ৰেলেৰে বাংলাদেশলৈ যায় যদি সাজু হওঁক

মৈত্ৰী এক্সপ্ৰেছ সপ্তাহত পাঁচদিন, বন্ধন আৰু মিতালী এক্সপ্ৰেছ সপ্তাহত দুদিনকৈ চলাচল কৰিব

0 33

শতাব্দ বিশেষ প্ৰতিনিধি, ২০ মে’ :

সকলো ঠিকেই থাকিলে অহা ২৯ মে’ৰ পৰা ভাৰত আৰু বাংলাদেশৰ মাজত যাত্ৰীবাহী ৰে’ল চলাচল পুনৰ আৰম্ভ হ’ব। ইতিমধ্যে ভাৰতীয় ৰে’ল ব’ৰ্ডে ইয়াৰ বাবে জাননী জাৰি কৰিছে। ক’ভিড সংক্ৰমণৰ বাবে  ২০২০ চনৰ মাৰ্চ মাহৰ পৰা এই ৰে’ল সেৱা সাময়িক ভাৱে স্থগিত ৰখা হৈছিল। ইয়াৰ পূৰ্বে ভাৰতৰ পশ্চিমবংগৰ পৰা বাংলাদেশৰ ৰাজধানী ঢাকা আৰু খুলনালৈকে তিনিখন যাত্ৰীবাহী ৰে’লৰ নিয়মীয়া চলাচল আছিল। এই ট্ৰেইন তিনিখন আছিল কলকাতাৰ পৰা ঢাকালৈকে ‘মৈত্ৰী এক্সপ্ৰেছ’, কলকাতাৰ পৰা খুলনা লৈকে ‘বন্ধন এক্সপ্ৰেছ’ আৰু উত্তৰবঙ্গৰ নিউ জলপাইগুৰিৰ পৰা ঢাকালৈ ‘মিতালী এক্সপ্ৰেছ’। ‘মিতালী এক্সপ্ৰেছ’ৰ পুনৰ চলাচল ১ জুনৰ পৰাহে হ’ব বুলি ৰে’ল কৰ্তৃপক্ষই জনাইছে। ভাৰতীয় ৰে’ল কৰ্তৃপক্ষই জনোৱা মতে পূৰ্বৰ দৰেই মৈত্ৰী এক্সপ্ৰেছ সপ্তাহত পাঁচদিন, বন্ধন আৰু মিতালী এক্সপ্ৰেছ সপ্তাহত দুদিনকৈ চলাচল কৰিব। অহা ২৯ মে’ তাৰিখে নতুন দিল্লীৰ ৰে’ল ভৱনৰ পৰা বাংলাদেশৰ ৰে’ল মন্ত্ৰী নুৰুল ইছলাম সুজনৰ উপস্থিতিত ভাৰতৰ ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ডিজিটেল মাধ্যম যোগে এই ৰে’ল সেৱাৰ পুনৰ চলাচল আৰম্ভ কৰিব।
উল্লেখযোগ্য যে, কলকাতা আৰু ঢাকা কেন্টনমেন্টৰ মাজত চলাচল কৰা সম্পূৰ্ণ শীত-তাপ নিয়ন্ত্ৰিত ‘মৈত্ৰী এক্সপ্ৰেছে’ ৪০০ কিলোমিটাৰ ভ্ৰমণ কৰোঁতে সময় লয় প্ৰায় ৯ ঘণ্টা। কলকাতা আৰু খুলনাৰ মাজত চলাচল কৰা শীত-তাপ নিয়ন্ত্ৰিত ‘বন্ধন এক্সপ্ৰেছ’ এ ১৭২ কিলোমিটাৰ অতিক্ৰম কৰোঁতে সময় লয় প্ৰায় ৫ ঘণ্টা। নিউ জলপাইগুৰিৰ পৰা ঢাকা কেন্টনমেন্টলৈ যাত্ৰা কৰা শীত-তাপ নিয়ন্ত্ৰিত ‘মিতালী এক্সপ্ৰেছে’ ৫২৪ কিলোমিটাৰ অতিক্ৰম কৰোঁতে সময় লয় প্ৰায় ১২ ঘণ্টা।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More