই তেওঁৰ পুত্ৰক একাংশ শিক্ষাৰ্থীয়ে মানসিক আৰু শাৰীৰিকভাৱে ৰেগিং আৰু নিৰ্যাতন চলোৱাৰ অভিযোগত ডিব্ৰুগড় আৰক্ষী থানাত এফআইআৰ দাখিল কৰিছিল।316803575 3422959271272674 6984470907562727319 n এফআইআৰত অভিযুক্তই আনন্দ শৰ্মাক হত্যাৰ চেষ্টা চলোৱা, ধন লুট কৰা, ম’বাইল ফোন কাঢ়ি লোৱাৰ অভিযোগ উত্থাপন কৰা হৈছে। লগতে অভিযোগ কৰে যে অভিযুক্তয়ো তেওঁলোকৰ ভৱিষ্যতৰ প্ৰতিৰক্ষাৰ বাবে ষড়যন্ত্ৰ কৰি নিৰ্যাতিতৰ হাতত মাদক দ্ৰব্য ৰাখি আপত্তিজনক ফটো তুলিছিল। ভুক্তভোগীয়ে এফআইআৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ একাংশ প্ৰাক্তন ছাত্ৰ আৰু জ্যেষ্ঠ ছাত্ৰৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰিছে। এফআইআৰত নাম উল্লেখ কৰা আন অভিযুক্ত কেইজন হ’ল— ৰাহুল চেত্ৰী (প্ৰাক্তন ছাত্ৰ), দিব্যজ্যোতি গগৈ (তৃতীয় ষান্মাসিক, প্ৰায়োগিক ভূতত্ত্ব বিভাগ), সুব্ৰজ্যোতি বৰুৱা (তৃতীয় ষান্মাসিক, ৰাজনীতি বিজ্ঞান বিভাগ), নিৰঞ্জন ঠাকুৰ (তৃতীয় ষান্মাসিক, Centre for Physical Education), কল্যাণ দত্ত (তৃতীয় ষান্মাসিক, বুৰঞ্জী বিভাগ) তথা পদ্মনাথ গোহাঞিবৰুৱাৰ ছাত্ৰ নিবাসৰ কেইবাজনো আবাসী। এই অপৰাধত জড়িত থকাসকলৰ বিৰুদ্ধে ডিব্ৰুগড় আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ১২০বি/৩৪১/৩৯৫/৩০৭/১৪৩ ধাৰাত গোচৰ ৰুজু কৰা হৈছে। জানিব পৰা মতে, আনন্দ শৰ্মাই তেওঁক ৰেগিঙৰ লগতে হাৰাশাস্তি চলোৱা বুলি যোৱা ১৭ নৱেম্বৰত পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰ নিবাস (পিএনজিবিচিএন হোষ্টেল)ৰ ‘চি’ ব্লকৰ ৱাৰ্ডেনক ১০ জন ছাত্ৰৰ নাম উল্লেখ কৰি এক লিখিত অভিযোগ দাখিল কৰিছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More