‘ৰেভল’ন’ দেউলীয়া ! ৰিলায়েন্স-এ ক্ৰয় কৰাৰ সম্ভাৱনা

৯০ বছৰে সৌন্দৰ্য পিয়াসীৰ বুকুৰ কুটুম ঋণত পোত গৈছে 

0 30

শতাব্দ বিশেষ প্ৰতিনিধি, ১৯ জুন: মহিলাৰ প্ৰসাধন সামগ্ৰী বিশেষকৈ ‘নেইল প’লিছ’ আৰু ‘লিপষ্টিক’ৰ ক্ষেত্ৰত আন্তৰ্জাতিক সুনাম থকা ব্ৰেণ্ড ‘ৰেভল’ন’ৰ অৱস্থা এতিয়া শোচনীয়। ৯০ বছৰীয়া পুৰণি ব্ৰেণ্ডটোৱে ৩.৩১ বিলিয়ন ডলাৰৰ ঋণত পোত গৈ চলিত সপ্তাহতে দেউলীয়া ঘোষণাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আদালতত আৰ্জি পেছ কৰিছে। ১৯৩২ চনত নিউয়ৰ্ক মহানগৰত দুজন ইহুদী ভ্ৰাতৃ চাৰ্লছ আৰু যোছেফ ৰেভছন আৰু ৰসায়নবিদ চাৰ্লছ লেছমেনে প্ৰসাধন সামগ্ৰী প্ৰস্তুতৰ বাবে ৰেভল’ন নামৰ এই ব্ৰেণ্ডটো প্ৰতিস্থা কৰিছিল। ৰেভল’নে প্ৰথমবাৰৰ বাবে ডাইৰ সলনি পিগমেণ্ট ব্যৱহাৰ কৰি প্ৰস্তুত কৰা এক নতুন ‘নেইল-পলিছে’ বিশ্বৰ সৌন্দৰ্য পিয়াসী মহিলা সকলৰ মাজত আলোড়নৰ সৃষ্টি কৰিছিল আৰু পাছলৈ ফাউণ্ডেছন, কনচিলাৰ, ব্লাছ, হাইলাইটাৰ, লিপষ্টিক, আই শ্বেড’, মস্কৰাকে ধৰি কেশসজ্জাৰ বিভিন্ন সামগ্ৰী প্ৰস্তুত আৰু বিপণন কৰি বিশ্বৰ এটা শীৰ্ষস্থানীয় প্ৰসাধন ব্ৰেণ্ডলৈ পৰিণত হৈছিল।59193107 10927169 image a 2 1655474936401 প্ৰখ্যাত মডেল, অভিনেত্ৰী জেছিকা এলবা, জেছিকা বিয়েল, অ’লিভাৰ ৱাইল্ড, এছলে’ গ্ৰাহাম আদিয়ে প্ৰচাৰ আৰু পৃষ্ঠপোষকতা কৰা ৰেভল’ন আজি কেইবছৰমানৰ আগলৈকে বিশ্বজুৰি প্ৰসাধন সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত ‘এভন’ৰ পাছতে দ্বিতীয় সৰ্ববৃহৎ ব্ৰেণ্ড আছিল। মাথোন ১ ৰ পৰা ১০ বিলিয়ন ডলাৰৰ মূল্যৰে সম্প্ৰতি বিশ্বৰ বজাৰত ৰেভল’নৰ স্থান ২২। সামগ্ৰী বিতৰণ ব্যৱস্থাত দেখা দিয়া আঁসোৱাহ আৰু সামগ্ৰী যোগান নিয়মীয়া নোহোৱাৰ বাবেই ৰেভল’নৰ বিক্ৰীৰ পৰিমাণ দ্ৰুতগতিত হ্ৰাস হোৱাটো এটা অন্যতম কাৰণ হিচাপে বিশ্লেষক সকলে মত প্ৰকাশ কৰিছে। তদুপৰি যোৱা তিনিবছৰত সমগ্ৰ বিশ্বজুৰি ক’ৰনা অতিমাৰীৰ প্ৰাদুৰ্ভাৱ আৰু বজাৰত কিলী জানাৰ্ছৰ ‘কিলী কছমেটিকছ’, ৰিহান্নাৰ ‘ফেণ্টি বিউটী’ ইত্যাদি কেইবাটাও বিলাসী প্ৰসাধন ব্ৰেণ্ডৰ প্ৰৱেশে এসময়ত আধিপত্য বিস্তাৰ কৰা প্ৰায় শ বছৰ পুৰণি ‘ৰেভল’ন’ৰ অস্তিত্বলৈ এতিয়া সংকট নমাই আনিছে।
প্ৰায় দেউলীয়া হোৱাৰ উপক্ৰম হোৱা এসময়ৰ প্ৰখ্যাত প্ৰসাধন ব্ৰেণ্ডটোক অধিগ্ৰহণ কৰিবলৈ মুকেশ আম্বানীৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে চিন্তা-চৰ্চা কৰাৰ খবৰে ইতিমধ্যে চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই খবৰৰ পৰিণতিত এই সপ্তাহৰ অন্তত আমেৰিকাৰ শ্বেয়াৰ বজাৰত ৰেভল’নৰ শ্বেয়াৰৰ মূল্য বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ঘাইকৈ পেট্ৰোলিয়াম, দূৰসংযোগ ইত্যাদি ব্যৱসায়ৰ লগত জড়িত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে শেহতীয়াকৈ আন বিভিন্ন ক্ষেত্ৰলৈও বাণিজ্য সম্প্ৰসাৰণৰ বেলিকা ৰেভল’নৰ দৰে সুখ্যাতি থকা ব্ৰেণ্ড এটা ক্ৰয় কৰাৰ সম্ভাৱনা নথকা নহয়। অৱশ্যে ৰেভল’ন আৰু ৰিলায়েন্স দুয়োপক্ষই এই সন্দৰ্ভত এতিয়ালৈকে কোনো স্পষ্টীকৰণ আগবঢ়োৱা নাই।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More