ৰে’লযাত্ৰী দুই মহিলাৰ জিম্মাত ৩.৫০ কোটিৰ ব্ৰাউন চুগাৰ

ধৃত মহিলাই ডিমাপুৰৰ পৰা দুলীয়াজানলৈ কঢ়িয়াইছিল ড্ৰাগছ 

0 16

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১ জুন : গুৱাহাটীৰ কামাখ্যা পৰা তিনিচুকীয়াৰ লিডু অভিমুখে অহা ১৫৬০৩ নম্বৰৰ কামাখ্যা-লিডু এক্সপ্ৰেছত অভিযান চলাই আজি ৰে’ল আৰক্ষীৰ বিশেষ বাহিনীয়ে দুগৰাকী মহিলাৰ জিম্মাৰ পৰা বৃহৎ পৰিমাণৰ সন্দেহজনক ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হয় । মহিলা দুগৰাকীয়ে নিজকে ডিমাপুৰৰ শোভা চক্ৰৱৰ্তী আৰু ঝুমী বুলি পৰিচয় দিছে । তেওঁলোকে ৩০ টা কণ্টেইনাৰত ড্ৰাগছখিনি কঢ়িয়াই আনিছিল। জব্দ কৰা ব্ৰাউন চুগাৰখিনিৰ মূল্য প্ৰায় ৩ কোটি ৫০ লাখ টকা বুলি প্ৰকাশ । ধৃত মহিলা দুগৰাকীয়ে ব্ৰাউন চুগাৰখিনি ডিমাপুৰৰ পৰা দুলীয়াজানলৈ বুলি কঢ়িয়াই অনাৰ পথতে বিশেষ সূত্ৰে প্ৰাপ্ত তথ্যৰ ভিত্তিত ৰে’লৱে আৰক্ষীয়ে ব্ৰাউন চুগাৰখিনি জব্দ কৰে । জানিব পৰা মতে মহিলা দুগৰাকীয়ে ইয়াৰ পূৰ্বেও দুবাৰকৈ এইদৰে অবৈধ ড্ৰাগছ ডিমাপুৰৰ পৰা দুলীয়াজানলৈ সৰবৰাহ কৰিছিল । অভিযানকাৰী ৰে’ল আৰক্ষীৰ দলে কৰায়ত্ত কৰা দুই গৰাকী মহিলাক অধিক তথ্যৰ বাবে তিনিচুকীয়াত সোধপোছ অব্যাহত ৰাখিছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More