ৰে’লৰ ইঞ্জিনৰ তলত শুই ১৯০ কিমি যাত্ৰা ! গয়া ষ্টেচনত উদ্ধাৰ যুৱক

0 17

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ জুন : গয়া ষ্টেচনত ৰে’ল থামোতেই ইঞ্জিনৰ তলৰ পৰা কাতৰ আর্তনাদ শুনিবলৈ পাইছিল চালকে। ইঞ্জিনৰ তলত উঁকি মাৰোতেই এজন যুৱকক দেখি চমকি উঠে তেওঁ। লৰালৰিকৈ ৰে’ল আৰক্ষী আৰু ষ্টেচন মাষ্টাৰক খবৰ দিয়ে। তাৰ পিছত যুৱকজনক উদ্ধাৰ কৰা হয়। প্লেটফর্মলৈ টানি তোলাৰ পিছতেই যুৱকজন সেই ঠাইৰ পৰা দৌৰি পলায়। এয়া সাৰনাথ বুদ্ধপূর্ণিমা এক্সপ্রেছৰ ঘটনা। ৰাজগীৰৰ পৰা ৰাওনা হৈছিল সাৰনাথ বুদ্ধপূর্ণিমা এক্সপ্রেছ। যোৱা ৬ জুন সোমবাৰে পুৱা ৪ বজাত গয়া ষ্টেচন পায়হি ট্রেইনখন। তেতিয়াই সেই যুৱকৰ বিষয়টো পোহৰলৈ আহে। কিন্তু কিদৰে ইঞ্জিনৰ তলত সোমাল যুৱকজন? কোন ঠাইৰ পৰা বা উঠিছিল? যিটো বিষয়ত ৰে’লকর্মীসকল সকলোতকৈ আশ্চর্যচকিত হৈছে, সেয়া হ’ল ইঞ্জিনৰ তলত প্রায় ১২ ঘণ্টা ধৰি কিদৰে শুই থাকিল যুৱকজন? তেওঁলোকৰ মতে, যি অৱস্থাত যুৱকজন উদ্ধাৰ কৰা হৈছে, সেই ঠাইত তেনেদৰে শুই থাকিলে কাৰোৰেই বচাৰ সম্ভাৱনা নাথাকে। কিন্তু কিদৰে এই যুৱকজন বাচি গ’ল সেইটোৱেই স্তম্ভিত কৰিছে গয়া ষ্টেচনৰ ৰে’লকর্মীসকলক। ৰে’লৰ সূত্রৰ খবৰ মতে, সাৰনাথ বুদ্ধপূর্ণিমা এক্সপ্রেছ ৰাজগীৰৰ পৰা গয়াৰ মাজত ছটা ষ্টেচনত ৰখায়। কেতিয়াবা দুই মিনিট, কেতিয়াবা আকৌ ১০ মিনিট। ৰে’লৰ দাবী— এই সময়ৰ ভিতৰত কাৰোৰে পক্ষে ইঞ্জিনৰ তলত গৈ আশ্রয় লোৱা সম্ভৱ নহয়। ৰে’লকর্মীসকলৰ অনুমান— ৰাজগীৰৰ পৰাই যুৱকজন উঠিছিল। যুৱকজনৰ পৰিচয় জনা হোৱা নাই। তেওঁক মানসিক ভাৰসাম্যহীন বুলিয়েই ধাৰণা কৰিছে ৰে’ল আৰক্ষীয়ে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More